…….নিতুমণি নাথ……. গুৱাহাটী বিশ্ববিদ্যালয়…..
নিৰৱে নিটালে শুই আছে
এতিয়া সি নিৰৱে নিটালে শুই আছে।
আগতে ঘূৰি ফুৰিছিল
যৌৱন চঞ্চল দেহাতো লৈ
পাহাৰ ভৈয়াম একাকাৰ কৰি
বিয়পাযই অমিয়া মাধুৰী
যুগ যুগ ধৰি বৈ আছিল
নিৰৱধিৰ তাৰ গতি
পখীৰ কলৱৰত
পুৱাইছিল দুখৰ ৰাতি…
পূৱৰ আমাজন
দিহিং পাটকাই…..
ন্যায় বিচাৰি হ’ল আধামৰা
দুখৰ বোজা বুকুত সামৰি
সি এতিয়া ল’লে জিৰণি
নাই কোনো স্পন্দন
নাই কোনো গতি
গতি আজি গতিহীন…..
মাথো
সাক্ষী হবলৈয়ে যেন
তাৰ নিঠৰ দেহটো
শুই আছে
নিৰৱে নিটালে……