……..অৰুপজ্যোতি কাকতি…….
কোন তুমি?
এই বাটে কিয় আহিছা?
এই বাটত মহিষাসুৰৰ শাসন
এই বাটত কাৰ্তিক পূজা অসহ্য !
সেই বাটে যোৱা ,
অচিন ঘাটত মই তোমাৰ পথৰ অনামী যাত্ৰী
সেই বাটে ৰক্তৰ নৈ বয় ,
হেঁপাহৰ ৰক্ত
সমতাৰ ৰক্ত..!
বৰ্ণ কি?
সেই বাটত দুই বৰ্ণৰ মিলন হয়
স্বৰবৰ্ণ আৰু ব্যঞ্জবৰ্ণৰ মিলন
এই বাটৰ দাঁতিত বৰ্ণৰ শ্ৰাদ্ধ হয়।
নিমন্ত্ৰণ প্ৰত্যাখ্যান
উদ্বেগৰ আত্মজাহ
ব্যভিচাৰীৰ সংলাপ
চতুৰৰ এই ৰণত
তেওঁ মৌন
আমি মৌন
ধৈৰ্য্য তোমাৰ শিবিৰৰ ছায়া
গম্ভীৰ বেদান্তৰ জোনাকী জোলোঙা
কত দিশহাৰাৰ অস্ত্ৰ,
এমুঠি সপোনৰ কৃষ্ণ কক্ষ
অনাহাৰে পোহৰাই বাটচ’ৰা
মেলানি মাগিছে
জয় কৰি ভালপোৱাৰ দিগন্ত….
শব্দৰ জালি ভাঙি
দুখীয়াৰ আৰ্তনাদ
আমি নহওঁ পৰাস্ত
সূৰ্য আজি সাক্ষী
গাই যাম
সোণালীৰ মৃত্যুত
যৌতুকৰ দাবী কৰি
তেওঁ আজি পথভ্ৰষ্ট…!!