?️…..প্ৰণামী দত্ত……
তুমি যদি মোৰ প্ৰেমিক হোৱা
মোৰ বাবে আনিব নালাগে ৰঙা গোলাপ
মাথোঁ ৰুই দিবা এজোপা এজাৰ
নেলাগে মোক ৰেষ্টুৰেণ্টলৈ নিবলৈ
পদপথত ৰৈ আমি চাহ খাম
কোলাহল মই ভাল নাপাওঁ
মাজে সময়ে নিজানত সময় পাৰ কৰিম দুয়ো
তুমিতো জানাই মই আৱেগ বোৰক
শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ
তুমি মোৰ নিস্তব্ধতাক শুনিবা
মাথোঁ এইখিনিয়ে বিছাৰিম মই
তুমি যদি মোৰ প্ৰেমিক হোৱা
নেলাগে মোক উপহাৰেৰে সজাব
মাথোঁ লৈ আহিবা মোৰ বাবে তোমাৰ কিছু সময়
নেলাগে প্ৰতিপলে মোৰ কথা ভাবিবলৈ
মাথোঁ বৰষুণত তিতিলে মোৰ কথা মনত পেলাবা
আৰু জোনটিলৈ চাই কেৱল মোৰ কথাই ভাবিবা
তুমি যদি মোৰ প্ৰেমিক হোৱা
মোৰ বাবে আনিব নালাগে ৰঙা গোলাপ
মাথোঁ ৰুই দিবা এজোপা এজাৰ গছ??
#ভালপোৱাবোৰ??