…..?প্ৰণামী দত্ত।?…..
তুমি অবিহনে,
ভাল নালাগে মোৰ একোকে
আবেলিৰ অস্ত যোৱা বেলিৰ ৰঙে
আৰু কঁপনিৰ নোতেলে হৃদয়ত
ঘৰমুৱা পক্ষীৰ কাকলিয়ে
নোতেলে অবুজ শিহৰণৰ ঢৌ।
তুমি অবিহনে,
হেঁপাহৰ ঘৰতো আৰু সজা নহ’ব
কেৱল কাগজতে থাকি যাব তাৰ অস্তিত্ব।
তুমি অবিহনে,
হৃদয় কঁপাই যোৱা শিহৰণবোৰে আৰু
আমনি নকৰে,
উজাগৰী নিশাৰ হেজাৰটা স্বপ্নই
আৰু মাতাল নকৰে মোক।
তুমি গুচি যোৱাৰ দিনা,
তোমাৰ লগে লগে সকলো গুচি গ’ল,
মোৰ ভিতৰত এতিয়া মইজনীয়ে কান্দে।
হৃদয়ৰ অটল গভীৰতাত লুকাই থকা
তোমাৰ কথাবোৰ এতিয়া ৰাতি
মোক শুব নিদিয়ে।
তুমি নজনাকৈয়ে মই তোমাৰ হৈ আছিলোঁ
প্ৰতিদিনে প্ৰতিপলে,
পুৱাৰপৰা ৰাতি শেষ প্ৰহৰলৈকে
যেতিয়া নিশাৰ অন্ধকাৰ গাঢ় হয়
তেতিয়া তোমালৈ মনত পেলাইছিলোঁ ।
তোমাৰ ভৰুণ ওঁঠত এটা হাঁহি হৈ মই
ওলমি থাকিব বিচাৰিছিলোঁ চিৰদিন,
তুমি বুজি নাপালা মোৰ হৃদয়ৰ
নোকোৱা ভাষা।
লতাগোলাপৰ এটা ডাল হৈ তোমাৰ
হাতত বগাব বিচাৰিছিলো,
আধাতে তুমি মোক এৰি গ’লা।
তুমি নজনাকৈয়ে এদিন তোমাৰ
কজলা চকুহালত আশাৰ
এটা পঁজাঘৰ সাজিছিলো,
চিৰন্তন দুখৰ মাজতো হাঁহিৰ এটা নিজৰা
বোৱাব বিচাৰিছিলো।
নাজানো কিহত ভুল হ’ল মোৰ।
নিজান ৰাতিৰ গভীৰতাত এটা বাঁহীৰ
সুৰ হৈ নিদ্ৰাৰত
এটা ইচ্ছাই জগাই তুলিব বিচাৰিছো,
মৌ-মাখিৰ গুণগুননিৰ দৰে গান হৈ
তোমাৰ কাণত ওৰে।
জীৱনলৈ এটা উন্মাদনাৰ নৈ-খন বোৱাব বিচাৰিছো।