আইতা ল’ এমুঠি ভাত
মহাজনৰ ঘৰৰ পৰা আনিছিলো ।
বহুদিন দেখাই নাই নহয়
পেটৰ ভাতমুঠি
ল’ খা ৰান্ধি দিছো
আৰু এইয়া মাছৰ পিটিকা
পদুমীহঁতৰ খালতে পালো চা
ভাজি দিবলৈও তেলকণ নাই
অঙঠাডোখৰতে কৱৈজনী পুৰি লুণকণৰে সানি দিছো
ল’চোন খা, গা-লৈ শকতি আহিব
তই আৰু ভোকত থাকিব নালাগে
মহাজনৰ তাতে হাজিৰা এটা ঠিক কৰিছো
জন্মৰ পৰা পেটত টঙালি মাৰিলো
কিমান লোকৰ হাতলৈ-মুখলৈ চাবি
কিমান ইননি-বিননি কৰিলো
শেষত যেনিবা ভাগ্যই লাগ দিলে আইতা
তোৰ হোলা মুখত হাঁহি বিৰিঙিব আইতা
হাঁহি বিৰিঙিব ।।
মেঘা বুঢ়াগোঁহাই
দশম শ্রেণী
বৰহাট জাতীয় বিদ্যালয়