সোঁৱৰণী

……প্ৰীতম শৰ্মা………

এটা সময় এনেকুৱাও আছিল

ঘৰচিৰিকা কেইজনীৰ খলকনিত দুচকু মেল খাইছিল
পদূলিৰ দুবৰিৰ চেঁচা পৰশত শৰীৰ সতেজ হৈছিল
ৰাতিপুৱা অনাতাঁৰৰ বাতৰিয়ে সময়ৰ উমান দিছিল

এটা সময় এনেকুৱাও আছিল

যেতিয়া সপোন বোৰ নিভাঁজ আছিল
দিঠক বোৰো কুঁহি পাতে সজাইছিল
খেলা ধূলা বোৰো ৬ ইঞ্চিত আবদ্ধ নাছিল

এটা সময় এনেকুৱাও আছিল

দুপৰ বেলা আঁহত জোপাৰ কোলা বিছনা হৈছিল
মৃদু বতাহ জাকেও মৰমেৰে চুলিত হাত বুলাইছিল
সন্ধিয়া পৰত গৰু জাকৰ খোজত পদূলি ধূলিয়ৰী হৈছিল
তুলসীৰ গুৰিত জ্বলি থকা চাকি গছিৰো এক স্বকীয়তা আছিল

এটা সময় এনেকুৱাও আছিল

যেতিয়া আকাশৰ তৰাৰে মিতিৰালি হৈছিল
চোতালত বিচনীৰ বা লগা দেহাই জিৰণি লৈছিল
দূৰৈত বিনাই থকা কেতেকী জনীও আপোন যেন লাগিছিল
টোপনিও যেন নমতা আলহী হৈ দুচকুত ধৰা দিছিল

এটা সময় এনেকুৱাও আছিল

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *