……ঋষিকা দাস……
তুমি চকু মুদিও সিদিনা সাৰে থাকিবা
মই দিয়া গৰম চাহৰ ধোঁৱা গুচাই মোৰ গালত হাত বুলাবা
আৰু মোক টানি তোমাৰ উশাহৰো সহভাগী কৰিবা,
মোৰ তিতা চুলিৰ ছিটিকি পৰা পানীৰে তুমি এঙামুৰি লবা
আৰু সেওঁতা ফালি শিৰত সেন্দুৰ কণ ও ঢালি দিবা
মই খোপা নাবান্ধো, খোলা চুলি হে তোমাৰ প্ৰিয়;
তোমাৰ বিষাদ খিনিৰে মোৰ চকুত কাজল আঁকিবা,
শাৰীৰ ভাঁজত থুপ খাই থকা পৃষ্ঠাবোৰ এবাৰ লুটিয়াই চাবা
আৰু পাৰিলে মোৰ পিঠিত ভিজা আঙুলিৰে তোমাৰ নাম টো লিখিবা
মই লিপষ্টিক নলগাও তথাপি
তোমাৰ ওঁঠৰ গুলপীয়া খিনিকে সানি দিবা
এইটো হব ‘আমাৰ’ পুৱা
হয়তোবা শ্ৰেষ্ঠ পুৱা
যেতিয়া দিগন্তৰ পৰা খোজ দিবা তুমি ,
মোৰ সপোনৰ বাট বুলি।।