শব্দবিহীন এটি কবিতা

….গাৰ্গী বৰুৱা….. ডিব্ৰুগড় বিশ্ববিদ্যালয়….

তোমাৰ পুথিভঁৰালত সন্নিবিষ্ট মোৰ আত্মজীৱনিখনক লৈ প্ৰশ্ন কৰো নে
ফাগুনৰ বতাহজাকত শীতল হ’বলৈ হাহাকাৰ কৰো ??
দ্ৰুত সময়ে চুৰমাৰ কৰিলে মোৰ সৃষ্টিৰ নিবন্ধন
শান্তিৰ মৰীচিকা খেদি খেদি পৰিণত হ’লো ডেউকাবিহীন চৰাইজনীলৈ

অস্বস্তিকৰ নিসংগতাক আনন্দৰে উপভোগ কৰিছো
অথচ ভয় লাগে প্ৰেমৰ ৰিমজিম বৰষুণজাকত তিতি জুৰুলি হ’বলে
ভয় লাগে ৰিমৰিম কৈ জ্বলা প্ৰেমৰ জুইকোৰাত উমাল হ’বলে
ভয় লাগে কাৰোবাৰ হাতত ধৰি একাঁ বেকাঁ বাটত চিধা চিধি খোজ দিবলে

আজি শৰৎৰ শেৱালিৰ গোন্ধত নাই প্ৰাণৰ মুগ্ধতা
ৰামধেনুৰ ৰঙবোৰত দেখা নাই আলিঙ্গনৰ স্ফুৰণ
সাগৰৰ নীলা পানীত দেখা নাই মোৰ অসংকাৰী প্ৰতিবিম্ব
কাৰণ নিৰসতাত ভাৰাক্ৰান্ত মোৰ কবিতা আজি শব্দবিহীন…

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *