…..প্ৰীতম শৰ্মা…..
মই শব্দৰ মালা গুঁঠি জনাব বিচাৰোঁ
মই মোৰ যৌৱনৰ সমস্ত কাহিনীৰ কথা কব বিচাৰোঁ
মই দুচকুৱে ঢুকি নোপোৱা ঠাইত তোমাক বিচাৰোঁ
মই উশাহ হৈ তোমাৰ হৃদয়ত বিলীন হব বিচাৰোঁ
হৃদয়ে তোমাৰ বিচৰা বোৰৰ অৰ্থ নহয় জানো মই
তুমি গুপুতে সাঁচি ৰখা হেঁপাহৰ আৰম্ভণি নহয় জানো মই,
নহয় জানো তোমাৰ সাতুৰঙি আশাৰ থল মই,
অতদিনৰ মৰম বোৰ বিলাই দিব বিচৰা জন নহয় জানো মই।
আজি কবলৈ আৰু থাকিল কি,
তুমি সময়ৰ অধীন হৈ মৌন হৈ ৰলা,
মই নতুন জীৱন বিচাৰি মিছা আশাত বন্দী হৈ ৰলো,
এনেয়ে আকৌ এবাৰ তোমাৰ নামত ভালপোৱাৰ গান ৰছিলোঁ।
তুমি অমানিশা হৈ আন্ধাৰ ছটিয়াই দিলা,
মই আন্ধাৰ বোৰ পূৰ্ণিমা বুলি ভাবি সপোন ৰছিলোঁ,
তুমি নকওঁ বুলি এতিয়া মৌন হৈ মোৰ সপোন ভাঙিলা,
মই মৰমৰ যোগ্য নহয় বুলি আশা বোৰৰ কবৰ সাজিলোঁ