স্মৃতি হব খোজা এটা সৰু সুঁতি (2)

……হেমা চহৰীয়া …..দৰং……

খণ্ড – ২

কাহিলি পুৱাতে উঠি অদিতিয়ে ঘৰৰ বাহি কাম বন কৰিলে | গা-পা ধুই শৰাই যা-যোগাৰ কৰি গিৰিয়েকক জগাই দিলে | পৱনে ৰাতিপুৱা চাহ নাখাই | বেছি fats হৈছে | সেয়ে fats কমাবলৈ খালী পেটত নেমুৰ লগত মৌ মিহলাই খাই | অদিতিয়ে নিজে খালী চাহ একাপ খাই জায়েক আৰু দ্ৰাইভাৰৰ সৈতে গাড়ীত বহিল গৈ | আহোতে কৈ আহিল সিহঁতৰ দেৰি হলে ভাত কেইটা যেন নিজে বনাই খাই | অদিতিৰ গিৰিয়েক বহুত ভাল মানুহ | কোনো দিন – কোনো কাৰনতে অদিতিক গালি-গালাচ পাৰা নাই এতিয়ালৈকে |
ঠিক ন বজাত অদিতিহত নামঘৰ ওলাল গৈ | জায়েকৰ ভায়েক নন্দই গাড়ী ৰখাৰ লগে লগে আগবাঢ়ি আহিল | নন্দক মাত লগাই বাইদেউয়েকৰ লগত নাম ঘৰত প্ৰৱেশ কৰিলে | অদিতিয়ে চাৰিওফালে চকু ফুৰালে নামঘৰৰ মুক্তাঙ্গন সুন্দৰ ডেকোৰেচন | ভিতৰ ভাগো অতি সুন্দৰ | শাৰী শাৰী কৈ পাতি থৈ দিয়া ঢাৰিত মানুহবোৰ এটাফালে বহি আছে | আনফালে পাঠকে ভাগৱতৰ তৃতীয় অধ্যায়ৰ বিদূৰ উদ্ধৱ সংবাদ পাঠৰ ব্যাখ্যা কৰি আছিল | বহু যোগী আৰু অন্যান্য মানুহেৰে ভৰি আছিল নামঘৰ | কাৰো কতো শব্দ নাই | ধূপ – ধূনাৰ গোন্ধে চাৰিওফালে মুখৰিত কৰি তুলিছিল | অদিতিৰ এনে লাগিছিল যেন এয়াই বৈকুন্ঠধাম | হঠাতে অদিতিৰ পাঠকৰ কাষত বহি থকা ডেকা যোগী জনৰ ওপৰত দৃষ্টি নিৱদ্ধ হ’ল | অদিতিৰ যোগীজনক কৰবাত দেখা যেন লাগিছিল | ক’ত দেখিছিল বাৰু ? ইমান চিনাকী যেন লাগিছে ! কোন হব পাৰে ?

আগলৈ……

(ভালপালে share কৰিব আৰু পঢ়ি কেনেকুৱা পালে commentত জনাব | আপোনালোকৰ comment বোৰে উৎসাহ বঢ়াব |)

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *