…..হেমা চহৰীয়া….. দৰং……
খণ্ড – ১
অদিতিৰ আবেলি ফুলনীত সোমোৱাটো এটা অভ্যাস | নাৰ্জী , তগৰ , গুটিমালী ,খৰিকাজাই , নয়নতৰা , শেৱালী , মুছন্দা আদি ফুলৰ যত্ন লোৱাৰ উপৰিও সিহঁতৰ লগত মনৰ কথা পাতে গুপুতে গুপুতে | চকী এখনত বহি জীৱনত এৰি অহা আৰু আহি পোৱা অলেখ কথাৰ মাজত বুৰ গৈছিল তাই ……
অদিতি এতিয়া অন্তসত্বা | বিয়াৰ প্রায় আঠ বছৰৰ মূৰত তাই মাক হবলৈ ওলাইছে | আদিত্যক লগ নোপোৱা হলে তাই বাৰু অন্তসত্বা হল হেতেন নে ? আদিত্যই জানিলে সি বাৰু ভাল পাবনে ? ক’ত আছে বাৰু সি ? তাৰ ঠিকনাটোও নিদিলে | তাক খৱৰটো জনাবলৈ তাইৰ বৰ মন গ’ল | এটাৰ পাছত এটাকৈ মনত পেলাই গ’ল তাক লগ পোৱা মূহুৰ্ত বোৰ …..
অদিতিৰ গিৰিয়েক পবনৰ ভায়েক তিনিজন | নয়ন , শৰৎ আৰু পব্ন | তাইৰ গিৰিয়েকেই সৰু | ডাঙৰজন নয়ন বৰুৱা ওচৰৰ হাইস্কুল এখনৰ কেৰাণী , মাজুজন শৰৎ বৰুৱা বি.এ পাছ কৰি ওচৰৰ চকতে এখন লাইন(Current)ৰ দোকান দিয়ে আৰু সৰুজন অৰ্থাৎ অদিতিৰ গিৰিয়েক হাইস্কুল এখনৰ বিজ্ঞানৰ শিক্ষক |মুঠতে আটাইৰে অৱস্হা বেয়া নহয় | অদিতিহঁতৰ বিয়াৰ আগতেই শহুৰ শাহু ঢুকাইছে | ভনীয়েক এজনী আছিল তাইকো অদিতিহঁতৰ বিয়াৰ আগতে উলিয়াই দিছে | অদিতিৰ বিয়াৰ পাছত সকলো ভাগ ভাগ হৈছে যদিও একেটা কেম্পাছতে থাকে |
ভায়েকহঁতৰ মাজত ভাল মিলা মিছা আছে |
অদিতিৰ সৰু জায়েকৰ ঘৰ ঘোপা গাঁৱত | সেই গাঁৱত প্রতি বছৰ সাত দিনিয়াকৈ ভাগৱত পাঠ হয় | বহু পাঠক আহে ভাগৱত পাঠ কৰে , বহু ভক্ত আহে বহু যোগীৰো আগমন হয় | যোগী সকলে হেনো বিভিন্ন ৰোগ ,ব্যাধীৰ ঔষধো দিয়ে | সেয়ে সৰু জায়েকে লগ ধৰিছিল অদিতিক তালৈ যাবলৈ | কিজানী অদিতিৰ আশাবোৰ পুৰন হয়েই | অদিতিয়ে গিৰিয়েকক কথাতো জনোৱাত তাইৰ যি ভালপায় বুলি কলে | গিৰিয়েক বিজ্ঞানৰ শিক্ষক তপ জপ বোৰত বিশ্বাস নাই |
আগলৈ……
(ভালপালে share কৰিব আৰু পঢ়ি কেনেকুৱা পালে commentত জনাব | আপোনালোকৰ comment বোৰে উৎসাহ বঢ়াব |)