…..অভিলাষ দাস…..
দূৰভাষৰ ইটো পাৰে জমি উঠিব পাৰেনে বৰফ ?
পাৰেনে জমি উঠিব এনে বৰফ
যাৰ বুকুত আছে চাংপোক ধৰি ৰাখিব পৰা অৱশাব্দিক উন্মাদ অনুকম্পা ?
অ’ মই শিল
অ’ মই নৰকাসুৰ
অ’ মই বেপৰোৱা
কিন্তু তোমাৰ মঙলতি ৰেখাত লিখি লোৱা নাছিলা জানো অজন্তা ইলোৰা ?
শিলবোৰ শিল
নে শিলবোৰ ফিনিক্স ?
ক্লেশ- ক্লান্তি , তৃষা আৰু অতৃপ্তি
কি জুইত জ্বলা নাই সভ্যতাযুৰি শিলবোৰ ?
হৰাপ্পাৰ অশ্বমেধ নে সত্যৰ আচঁল চিনা জীৱাশ্ম ,
তোমাৰেই কথা নাছিল জানো
মই তোমাৰ ভালপোৱাৰ অনন্ত কালৰ ভীষ্ম ?
কিমান ভাল পালে এজনে
আনজনৰ নামত নিলাম কৰি দিব পাৰে
নিজৰ যতমানে আত্মসন্মান ?
কিমান ভালপোৱা থাকিলে
মাজপথত আঠুঁ কাঢ়ি নিজকে ভিকহু সজাই
বেচি দিব পৰা যায় ল’ৰালিৰ চিলা অভিমান ?
কিমান ভালপোৱা থাকিলে দেখুৱাব পাৰি নিজৰ ছিগা চোলা ?
কিমান ভালপোৱা থাকিলে
ক’ব পাৰি নিজেও ভয় কৰা নিজৰ আন্ধাৰৰ কথা ?
কিমান ভালপোৱা থকাৰ পিছত ক’ব পাৰি মই সলনি হ’ম মূৰ্চ্ছনা !
তুমি মাত্ৰ ৰৈ যোৱা ।
ৰৈ যোৱা তুমি এই শিলৰ বুকুৰ এখন নৈ হৈ ,
ৰৈ যোৱা তুমি মোৰ কবিতা জনা হোষ্টেলৰ আলসুৱা ছাদঁ হৈ,
ৰৈ যোৱা তুমি মোৰ পুতিগন্ধময় ৰুমালৰ ফুল হৈ ,
ৰৈ যোৱা তুমি মোৰ অচল দেৱালত ওলমা
চলি থকা ভগাপুৰণা ঘড়ী হৈ !
ত্যাগেই যদি হয় ভালপোৱাৰ অদিম পৰিভাষা ,
ত্যাগ কৰো মই মোৰ আত্ম গৌৰৱ
ত্যাগ কৰো মই মোৰ সৰিয়হ সপোন
ত্যাগ কৰো মই মোৰ কপালৰ জোন ।
তুমি মাথোঁ ৰৈ যোৱা ।
তোমাৰ তেজত ফুলক অহংকাৰৰ গন্ধপুষ্প ,
তোমাৰ চকুত নাচক বিয়েট্ৰীচৰ মাস্কাৰা
তোমাৰ বুকুত শুই পৰক
চহৰৰ এটা এটা কাঠফুলা ।
মই থাকো এখন নোশোৱা সাগৰৰ দৰে
মই থাকো চহৰত ঘূৰি ফুৰা নিবনুৱাৰ ফাইলৰ দৰে
মই থাকো বেয়’নেটেৰে ফোহাঁ কুৰুকি থকা এজন বাগী বিপ্লৱীৰ দৰে ।
মই সলনি হ’ম , মাত্ৰ তুমিহীন নহ’ম ,
খুন কৰি খাম চহৰৰ সকলো প্ৰৱঞ্চনা
বতিয়াই উলিয়ান নিঃসংগতাৰ মধুশালাৰ এটা এটা কথা ।
মোৰ যে খঙ আছে
মোৰ যে বহুত খঙ
তুমি নুবুজাৰ
তুমি হাৰ মানি যোৱাৰ
মোৰ খঙ মোৰ প্ৰেয়সী বিপ্লৱী নোহোৱাৰ ।
অ’ শিল !
শিল হৈ থাক কিয় তই ?
বুজি পাইনে শাওঁণে
শিলৰ বুকুতো থাকেযে নিতালে
একো একোখন ভাগিৰথী নৈ ?