….✍️ পূজা তালুকদাৰ, নলবাৰী মহবিদ্যালয়….
“চেলোৱাৰ পিন্ধাই আজি তোমাক ধুনীয়া লাগিছে”
অপ্ৰস্তুত হৈ পৰিল তাই। তাইকে কৈছে নে??? ওচৰে পাজৰে ঘূৰি চালে তাই। নাই, চেলোৱাৰ পিন্ধা আন কোনো নাই, সৰু ল’ৰা দুজনমানে স্কুললৈ গৈ আছে, এজনী মাকে ছোৱালীজনীক লৈ গাড়ী ৰখি আছে, পিন্ধনত শাৰী, বাকী থাকিল “পংখী ষ্টোৰ” খন। আজি ছমাহেই দোকানখনৰ সন্মুখেদি অহা যোৱা কৰিছে তাই, তথাপি আজিলৈ দোকানখনত সোমোৱা নাই, প্ৰয়োজনো হোৱা নাই। ঠাইখনৰ মানুহবোৰ তাইৰ চিনাকি হৈ পৰিছে, দোকানীজন, দোকানৰ সন্মুখত বহি থকা ল’ৰাকেইজন, সিহতৰ কথাবোৰ, কিমান যে আলোচনা সিহতৰ, ক্ৰিকেট, ফুটবলৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈ, তাৰ মাজত সেই ব্লু চাৰ্ট পিন্ধা ল’ৰাজন, উফ তাৰ যিহে বিন্দাছ হাঁহি, ঠাইখন কপি যায় একেবাৰে।
হয় সিয়েই কৈছে, তাৰ ফালে চালে খং কৰিব নে হাঁহিব ভাবি নাপায় সাধৰণভাৱে গুচি আহিল, মাজতে ই-ৰিক্সা খনৰ প্ৰশ্ন, “বাইদেউ যাব নেকি?” সদায় কয় নাযাওঁ বুলি, তথাপি সিহতে সোধে।
অফিচৰ টেবুলত বেগটো থৈ মোবাইলৰ ফ্ৰন্ট কেমেৰা টো অন কৰি চালে, সচাই বাৰু তাইক ধুনীয়া দেখা হৈছে নেকি??
পিছদিনা ও অফিচলৈ আহিবলৈ গা ধুই আহি সাধাৰণ ভাৱে চুলিৰ পৰা ক্লীপটো খুলি দি ভাবিলে “কি পিন্ধি যাওঁ? যিহে গৰম বগা কটনৰ কুৰ্টীটোৱেই পিন্ধো” অহ কাপোৰৰ কথা ভাবি থাকোতেই মনত পৰিল যোৱাকালি ল’ৰাজনে কোৱা কথাটো। ‘নে আজিও চেলোৱাৰ পিন্ধি যাওঁ?’ এবাৰ ভাবিলে তাই,
‘নাই নাই আজিও পিন্ধি গ’লে ভাবিব তাক ইম্প্ৰেছ কৰিবলৈ পিন্ধা বুলি’ এই বুলি আলমাৰী টোৰ দৰ্জাখন মাৰি দিলে। তথাপি মনটোৱে বাৰে বাৰে চেলোৱাৰ পিন্ধিবলৈ কৈ আছে। কালি সি তেনেকৈ কোৱাত কোনোবাখিনিত তাই বাৰু সুখী হৈছে নেকি?? “আজিও পিন্ধি গ’লে সি বাৰু লাই পাব নেকি…
যিয়েই নাভাবক, ছোৱালী মানুহ, প্ৰশংসা ভালপায়। চেলোৱাৰৱেই পিন্ধিলে সেইদিনাও।চুলিখিনি আচুৰি চকুজুৰিত সামান্য কাজল লৈ যাবলৈ ওলাল। যাওঁতে বাটত এটাই চিন্তা, আজিও বাৰু সি তেনেকৈ ক’ব নে??? যদি কয় আজিও বাৰু তাই একো উত্তৰ নিদিয়াকৈ যাব নেকি?? নাই নাযায়, আজি কিবা এটা হ’লেও উত্তৰ দিব। একো উত্তৰ দিব নোৱাৰিলে ও হাঁহি এটা হ’লেও মাৰিব। মোবাইলটো উলিয়াই ডিচপ্লে খনত এবাৰ চালে নিজকে, হাঁহিলে এবাৰ, এবাৰ দাতকেইটা উলিয়াই হাঁহি চালে, এবাৰ নুলিওৱাকৈ, এবাৰ বেকাকৈ। ধেৎ কি কৰি আছে তাই এইবোৰ, মানুহবোৰৰ আগত অপ্ৰস্তুত হৈ পৰিল, আকৌ ব্যস্ত হ’ল নিজৰ মাজত। গাড়ীৰ পৰা নামি অলপ খোজকাঢ়ি আহিয়েই দোকাখন পালে, অইনদিনা সাধাৰণ ভাৱেই পাৰ হৈ যায় দোকাখন, আজি কিবা সংকোচবোধ কৰিছে, তথাপি তলমূৰ হৈ আহি থাকিল, এবাৰ বেলেগ ফালে চোৱাৰ চলেৰে দোকানখনলৈ চালে, সি নাই আজি। তাইৰ সকলো প্ৰস্তুতি, সাজোন কাছোন সকলো অথলে গ’ল। মুখৰ হাঁহি মুখতেই হেৰাল। নিজৰ ওপৰতেই খং উঠিল, কিহে পাইছিল এই গৰমখনত এইযোৰ পিন্ধি আহিবলৈ, কোনোবাই ভাল লগা বুলি ক’লেই যেনিবা ইমান চিৰিয়াচলি ল’ব লগা কি আছিল? মুখৰ ভিতৰতে কিবা কিবি কৈ অফিচ পালেগৈ।
অফিচত দিনটোৰ ব্যস্ততাৰ মাজতো কথাটোৱে তাইক আমনি কৰি থাকিল তথাপি তাই ব্যস্ততাৰ অযুহাতত আমনিবোৰক গুৰুত্ব নিদিলে। ঘড়ীটোলৈ চালে 5.30 হ’ল। কামবোৰ সামৰি ঘৰলৈ আহিবলৈ ওলাওতেই মনত পৰিল, ফেচৱাচটো শেষ হৈছে, চেম্পুৰ বটল এটাও নিব লাগিব, অফিচৰ বাওঁফালে থকা ষ্টেচনাৰী দোকানখনৰ পৰাই নিব পাৰিব।
গৰমৰ উৎপাতত তাইৰ মেলা চুলিকোছা পকাই ওপৰত বান্ধি ল’লে পানী খাওঁ বুলি বটলটো উলিয়াই দেখে বটলটোৰ তলিখন তিয়াই ৰখাকৈ দুটোপাল মান পানীহে আছে, পানীখিনিয়েও চাগে তাইৰ এইখিনি সময়ৰ সংগী হ’বলৈ ৰৈ গৈছিল। কিবাকৈ ডিঙিটো তিয়াই তাই দোকানলৈ গ’ল। মানুহ বহুত। অলপ ইফাল সিফাল চালে, দোকানৰ সন্মুখত থকা কফি হাউচখনত চকু গ’ল তাইৰ, আৰে এয়া দেখোন সি, ব্লু চাৰ্ট পিন্ধা ল’ৰাজন, উফফ তাৰ হাঁহি, দোকানৰ মালিকে নেখেদিলেই হ’ল তাৰ পৰা। বাৰু লগত সেইজনী কোন?? গাৰ্লফ্ৰেইণ্ড??? ভনীয়েক ও হ’ব পাৰে! বা লগৰ কোনোবা! কথা পাতি আছে সিহতে, মাজতে চেলফীও উঠিলে, ফোনটোত সি তাইক কিবা দেখুৱাই হাঁহিছে। ইমান হাঁহিবলগা কি দেখাইছে? সিহঁতৰ হাঁহিবোৰ তাইৰ সহ্য হোৱা নাই।
দুয়ো ওলাই আহিছে কফি হাউচৰ পৰা, তাৰ চকুত ধৰা পৰিল তাই…..
তাক মাতিবলৈ ইচ্ছা নগ’ল। তাৰ চকুৰ পৰা পলোৱাৰ চেষ্টা কৰি দোকানৰ ভিতৰলৈ সোমাই গ’ল তাই। বস্তু বোৰ লৈ থাকোতে সি মাত লগালে, “ধুনীয়া ছোৱালী জনী আজিও চেলোৱাৰ পিন্ধি আহিছা।” সকলোৰে আগত তাই অলপ লাজ পালে। কিন্তু এইখিনি লাজৰ বাবেই তাইৰ অত’ উৎকণ্ঠা, সাজোন কাছোন। দোকানৰ পৰা ওলাই আহি হাঁহিমুখে ক’লে তাই , “নাই এনেয়ে, মন গ’ল”
“Finally ধুনীয়া ছোৱালী জনীৰ মাতটো শুনিলোঁ।”।সি ক’লে, “Bdw, She is Pampi, মোৰ মাহীৰ ছোৱালী”
“অহ!” ম্লান হাঁহিৰে তাইৰ সেমেকা উত্তৰ।
এইবাৰ পম্পীক উদ্দেশ্য কৰি সি ক’লে, “And she is…..” ৰৈ গ’ল সি
” আৰে ধুনীয়া ছোৱালী জনীৰ নামটোৱেই নাজানো নহয়”
“মেঘনা, মেঘনা বৰা” তাই ক’লে।
“আচ্ছা She is মেঘনা, ইয়াৰে ওচৰৰ অফিচটোত কাম কৰে”
সি কথাখিনি কৈ থাকোতেই তাই তাৰ মুখলৈ চাইছিল, ডাঠ চেলাউৰিৰ তলত তাৰ চকুজুৰিয়েও যেন হাঁহি থাকে, দাড়ি খিনিও বেছ ঘন, কথা ক’লে গম নাপায় যদিও হাঁহিলে স্পষ্টকৈ দেখাপায় তাৰ বেৰিয়া দাতটো। তাৰ প্ৰেমত পৰিবলৈ আৰু কিবা লাগেনে?
কথাত ব্যস্ত হৈ থকাৰ মাজতেই ই ৰিক্সা খনৰ ল’ৰাটোৱে মাত লগালে ” বাইদেউ যাব নেকি?”
” অ’!! ” বুলি কৈ ৰিক্সাৰ কাষলৈ আহিল তাই, পিছফালৰ পৰা সি মাত লগালে , ” Hey!! Can I have your contact number please!”
তাইটো মনে মনে ভালেই পাইছিল, ইফালে গাড়ীবোৰো আহি আছে, ৰিক্সা খনো নৰখে দেৰি হৈছে, ৰিক্সাত উঠি উঠিয়েই তাই ক’লে “8638……”
লৰালৰিতে তাইৰ চুলিকোচা ক্লীপটোৰ পৰা ওলাই অহাৰ উপক্ৰম হৈছিল, আগফালৰ চুলিখিনি ইতিমধ্যে ক্লীপটোৰ পৰা মুক্তহৈ তাইৰ চকুত বাগৰিছিল, তাইৰ চুৰ্ণিখনৰ এটাফাল খহি পৰিচিল, এখন হাতেৰে চুৰ্ণিখন উঠাই, আনখন হাতেৰে চুলিখিনিৰ লগত তাই ব্যস্ত হৈ পৰিছিল, ঘামে ধুওৱা মুখখনত গাড়ীবোৰৰ তীব্ৰ পোহৰে আকৌ উজ্জ্বল কৰি তুলিছিল, সি মাথো তাইলৈ চাইছিল।
ৰাতি ভাত খাই শুবলৈ আহি বিচনাত তাই ভাবিলে, যাওঁতে তাই কৰা হাঁহিৰ আখৰা, তাক নেদেখি তাইৰ উঠা খং, ছোৱালী জনীৰ লগত দেখোতে তাইৰ মনৰ হিংসা, অভিমান। হাঁহি উঠিল তাইৰ। সি টো তাইৰ ফোন নং টো লৈছিল, এটা ফোন ও কৰিব পাৰিলেহেঁতেন!
পিছদিনা ও তাই অফিচলৈ বুলি ওলাই গ’ল। আজি অৱশ্যে চেলোৱাৰ নহয়, সাধাৰণ কুৰ্তী এটাই পিন্ধিলে। দোকানখনৰ কাষ পোৱাত আকৌ আৰম্ভ হ’ল তাইৰ নতুনকৈ লগ দিয়া সংকোচ ভাবটোৱে। আগবাঢ়িল তাই সাধাৰণ ভাৱে। আজিও সি নাই। কি হ’ল তাৰ, আদ্দা দিবলৈ নহা হ’ল যে!! মনটো বেয়া লাগিব ধৰিছিলেই এনেতে দেখিলে সি আহিছে, অলপ দূৰৈৰ পৰাই দুয়োৰে সম্ভাষণ সূচক হাঁহি। তাইৰ ওচৰ পাই বাইকখন ৰখাই সি সুধিলে
:অফিচলৈ আহিলা?
:এই ১০ বজাত অফিচলৈ নাহি ক’ত নো মৰ্ণিং ৱাক কৰিবলৈ যাম?
:হিহিহিহি…. আচ্ছা অফিচ কেতিয়া শেষ হ’ব আজি?
:আজি বেছি কাম নাই, যাম আৰু ৪ টা মানত
: If you don’t mind মোৰ লগত এঠাইলৈ যাবা??
: কলৈ??
: কিবা এটা দেখুৱাম। যাবা নে নোযোৱা কোৱা!
:ঠিক আছে যাম বাৰু। এতিয়া Bye!
:অ’কে Bye!
অফিচৰ কামত তাইৰ মন নবহিল। ক’লৈ নিব খুজিছে সি? কি দেখুৱাব??
“দিল য়ে হাৱা মে উৰণে লগা হেয়….” ফোনৰ Ringtone টো শুনি উচপ খাই উঠিল তাই,
: হেল্ল’
: হেল্ল’! মই প্ৰিতম
: প্ৰিতম মানে???
:মই অ’ কালি যে ৰিক্সাৰ পৰা চিঞৰি চিঞৰি নাম্বাৰটো দিছিলা
: অ’ আচ্ছা, তোমাৰ নামটো জনা নাছিলোঁ, সেইকাৰনে….
: হ’ব হ’ব বুজিছো। কাম শেষ হ’লনে?
:উম হ’লেই
: যাও তেনেহ’লে মই
: উম আহা। মই অফিচৰ সন্মুখতেই ৰৈছো।
দুয়ো গৈ আছে । ৰাস্তাত তাই বিশেষ কথা কোৱা নাই । সি কিন্তু কৈ আছে কিবাকিবি। নিজেই কৈছে, নিজেই হাঁহিছে।
নৈ এখনৰ ওচৰত সি বাইকখন ৰখালে
: ব’লা এইখিনি খোজকাঢ়ি যাব লাগিব।
দুয়ো খোজকাঢ়ি আগবাঢ়িল। যিমানেই নৈৰ ওচৰ পাইছে বালিত সিহতৰ খোজবোৰ সিমানেই পোত খাইছে।
: ইয়ালৈ কিয় আনিলা? আৰু কি দেখুৱাবলৈ?
: মোৰ ভাললগাবোৰ দেখুৱাবলৈ আনিলো।
: ভাললগাবোৰ??
: এই ঠাইখন মোৰ প্ৰিয়, তুমি প্ৰিয়, এই প্ৰিয়বোৰৰ Combination তেই ভাললগাবোৰ।
বতাহ বলি আছিল, তাইৰ কুৰ্তীটো উৰি আছিল, চুলিখিনিও। মুখেৰে একো কোৱা নাছিল তাই।
: একো নক’লা যে !!
: মই এইবোৰ ঠাই ভাল নাপাওঁ প্ৰিতম।
: কিয়??
: এই ঠাইবোৰে সপোন দেখুৱাই, জীৱনবোৰ সহজ যেন লাগে ইয়াত থাকিলে, শান্তিবোৰ এতিয়াই হাতৰ মুঠিতেই পাম যেন লাগে। কিন্তু ইয়াত পৰা গৈ যেতিয়া আকৌ সেই হূলুস্থুলীয়া জীৱন, লৰা ধপৰা, অফিচ, কেবিন, ঘৰ… উফ!! আকৌ আমাৰ স্বাভাৱিক দুনীয়া।
: সেইকাৰণে টো এইখন ঠাই প্ৰিয়, আমাৰ দুনীয়াৰ পৰা অলপ আতৰত।
: এইবোৰত ভোল নাযাবা প্ৰিতম। নিজকে সেই শিলছটা বুলি নাভাবিবা যে নৈৰ পানীখিনিৰ নিছিনা সহজে বৈ যাব জীৱনটো, বতাহজাকৰ নিছিনা সকলোবোৰ এনেই পাই থাকিবা..
ঘৰলৈ আহি সি আকৌ তাইলৈ ফোন কৰিলে
:হেল্ল’
: আজি তোমাক আমনি দিলো নহ!!
: ধেৎ ! আমনি কিয় পাম। তোমাৰ ভাললগাবোৰ দেখি আমনি নাপাওঁ নহয়।
: ভাললগাবোৰ টো ভালপোৱাজনক হে দেখাব পাৰি ।
: ভালপোৱা মোক????
কাটি গ’ল ফোনটো। কাটি গ’ল নে সি কাটি দিলে? বেয়া পালে নেকি সি? সিয়েই টো কৈছিল ভালপোৱাৰ কথা!!! ধেৎ ।
নিজৰ ওপৰতেই খং উঠিল তাইৰ। লাজ ও পালে অলপ। “সি ফোন কৰিলে মইয়ো কাটি দিম, দেখিলেও নামাতো, কৰ’বাত যাব লগ ধৰিলেও নাযাওঁ। কি বুলি ভাৱে সি নিজকে?”
মুখৰ ভিতৰতে এইবোৰ ভোৰভোৰাই লাইটটো অফ কৰিলে। টোপনি যাও বুলি বিছনাত পৰিও টোপনি অহা নাই। কি হ’ল তাৰ? কিয় কাটি দিলে ফোনটো? এইবোৰ কথা ভাবি ভাবিয়েই টোপনি নাহিল ৰাতি।
পুৱাৰ চাহকাপ হাতত লৈছিলহে মাত্ৰ, ফোনটো বাজি উঠিল। Pritam!!!! মনটো নাচি উঠিল। পাহৰি গ’ল ৰাতিৰ সংকল্পবোৰ। তাক নামাতে, ফোন ৰিচিভ নকৰে সকলো পাহৰি ফোনটো কাণত ল’লে
: হেল্ল’
: চ’ৰি মেঘনা!! ৰাতি ফোনত এক্কেবাৰে চাৰ্জ নাচিল, So কথা পাতি থাকোতেই অফ হৈ গ’ল।
: It’s ok! মই ভাবিচিলো বেয়াই পালা নেকি?
:ধেৎ বেয়া আকৌ কিয় পাম? Btw অফিচ আহিবানে আজি?
:আজি Sunday!
: অহ!! Then এনেই লগ কৰা এবাৰ।
: আজি নোৱাৰিম দিয়া। বহুত কাম আছে।
: কামবোৰ কৰি লোৱা, evening আহিবা Coffee House লৈ। Important কথা এটা আছে।
: ঠিক আছে বাৰু! Bye
Important কথা থকা বুলি ক’লে যে! কি হ’ব পাৰে? Propose কৰিব নেকি সি? নাই বেলেগ কিবা ও হ’ব পাৰে।
“আজি কি পিন্ধি যাওঁ বাৰু? চেলোৱাৰ!!! নাহ! কফি হাউচলৈ হে যাম! জিনচটোকেই পিন্ধো”
জীনচটোৰ লগত টপ এটা পিন্ধি চুলিখিনি মেলি ল’লে, সামান্য কাজল, ডাঠকৈ লিপষ্টিক। আজি অলপ তাইক বেলেগ দেখাইছে। সি ৰৈ আছিল কফি হাউচৰ বাহিৰত, তাইক দেখাৰ লগে লগে সি কৈ উঠিল,
: ৱাহ !!! ধুনীয়া ছোৱালীজনী নতুন ৰূপত দেখোন!
:হিহিহিহি, অলপ বেলেগ হৈ আহিলো আৰু
: ভাল দেখাইছে, ব’লা ভিতৰত বহো
দুয়ো বহি আছে, ধেৰ কথাপাতিলে…
:যাওঁ এতিয়া মই
:এৰি যাবা মোক?
: এৰি নোযোৱাকৈ ধৰি ৰাখিলেই হ’ল
: মানুহবোৰৰ আগতেই ধৰিম নে?
:ধেৎ অসভ্য!!
: ধৰি ৰাখিবলৈ নিজৰটো হ’ব লাগিব আগতে!
: নিজৰ কৰি ল’লেই হ’ল
: তোমাক ভাল পাওঁ মেঘনা!
তাই হাঁহিলে…
: হাঁহিলা যে! কোৱা আকৌ?
: ক’বলৈ কিটো আছে? তোমাক ভাল পাওনে নাপাওঁ নাজানো, কিন্তু তোমাক এদিন নেদেখিলে এতিয়া ভাল নালাগে, সেইদিনা পম্পীৰ লগত তোমাক দেখোতে মোৰ হিংসা লাগিছিল, কোনোদিনে কাৰো নামত উজাগৰী নিশা কটাই পোৱা নাছিলোঁ, কিন্তু কালি তোমাৰ কথা ভাবি ৰাতি টোপনি নাহিল, যদি এয়াই ভালপোৱা হয়, তেনেহলে মইয়ো ভাল পাওঁ তোমাক…
: Finally ধুনীয়া ছোৱালীজনী এতিয়া মোৰ প্ৰেমিকা…..
হাঁহিলে সি…….
হেল্ল’ হেল্ল’ বুলি চিঞঁৰি উঠিল সি?? আকৌ এবাৰ ফোনটো লগালে, তাই ইতিমধ্যে ফোনটো Switch off কৰি দিছিল। আৰে কি হ’ল তাইৰ?? ইমান খং নে? ইমান জেদ? জেদ নে অহংকাৰ? সেই গধূলি লগ পোৱা মেঘনা জনী, তাইৰ সৰু সৰু আবদাৰ বোৰ, ফোনত একেলগে ঢেৰ প্ৰশ্নৰ অৱতাৰণা কৰা তাইজনীৰ এই ৰূপটো সি কল্পনাও কৰিব পৰা নাছিল। বিছনাখনত ইফালৰ পৰা সিফালে বাগৰি ছটফটাই আছিল সি। টোপনি যাও বুলি চকু দুটা জপাই দিলে তাইৰ ভাৱনা বোৰে যেন শুব নিদিয়ে তাক, এবাৰ উঠি আহি খিৰিকী খন খুলি দিলে, নাই খিৰিকীৰ সিপাৰৰ আন্ধাৰতো সি একো উত্তৰ বিচাৰি নাপালে।
পুৱা আকৌ ফোন কৰিলে তাইক, কিন্তু নিষ্ঠুৰ ভাৱে তাৰ প্ৰতিটো ফোন Ignore কৰি আছিল তাই।
তাৰ পৰা ওলাই আহিল দুয়ো, বাহিৰত অলপ অলপ বৰষুণ দি আছে, তাই ৰিক্সাতেই যাব খুজিছিল কিন্তু বৰষুণ দিয়া বাবে সি তাইক ৰিক্সাত যাব নিদি নিজেই থৈ আহিব খুজিলে। তাইৰ ঘৰ পোৱাত বাইকৰ পৰা নামি তাই ক’লে
: যোৱা এতিয়া, বৰষুণ বেছি হ’লে কৰবাত ৰখিবা আৰু কথা পাতিবৰ মন আছে যদি গৈয়েই ফোনটো চাৰ্জত দিবা
কথাখিনি কৈয়েই তাই গুচি গ’ল, সি মাথো তাইলৈ চাই থাকিল, নেদেখা হোৱালৈ, এটা সন্তুষ্টিৰ হাঁহি জিলিকিল তাৰ মুখত, ভাবিলে “তাইৰ এই সৰু সৰু আবদাৰৰ মাজতেই টো ভালপোৱাবোৰ”
ৰাতি সি তাইলৈ ফোন কৰিলে,
: হেল্ল’ ভাত খালানে? যাওতে বৰষুণত তিতিলা নেকি? আৰু ফোনত চাৰ্জ দিছাতো???
: উফ উফ খাইছো ভাত আৰু বৰষুণত তিতা নাই ফোন ও ফুল চাৰ্জ কৰি লৈছোঁ। তোমাৰ কোৱা এতিয়া, কি কৰিছা?
: তোমাৰ কথাই ভাবি আছিলোঁ।
: ৱাহ !! কি ভাবিছা মোৰ কথা??
: তোমাৰ বিষয়ে একো নাজানোৱেই মই। তোমাৰ ঘৰ, পৰিয়াল….
: আচ্ছা পৰিয়াল বুলিবলৈ মোৰ মা- দেউতা আৰু মই। এয়াই মোৰ আধৰুৱা পৃথিৱী।
: আধৰুৱা কিয়??
: তুমি নাই যে!! তুমি আহিলে সম্পূৰ্ণ হ’ব।
: কবিতা লিখা নেকি তুমি?? কথাৰ সুৰবোৰ কাব্যিক।
: লিখিছিলো আগতে, এতিয়া economics ৰ অংকবোৰে কবিতাৰ পৰা বহু দূৰত লৈ আহিলে।
: আচ্ছা তুমি মানে economics ৰ student
: হুম, যোৱাবাৰেই Masters complete হ’ল
: Economics ত masters কৰি এনেয়ে বহি আছা!!! কিবা এটা কৰা, Seattle হোৱা।
: কৰিম ৰবা, সময় আছে। মা দেউতাৰ লগত তুমি মই চলি যাব পৰাকৈ সৰু কিবা এটা কাম যোগাৰ কৰি ল’লেই হ’ল।
: আশা বোৰ সদায় ডাঙৰ হ’ব লাগে প্ৰিতম! সৰু কিবা এটা কৰি তুমি কিমান পইছা পাবা? পৰিয়াল এটা ভালকৈ চলিবলৈ বহু পইছাৰ প্ৰয়োজন হয়।
: টকা পইছা বেছি হ’লে মানুহ অহংকাৰী হয় মেঘনা। ব্যস্ততাৰ অযুহাতত পৰিয়ালক সময় দিব নোৱাৰা হয়। পৰিয়ালটোৰ কাৰণেই টকা ঘটি পৰিয়ালৰ মানুহখিনিৰ পৰাই আতৰি থাকিব লগা হ’লে সুখ ক’ত?
: কথাবোৰ প্ৰেক্তিকেলী ভবা অলপ। পইছা নহ’লে একো নহয় আজি কালি…
: বাদ দিয়া না পইছাৰ আখ্যান। তুমি কিন্তু এতিয়া মোৰ লগত নৈৰ পাৰলৈ নাযাওঁ বুলি ক’ব নোৱাৰা, নৈৰ পাৰখন হ’ব এতিয়াৰ পৰা আমাৰ পৃথিৱী। জোনাকৰ সৈতে বিন্দাছ আদ্দা দিম আমি, বালিত মই আমাৰ ঘৰটোৰ নক্সা আকিম, পৰ্দাৰ ডিজাইন তুমিয়েই দিবা, কহুৱাবোৰে আমাক চাই হাঁহিব, তুমি লুকুৱাবা মোৰ বুকুত।
: অলপ বেছিয়েই আবেগিক তুমি!! আবেগৰ দুনীয়াত কেবল সপোন থাকে, বাৰে বাৰে কেৱল নৈৰ পাৰ, সপোন, মৰম এইবোৰেই। সপোন, মৰমে নুখুৱাই প্ৰিতম। এইবোৰ কৈ নাথাকিবা। ইমান আৱেগিক ভাল নাপাওঁ মই। হয়তো তুমি প্ৰেক্তিকেল হোৱা, কিবা এটা চাকৰি যোগাৰ কৰা, নহ’লে বাদ দিয়া এইবোৰ। অকলেই নৈৰ পাৰত সপোন ৰচাগৈ..
ফোনটো কাটি দিলে তাই
ৰাস্তাৰ কাষত ৰৈ তেনেদৰে যুক্তি তৰ্ক কৰাটো উচিত বুলি তাইৰ মনেও নকলে, আকৌ এবাৰ প্ৰতিবাদ নকৰি তাই বাইকত উঠিল। অইনদিনা ক’ৰবাত গ’লে সি কিবাকিবি কৈ গৈ থাকে, আজি কিন্তু সি মুখেৰে এটা শব্দ ও কোৱা নাই। ঘৰ এটাৰ সন্মুখত সি বাইকখন ৰখিলে, নিজেই গেটখন খুলি তাইক মাতিলে,
: আহা!!
“আজি Monday, অফিচ আছে তাইৰ”
এইবুলি ভাবি সি তাইৰ অফিচৰ সন্মুখত ৰৈ থাকিল। তাই অহা দেখা পাই সি মাত লগালে
: মেঘনা শুনাচোন!!!
: মোৰ এতিয়া সময় নাই, অফিচলৈ দেৰি হৈছে।
: ঠিক আছে তেনেহ’লে, মই ইয়াতেই ৰৈছো, অফিচ শেষ হ’লে কথা পাতিম ।
তাৰ কথাৰ কোনো সহাৰি নিদিয়াকৈ আগবাঢ়িল তাই। সেই ৰ’দঘন দুপৰীয়াটো পানী এটুপিও মুখত নিদিয়াকৈ ৰৈ থাকিল সি, মুখত বিষাদৰ প্ৰলেপ।
তাই ওলাল অফিচৰ পৰা, তাৰ কাষেৰে পাৰ হৈ আতৰি যাব খুজিছিল সি খামুছি ধৰিলে তাইৰ হাতখনত,
: এনেকুৱা নকৰিবা মেঘনা!!!
মাতটো কপিছিল তাৰ, চকুজুৰিও চলচলীয়া হৈছিল
: মই একো কৰা নাই, কিন্তু এই আৱেগ চাবেগ ভাল নাপাওঁ মই। জীৱনটো কঠিন। জীয়াই থকাটো কঠিন। এই কঠিন বোৰৰ মোকাবিলা কৰিবলৈ নিজক প্ৰথমতে উপযুক্ত কৰা, তাৰ পিছত ভাবিম
: এটা কথা কোৱা মেঘনা, তুমি মোৰ পৰা কি বিচৰা?? টকা পইচা, ঘৰ, গাড়ী, সম্পত্তি নে সুখ??
: টকা পইছাই সকলো আজি কালি। টকা পইচা হ’লে সুখ হাতৰ মুঠিত।
: কম পইচাৰেও মানুহ সুখী হ’ব পাৰে মেঘনা!!
: কেনেকৈ?? দুয়ো বহি ফুটপাথত ভিক্ষা খুজি সুখী হ’ম? নে বৰষুণ বতৰত ভঙা চালিখনেৰে সৰকা পানী সিচি সুখী হ’ম?? মাহেকৰ মূৰত তোমাৰ মা দেউতাক প্ৰয়োজনীয় ঔষধ খিনি যোগান ধৰিব নোৱাৰি তুমি সুখী হ’বা নে মোৰ প্ৰয়োজনীয় বস্তুবিধ দিব নোৱাৰি সুখী হ’বা? মোৰ কথা বাদেই দিলো মই independent, মই মোৰ কাৰণে চিন্তা কৰিব নালাগে, কিন্তু এসাজ খাই দুসাজ লঘোনে থকা মা-দেউতাৰ মুখখন চাই তুমি সুখী হ’ব পাৰিবা? নৈৰ পাৰৰ বালিৰ ঘৰতো সামান্য বতাহজাকে উৰুৱাই নিয়া চাই তুমি সুখী হ’বা ???
: তেনেহ’লে তুমি কি বিচৰা?? ডাঙৰ অট্টালিকা, যত চাৰিজন মানুহৰ নিজৰ নিজৰ কোঠা ঠাকিব, এসপ্তাহ, এমাহলৈ কোনেও কাকো লগ নোপোৱা?? টকা পইচা, কাম, পৰিয়িলৰ হেচাত ৰাতি মদ খাই ঘৰলৈ উভতি আহিলে তুমি সুখী হ’বা?? মা দেউতাক আনি দিয়া এগালমান ঔষধ যেতিয়া খুওৱাই দিয়া মানুহৰ অভাৱত পৰি থাকিব, তেতিয়া সুখ পাম? বিলাসী ডাইনিং টেবুলত খনত গোটেইকেইজন একেলগে বহি খাবৰ সময় হ’ব নে আমাৰ?? বতাহ বৰষুণ নপৰাকৈ সজা মজবুত অট্টালিকা টোত সুখ ক’ৰ পৰা সোমাব??
: অহ প্লিজ শ্বাট আপ!!! মই ক’লোৱেই নহয় যেতিয়া তোমাৰ এই আবেগিক মেন্টেলিটি টো শেষ হ’ব তেতিয়া মই কিবা ভাবিম। বাকী সিদ্ধান্ত তোমাৰ।
যাবলৈ ওলাইছিল তাই।
: ৰ’বা।!!! উঠা বাইকত।
: ক’লৈ যাবা?
তাই গ’ল, চোতালৰ পৰাই তাই ঘৰটো লক্ষ কৰিলে, বেৰবোৰ গুলপীয়া, বাৰাণ্ডাত দুখন বেতৰ চকী বাৰাণ্ডাৰ পৰা চোতাললৈ নামি আহিবলৈ চাৰিটা চিৰি, চোতলখনৰ আধা অংশ পকী, আইনাৰ খিৰিকীখনেৰে তাই ভিতৰলৈ চাই পথিয়ালে, ভিতৰত ক্ষীণ পোহৰ ।
: এইখনেই মোৰ ঘৰ।
উচপ খাই উঠিল তাই।
: কি?? তোমাৰ ঘৰ?? কিয় আনিছা মোক ইয়ালৈ?? আৰু মা দেউতা??
: মা দেউতা এইখিনি সময়ত বজাৰলৈ যায়।
মাক দেউতাক ঘৰত নাই বুলি কোৱাত সন্দেহ হ’ল তাইৰ, মাক দেউতাক নোহোৱা অৱস্থাত তাইক অনাৰ উদ্দেশ্য কি?
: আহা ভিতৰলৈ!!
: ৰ’বা!! কিয় আনিছা মোক ইয়ালৈ?
: হ’ব, ভয় কৰিব নালাগে, নৈৰ পাৰলৈ গ’লেটো তুমি মোৰ আবেগক ঠাট্টা কৰিবা, সেইকাৰণে ইয়ালৈ আনিছো। ভিতৰত বহিবলৈ অসুবিধা পাইছা যদি বাহিৰতেই বহা।
বাৰাণ্ডাত থকা বেতৰ চকীখনত বহিল তাই, অলপ আতৰত বাৰাণ্ডাত এনেই বহি পৰিল সি।
: কি জানা মেঘনা, আজিৰ পৰা চাৰি বছৰ আগতে দেউতাই কিমান কষ্ট কৰি এই ঘৰখন সজাইছে সেইটো মই দেখিছো, বহুত বেছি ধুনীয়া নহ’লেও বেয়া ও টো নহয় ঘৰখন। জীয়াই থকা দিনকেইটা দেউতাই ইয়াতে থাকিব বিছাৰে। দেউতাৰ এই ঘৰখন ভাঙি পেলোৱাৰ সাধ্য মোৰ নাই। আৰু তুমি বিচৰা ধৰণে মই চাকৰি কৰিম, কিন্তু তুমি নাভাবিবা তোমাৰ আগত মই হাৰি গৈছো, মোৰ আবেগ, তোমাৰ বাস্তৱ যুক্তিৰ তুলনাত হাৰি যাব প্ৰতিদিনৰ দৰেই। তোমাৰ দৰে আকোৰগোজ হৈ মইয়ো এৰি গুচি আহিব পাৰিলোহেতেন, কিন্তু তোমাক যে ভাল পাওঁ, তোমাৰ লগতেই টো মোৰ সমস্ত আবেগ জৰিত, তেনেহ’লে নিজৰ আবেগকক নিজেই কেনেকৈ হত্যা কৰো কোৱা!! তুমি বিচৰা ধৰণৰ জীৱন এটা তোমাক দিব পাৰিম, কিন্ত কিছুমান সৰু সৰু বস্তু আমি হেৰুৱাই পেলাম,এই ধৰা তোমাক কিবা এটা লগা হ’ল সেই বস্তুটোৰ বাবে তোমাৰ আছুতীয়া আবদাৰ খিনি, তুমি কৰবাত যাব বিচাৰিলা মই নালাগে বুলি কোৱাত তোমাৰ সেই অভিমান খিনি, দিনটোত অন্ততঃ এসাজ ভাত একেলগে বহি খোৱাৰ সৌভাগ্য হ’ব জানো আমাৰ? টকা পইচাৰ দৌৰত সম্পৰ্ক বোৰক কিমান মূল্য দিম আমি? সম্পৰ্ক থাকিব, কিন্তু শিৰোনামহীন আমাৰ সম্পৰ্ক, বিয়াৰ পিছত পতি পত্নী হ’ম ঠিকেই কিন্তু প্ৰেমিক প্ৰেমিকা যে আমি হ’ব নোৱাৰিম কাহানিও।
কথাবোৰ সি এফালৰ পৰা কৈহে গ’ল তাইৰ ফালে এবাৰো চোৱা নাছিল, মূৰটো ঘূৰাই এবাৰ তাইৰ ফালে চালে, তাইৰ দুচকুত চকুলো!!
: Hey!! কান্দিছা কিয়?? তোমাক যে বৰ মৰমলগা হৈছে মোৰ ধুনীয়া ছোৱালীজনী!!
হাঁহিলে সি, আকৌ এবাৰ তাই তাৰ প্ৰেমত পৰিলে❤ তাৰ সেই বিন্দাছ হাঁহি টোৰ প্ৰেমত পৰিলে❤