……আশীষ প্ৰিয়ম……..
এই জীৱন অমানিশাৰ
ঘোতমৰা আন্ধাৰত,
আৰু কিমান খেদি ফুৰিম?
তৰংগৰূপী পোহৰৰ ঠিকনা……
বিশ্ব নাটঘৰত
এজন সুখী মানুহৰ চৰিত্ৰত
মিছা ভাঁও দি দি
ক্লান্ত আজি মোৰ এই দেহা ।
অতীতক ৰোমন্থন কৰি,
হোষ্টেলৰ বেলকণিত বহি,
আৰু কিমান গাম
মোৰ ব্যৰ্থতাৰ ৰাগ বিহাগ…..
মাজনিশা ৰাজআলিয়েদি
অকলে ওলাই যাঁও,
দূৰৈৰ জোনটিলৈ চাই
অকণমান হাঁহো,
জোনাকী পৰুৱাবোৰৰ
লগত উমলো,
আৰু নিজৰ মাজতেই
নিজক হেৰুৱাই দিয়াৰ
চেষ্টা অব্যাহত ৰাখোঁ ।