…..মৃনাল ডেকা…..
মৃত্যুৰ অপেক্ষা
হে ঈশ্বৰ দিয়া দুৱাৰ খুলি
মৃত্যুৰ দুৱাৰ ।
পিড়াই দহীছে জীৱন
নিঃপ্ৰাণ শৰীৰৰ আৰ্তনাদ ।
নিয়া আত্মাক উলিয়াই
জীৱনৰ সুখ দুখ,হাঁহি কান্দোন
হৈছে এইবোৰ অৰ্থহীন শব্দ ।
এই নাটৰ তন্ত
কেতিয়া হ’ব পৰিসমাপ্ত ।
বিছনাৰ লগত লিপ্ত
এই জঠৰ শৰীৰ ।
হে কাল কাবৌ কৰিছো
নিয়া উদ্ধাৰ কৰি ।
কৰিলো ভুল শুদ্ধ বহুত
মায়াময় জীৱনত ।
অনুতপ্তত ৰাতি পুৱাইছো
কৰি অহা ভুলৰ বাবে ।
ৰঙীন সপোন আজি
ভাল কাম কৰা মূহুৰ্তবোৰ ।
সম্পৰ্কবোৰ বিলীন হ’ব ধৰিছে
পানীৰ প্ৰবাহিত ঢৌত ।
বাঞ্ছাকাৰী মৃত্যু আজি
জীৱন তকৈ শ্ৰেয় হʼল।
অদৃশ্য অন্তিম ক্ষণ
লৈছো তোমাক বাট চাই ।
ফুলসজ্জাৰ সুৱাস
অনুভৱ হৈছে ।
কান্দোনৰ কোলাহল
কাণত গুঞ্জিত হৈছে ।
হে ঈশ্বৰ দিয়া হাত বঢ়াই
লৈ যোৱা এই অতৃপ্ত আত্মাক ।।