সাম্প্ৰদায়িকতা

……উৎপল ডেকা……

জুই জ্বলিছে। মোৰ উপাসনা কোঠাত। প্ৰতিটো খোজত
হুছেইনৰ হিন্দু মাহীয়েকৰ ঘৰত।
বাৰে বাৰে ভাঁহি আহে মোৰ
ৰঙা উপত্যকাৰ ধৰ্মান্ধতাৰ প্ৰাচীৰ খন।

ভাগ হ’ল – দেশ
ভাগ হ’ল – ধৰ্ম
ভাগ হ’ল – ভাষা
সমস্ত পৃথিৱী ভাগ হ’ল।

নি:সংকোচে চকুযোৰ খুলি থৈ
পতাকা উৰুৱাইছোঁ স্বাধীনতাৰ
বুকুত কঢ়িয়াই ফুৰিছোঁ মৌলবাদ
গোপনীয়তাৰে জ্বলাই দিছোঁ ঘৰখন।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *