যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱঃ ইতিহাসৰ শ্ৰেষ্ঠ অসমীয়া আৰু বঞ্চনাৰ কিছু জীয়া গাঁথা

…গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ….

উত্তুংগ দোলকত দুলি থকা প্ৰশ্নবোৰ
নেতিবাচক কথাৰে প্ৰৱন্ধটোৰ আৰম্ভণি বিচৰা নাছিলো যদিও মনৰ ইচ্ছাৰ বেহু ভাঙি কিছুমান বঞ্চনাৰ জীয়া সত্য লিখিবলৈ বাধ্য হৈছো ।
শংকৰদেৱ কোন অথবা শংকৰদেৱৰ অৱদান কি – এই দুটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ময় প্ৰায়ে বিবুদ্ধিত পৰিব লগা হয় । শংকৰদেৱ জানো মাথো এজন ব্যক্তি ? তেওঁ এটি অনুষ্ঠান – যিটো অনুষ্ঠানক বচা বচা কেইটামান বিশেষণেৰে সীমাৱদ্ধ কৰিবলৈ মোৰ কলম অপাৰগ । কিন্তু এনে এজন যুগনায়কে জানো ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যো স্বীকৃতি লাভ কৰিছে ? শংকৰদেৱৰ আদৰ্শক আমি কিমানজনে বাৰু হৃদয়ংগম কৰিব পাৰিছো অথবা হৃদয়ংগম কৰি বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পাৰিছো ? নৱবৈষ্ণৱ ধৰ্মমতৰ ব্যাখ্যা আৰু প্ৰচাৰে কিমান দূৰলৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্থান পাইছে ? অতীত আৰু বৰ্তমানৰ উত্তুংগ দোলক এটাত দুলি থা এই প্ৰশ্নবোৰৰ উত্তৰ জানো আমি নাপাম !!!

অপ্ৰিয় কিন্তু সত্য কথাবোৰ
JM Farquhar – এ ১৯২০ চনত প্ৰকাশ কৰি উলিয়াইছিল তেখেতৰ বিখ্যাত গ্ৰন্থ “An outline of the Religious Literature of India” । ৪৫০ পৃষ্ঠাৰ গ্ৰন্থখনৰ ক’তো উল্লেখ নাই শংকৰদেৱৰ নাম । তাৰ ঠিক পৰৱৰ্তী বৰ্ষতেই অৰ্থাৎ১৯২১ চনত Estlin Carpenter ৰ গ্ৰন্থ “Theism in Medieval India” প্ৰকাশ পাইছিল । এইখন গ্ৰন্থটো সম্পূৰ্ণৰূপে উপেক্ষিত হৈছিল শংকৰদেৱ । ইয়াৰে ঠিক ৮ বছৰ পিছত অৰ্থাত ১৯২৯ চনত Ksitimohan Sen এ “মধ্যযুগী ভাৰতৰ ধৰ্মমত”ৰ ওপৰত এটি দিঘল বক্তৃতা দিছিল কলিকতা বিশ্ববিদ্যালয়ত, য’ত তেওঁ বৃহত্তৰ অসমীয়া সমাজৰ ধৰ্মমতৰ ওপৰত লক্ষণীয়ভাৱে একো উল্লেখ কৰা নাছিল । “Penguin Anthropology of Indian Literature” (১৯৭১) নামৰ দুশপৃষ্ঠাৰ গ্ৰন্থখনৰ ক’তোৱে শংকৰদেৱৰ বিষয়ে এটি বাক্যও বিচাৰি পোৱা নাযায় । পৰিতাপৰ কথা, আপোনালোকে যদি ভাৰতবৰ্ষৰ মধ্যযুগীয় ধৰ্মীয় বুৰঞ্জীৰ ওপৰত লিপিবদ্ধ গ্ৰন্থসমূহ অধ্যয়ন কৰে, মুষ্টিমেয় কেইখনমানতহে শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ ওপৰত বিস্তৃত আলোকপাত বিচাৰি পাব ।
বহুতেই আকৌ শংকৰদেৱক চৈতন্যদেৱৰ শিষ্য বুলিহে অভিহিত কৰিব খোজে । উদাহৰণস্বৰূপে Melville T Kemmedy এ তেখেতৰ “The Chaitanya Movement A Study of the Vaishnavism of Bengal” গ্ৰন্থত উল্লেখ কৰিছে শংকৰদেৱৰ সকলো আদৰ্শৰ মূল অনুপ্ৰেৰণা হেনো শ্ৰীচৈতন্যদেৱ । De Bary ৰ গ্ৰন্থ “Sources of Indian Tradition” তো শংকৰদেৱক চৈতন্যদেৱৰ উত্তৰসূৰী হিচাপেই আখ্যা দিয়া হৈছে । একেই অভিধা বিচাৰি পোৱা যায় V. Raghavan ৰ “The Great Integrators”(১৯৬৫) গ্ৰন্থত ।
কিন্তু আমি এটা কথা মনত ৰখা উচিত যে, চৈতন্যদেৱৰ যেতিয়া জন্ম হৈছিল, তেতিয়া শংকৰদেৱ আছিল ৩৬ বছৰীয়া আৰু যেতিয়া বংগদেশত চৈতন্যবাদৰ আদৰ্শবাদে পোখা মেলিব আৰম্ভ কৰিছচল, তেতিয়ালৈ অসমৰ ধৰ্মীয় আৰু সমাজ জীৱনত ইতিমধ্যেই শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত নৱবৈষ্ণৱ ধৰ্মই গভীৰভাৱে বিস্তৃতি লাভ কৰিবলৈ সক্ষম হৈছিল । শংকৰদেৱৰ নিচিনা মৌলিক সত্বা ইতিহাসত তেনেই বিৰল । পাশ্চাত্যয়ৰ থিয়েতাৰৰ জন্মৰ বহু আগতেই শংকৰদেৱে অসমত জন্ম দিছিল ভাওনাৰ । মূৰ্ত্তিপূজাৰ অনেক গোড়মিৰ বিৰুদ্ধে প্ৰৱৰ্তন কৰিছিল ‘একশৰণ নাম ধৰ্ম’ । জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে সকলোকে একত্রিত কৰি ভক্তিৰসত নিমজ্জিত কৰিবলৈ স্থাপন কৰিছিল সত্র অনুষ্ঠানৰ । জাতি আৰু ধৰ্মই দুফাল কৰি ৰখা পঞ্চদশ শতিকাৰ অসমখনত শংকৰদেৱে চান্দসাই নামৰ এগন মুছলমান দৰ্জ্জীৰ হতুৱাই স্থাপন কৰোৱাইছিল নামঘৰৰ মণিকূট । কিছুবছৰৰ আগেয়ে এঠাইত পঢ়িছিলো, শংকৰদেৱে হেনো বিশুদ্ধ সৌৰ উপকাৰিতা সম্পৰ্কে জনগণক অৱগত কৰাইছিল । তেখেতৰ দ্বাৰা সৃষ্ট বৰগীত আৰু নাটকসমূহ সামাজিক দায়বদ্ধতাৰ অপুৰ্ব নিদৰ্শন হোৱাৰ লগতে সেইবোৰৰ সাহিত্যিক গুণৰাজি অপৰিসীম । প্ৰতিটো বৰগীতেই নিৰ্দ্দিষ্ট সুৰ-তাল-লয়ত আৱদ্ধ । বৃন্দাবনৰ ফাকুৱাক অসমৰ সমাজলৈ লৈ আনিছিল এইগৰাকী শংকৰদেৱে । ধৰ্মৰ ক্ষেত্রতেই অথবা সাহিত্যৰ ক্ষেত্রতেই হওঁক কিম্বা সামাজিক ক্ষেত্রতেই হওঁক, শংকৰদেৱৰ প্ৰতিটো সৃষ্টিয়ে আছিল যথেষ্ট প্ৰণালীৱদ্ধ আৰু বিজ্ঞানসন্মত ।
এনে এটি মহান অনুষ্ঠানক সংজ্ঞাৱদ্ধ কৰিবলৈ মোৰ কলম অপাৰগ ।

নিৰাশাৰ ডাৱৰ ৰ মাজেৰে ভূমুকি মাৰে আশাৰ কিৰণেঃ
সঁচা কথা,শিমলু ফুলিলে ফাগুন আহিবই । কপৌ ফুলাৰ বতৰত জানো কোনোবাই ৰুধিব পাৰে বসন্তৰ দুৰ্বাৰ গতিক ? মহৎ প্ৰতিভাক কিমানদূৰলৈ অনাদৃত কৰি ৰাখিব পাৰি ? নেতিবাচক কথাবোৰৰ মাজতো কিছুমান ভাল লগা ঘটনা ঘটে । যোৱা দুই তিনিবছৰমান পূৰ্বে লণ্ডনৰ বস্ত্রমেলাত প্ৰদৰ্শিত হৈছিল শংকৰদেৱৰ বৃন্দাবনি বস্ত্র । অকল প্ৰদৰ্শিত হোৱাই নহয় উচ্চ প্ৰশংসিতও হৈছিল । সৌ সিদিনা ফ্ৰান্সৰ এখন বিশ্ববিদ্য়লয়ৰ এদল গৱেষক ছাত্র-ছত্রী আহিছিল মাজুলীা সত্রলৈ । উদ্দেশ্য – সত্রৰ ওপৰত ব্যাপক গৱেষণা । নৱপ্ৰজন্মৰ বহু গৱেষক ছাত্র-ছাত্ৰী আগবাঢ়ি আহিছে শংকৰদেৱৰ বিভিন্ন সৃষ্টিৰাজিৰ ওপৰত গৱেষণা কৰিবলৈ । এনে বহু উচ্চমানৰ গৱেষণা পত্র ভাৰতবৰ্ষৰ বহু আগশাৰীৰ বিশ্ববিদ্যালয় সমূহে ইতিমধ্যেই প্ৰকাশ কৰিছে । ভাৰতবৰ্ষৰ যিকোনো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ কম্পিউটাৰৰ ইণ্টাৰনেট খুলি আপুনি যদি Sodh ganga ৰ website খোলে, তেন্তে এনে বহু গৱেষণা পত্র বিচাৰি পাব ।


মোৰ ব্যক্তিগত দৃষ্টিকোণৰ পৰা , শংকৰদেৱে “কলা কৈৱল্যবাদ” (Art for art sake) ত বিশ্বাসী নাছিল, তেওঁৰ আদৰ্শ, চিন্তাধাৰা, কৰ্ম আৰু সৃষ্টিৰাজিয়ে প্ৰতিষ্ঠা কৰিছিল “কলা জীৱনৰ বাবে”(Art for life sake) মতবাদ ।
সেয়েহে মোৰ মতে, শংকৰদেৱ ইতিহাসৰ শ্ৰেষ্ট অসমীয়া ।

Share কৰক:

1 Comment

  1. সুন্দৰ হৈছে লিখনিটো । পঢ়ি ভাল লাগিল

Leave a Reply

Your email address will not be published. Required fields are marked *