ড° নয়না পাঠক শইকীয়া
ৰচনা কাল জুলাই ২০১৭
ইন্দ্ৰজিৎএ দুৱাৰৰ চুকটোৰ পৰা আঁতৰত অলপ আঁৰ লৈ বিচনা খনত চেপেটা লাগি পৰি আছে। লোকচক্ষুৰ আঁৰ লৈ সি এইদৰে পৰি থকাৰ ৰহস্যতো কোনোবাই উদঘাটন কৰাৰ আগতেই সি তাৰ পৰা আঁতৰাৰ পৰিকল্পনা কৰি লৈছে। বিয়াৰ হুলষ্ঠুলৰ মাজত আজি অঁতবোৰ মানুহে বেৰি থকা ৰভাতলীত সি আছে যদিও মনতো যেন তাত নাই। ঘৰৰ বিয়া বুলি সিতো সম্পূৰ্ণ আগ ভাগ ল’বই লাগিব তথাপিও তাৰ মাজতে চেগ বুজি সি কইনা ল’ব লৈ ঠিক ঠাক কৰি থোৱা কোঠাটোৰ কাষতে থকা আওপুৰণি সৰু বিচনা খনত ঠাই লৈছে। ইমানবোৰ মানুহেৰে ভৰি থকা ঘৰখনতো সি কিবা খালি খালি অনুভব কৰে। সকলোতো ঠিকেই আছে সকলোৱে তাক ভালদৰে মাত বোল কৰে। সিওতো খুব সহজ ভাবেই সকলোৰে লগত কথা পাতে। কিন্ত কিয় জানো সি আজি অলপ অকলশৰীয়া মুহুৰ্ত বিচাৰিছে। খুব সন্তৰ্পনে আৰু খুব সাৱধানে সি নিজক ঢাকি ৰাখিছে মানুহৰ মাজত থকা সময়খিনিত। সি ভাবিলে ‘আহ, আজিৰ দিন তো যেনে তেনে পাৰ কৰিব পাৰিলে ৰক্ষা, কাইলৈটো ৰাওনা হ’বই লাগিব কৰ্ম্মস্থলীলৈ বুলি’। ৪ দিনৰ বেছি ছুটিলৈ সি ঘৰ লৈ আহিছিল। তাতকৈ আৰু বেছি ছুটি লোৱাৰ কথা সি ভাবিব নোৱাৰে। এটা দিন আহোতে এটা ঘূৰি যাঁওতে আৰু মাজতে ২ দিন মানে এদিন বিয়া আৰু আগদিনা জোৰণ। সম্পূৰ্ণ জুখি মাখি সি কামবোৰ কৰে আনকি কথাবোৰ কঁওতেও সি খুব সাৱধান। অৰ্থাৎ কোনেও যাতে তাৰ ভিতৰৰ মানুহটোক খুছৰি উলিয়াব নোৱাৰে। খুছৰি উলিয়াব পৰাৰ সুবিধাতো সি কাকো দিব নিবিচাৰে। কিন্ত কিয় জানো আজি তাৰ ভয় ভয় ভাব এটা হৈ আছে, এই যেন কোনোবাই তাক সুধিয়েই পেলাব ইন্দ্ৰ কি হ’ল অ’ তোৰ? নাই নাই এতিয়ালৈ সকলো ঠিকেই আছে যেতিয়া চলি যাব বুলি নিজক নিজে সান্তনা দিলে সি। কইনা জনীতো ইন্দ্ৰৰ ভনীয়েকেই তথাপিও সি ভয় খাইছে জানোচা সি কোচ খাই থকা কথাতো যদি তাই ধৰিব পাৰে কি ভাবিব তাই আৰু দেউতাকে……….। দেউতাকে মাজে মাজে তাকেই চাই থকা যেন পাই সি।
…………………………
ৰাতিপূৱাই খকা মকা কৈ সাৰ পাই চকু মোহাৰি চাই দেখে তাৰ বাচৰ যাত্ৰা ইতিমধ্যে শেষেই হ’ল। ততাতৈয়াকৈ বাচৰ পৰা নামি টেক্সি এখন বুক কৰি পেলালে সি। ইমান দিঘলীয়া বাচৰ যাত্ৰা সমাপ্ত কৰি টেক্সি এখন বুক কৰি লোৱাতোৱে সমিচিন হ’ব বুলি সি তাৰ পাহাৰীয়া যাত্ৰা আৰম্ভ কৰিলে। অকোৱা পকোৱা ৰাষ্টাৰে আগবাঢ়ি যাওঁতে সি ভাবি গ’ল তাৰ কাণ সমনীয়া গাৱঁৰে চিনাকী ভায়েকটোৰ কথা, মানে অভ্ৰৰ কথা। অভ্ৰৰ লগত তাৰ আগৰ পৰাই বন্ধুত্ব সুলভ কথা বতৰা তাতে নতুন ঠাই খনত অভ্ৰই ইন্দ্ৰক পাই একেবাৰে সনা পিতিকা হৈ পৰিল। তোৰ চাগে এইকেইদিন টোপনি নাই বুলি ইন্দ্ৰই ফোণতে অভ্ৰক জোকালে। সময়ত নিজৰ আবাস স্থলী পাই ইন্দ্ৰই দেখিলে অভ্ৰই তাৰ বাবে বাহিৰতে টহল দি ফুৰিছে। ইন্দ্ৰই মাত দিলে তোৰ টোপনি ন’হল বুলিনো ৰাতিতে উঠি ইয়াত ঘূৰি ফুৰিব লাগে নে? অভ্ৰই ক’লে, ক’ত ৰাতি,
এতিয়াতো ৮ এই বাজিল আৰু আপুনি চাগে ৯ঃ০০-৯ঃ৩০ৰ ভিতৰত ক্লাছ লৈ ওলাবই, সেইকাৰণেই অলপ আগতীয়া কৈ আহিলো। কিয় মোক ৰাতিপূৱাই লগ কৰিবই লাগিব নে কি বুলি ইন্দ্ৰই প্ৰশ্ন কৰিলে। অভ্ৰই ক’লে নহয় আপোনাৰ বা সন্ধিয়া কি কাম ওলাই আৰু এইকেইদিন দেখা নাই যেতিয়া খবৰ এটাকে কৰি যাঁও বুলিও ভাবিলো। তলা খুলি দি ইন্দ্ৰই একেবাৰে গা তোকে ঢুইলৈ অভ্ৰৰ ওচৰত বহিল। অভ্ৰই ইতিমধ্যে দুকাপ চাহ আনি টেবুলত থৈছিলেই। বাৰু এতিয়া ক কিবা বিশেষ কাম আছিল নে কি? নাই ও এনেয়ে বুলি ক’লেও, অভ্ৰই যে কিবা ক’বলৈ আহিছে ইন্দ্ৰই দেখিয়ে গ’ম পালে। লাহে লাহে সি আৰম্ভ কৰিছিল আপোনাক বোলে বিয়া ঘৰত মাজে মাজে কিবা কিবি চিন্তা কৰি থ কা যেন লাগিছিল। তই কি ক’লি ইন্দ্ৰ ই অভ্ৰলৈ চাই সুধিলে। কিনি কম আৰু মইতো ক’ব পৰা একোৱে নাই বাৰু বাদ দিয়ক পাছত ল’গ কৰিম আপুনি ওলাওক বুলি অভ্ৰই বিদায় ল’লে। সঁচাকৈ সন্ধিয়া ইন্দ্ৰ বহুত ব্যস্ত হৈ থাকিল অভ্ৰলৈ ফোণ এটাও কৰিবলৈ পাহৰি গ’ল। ৰাতি বিচনাত পৰাৰ পাছত হে মনত পৰিল অভ্ৰলৈ ফোণ এটা কৰা ন’হল বুলি। তিনি দিন পাছত অভ্ৰলৈ ইন্দ্ৰই ফোণ কৰিলে। ফোণ টো এবাৰ বজাৰ লগে লগে অভ্ৰই মাত দিলে ইন্দ্ৰ দা আজি ফ্ৰী আছে ন! ইন্দ্ৰৰ হাঁহি উঠি গ’ল অ’ই তই কি ফোণটো হাতত লৈ মই কৰিম বুলি ৰৈ আছিলি নে কি? নহয় আপুনি আজি ফোণ কৰিব যেন লাগি আছিলেই।
…………………………
সন্ধিয়া সময় অভ্ৰ আৰু ইন্দ্ৰ বাহিৰতে চকী দুখন পাৰি বহি আছে। কি ভাবিছে ইন্দ্ৰ দা, মোৰ মতে আপুনিতো ক’ব লগাখিনি ক’লেই গতিকে কিহৰ চিন্তা। ইন্দ্ৰই ক’লে অভ্ৰ তই কি ভাব? মইতো ক’লোৱেই, আপোনাৰ সকলোখিনি ইতিমধ্যে কোৱা হৈ গ’ল, গতিকে আপোনাৰ এতিয়া চিন্তা কৰিব লগীয়া একো নাই। মই আপোনাক ভালদৰে জানো বাবেইতো তাইক কৈছিলো। এইবাৰ মানে অহা উইন্টাৰ ভেকেচনতে দিঘলীয়া ছুটি পাব নহয় তেতিয়া কথা বোৰ চেটেল কৰি ল’ব। মোৰ হিচাপততো একো আপত্তি নাই চাগে। থকা হ’লেতো অন্তত মই গ’ম পালোৱেই হেঁতেন। অভ্ৰ মই কি কৰিম ধৰিব পৰা নাই ইন্দ্ৰই কৈ গ’ল। মোক অনলাইন দেখি সিদিনা মেচেজ এটাও পঠিয়াইছে। এনেয়ে সাধাৰণ খা-খবৰ। তইতো জান ই মোক, তাতে তই ইয়াত অহাৰ পাছৰ পৰা যিদৰে খবৰ বাতৰি লৈ আছ, তোক মোৰ বিষয়ে বুজাব লগীয়া আৰু একো নাই। মোৰতো একো সমস্যাই নাই তথাপিও কিবা কিছুমান কথাত চিন্তা হয়। তই কোৱা তোৱেই কৰিম ৰ, কিছুমান কথা মূখা মুখিকৈ পাতিলেহে সিন্ধান্ত ল’বলৈ সহজ হয়। সকলোখিনি যেতিয়া তয়েই কৰিছ তই কৈয়েই থবিচোন মই যে সিদ্ধান্ত লোৱাত বৰ এটা ভাল নহয়। তোৰ লগত যিহেতু বন্ধুত্ব আছে তই তাইক বেছি ভাল কৈ কথা বোৰ বুজাব পাৰিবি। অভ্ৰই ক’লে ইন্দ্ৰ দা মই ক’ব লগা খিনি ক’লোৱেই এতিয়া কথা বতৰা বোৰ আপোনালোকে পাতি ঠিকঠাক কৰি পেলাওক। আপোনাৰ সিদ্ধান্ত নো ভুল হ’ব পাৰেনে? ইমান বোৰ ল’ৰা ছোৱালী আজি আপুনি পঢ়াই মেলি শুদ্ধ ৰাষ্টা দেখুৱাব পাৰিছে যেতিয়া, নিজৰ ক্ষেত্ৰত নোৱাৰিব কিয়। তদুপৰি আপোনাৰ ইচ্ছাক সকলোৱে গুৰুত্বও দিব। বৰদেউতাই কিবা আপোনাৰ কথা চিন্তা নকৰে নেকি? চিন্তা নকৰা হ’লেনো সিদিনা বিয়া ঘৰত ইমান ব্যস্ত হৈ থকা সময়তো নো আপোনাৰ কথা সুধি ফোণ কৰেনে? ইন্দ্ৰই ক’লে নহয় অভ্ৰ কিছুমান কথা অলপ জটিল ধৰণৰ। বিশেষকৈ নতুন কৈ সম্পৰ্ক এটা কৰিব ধৰিলে, এইবোৰ কথাত মেৰপাক আহি যাবই। বাৰু হ’ব দে মই কিবা এটা চিন্তা কৰিম।
…………………………
আহ অভ্ৰ সোমাই আহ, ইন্দ্ৰই ক’লে। মই তোক আজি মতাৰেই কথা আছিল। এই বাৰ মই উইন্টাৰ ব্ৰেকতেই আৰু দুদিনমান বেছিকৈ ছুটি লৈ ল’ম। তই আকৌ বহু দিন নেদেখি মন চন বেয়া কৰি নাথাকিবি নহ’লে ব’ল তয়ো যাবি এইবাৰ। তইয়োতো ছুটি পাবি দুদিনমান। মইতো ছুটি পালে ভালেই পাম কিন্ত কোম্পানীৰ চাকৰিৰ ছুটি……আপুনিতো জানেই, ইন্দ্ৰলৈ চাই অভ্ৰই ক’লে। বাৰু বাদ দিয়ক সেইবোৰ, যাব পাৰিলে ভালেই হ’ব। পিছে কিয় বা আপুনি মাতিম বুলি ভাবিছিল? এটা কথা ভাবিছো অভ্ৰ মানে দুদিন মানৰ পৰা ভাবি ভাবি মনতো স্থিৰ কৰিছো। আজি তোক ক’ম। বিয়া ঘৰত সিদিনা কিবা নিজকে সেইটো পৰিয়ালৰে মই সন্তান নে কি জাতীয় কথাবোৰ মনলৈ আহিছিল। ভনী জনিক লৈ যে মাক ব্যস্ত হৈ থকা দেখিলো। কৰবাত যেন মোৰ নিজৰ মাক দেখা পাই যাম,আঁৰ লৈ লৈ তাকেই চাই আছিলো। তাইতো সম্পূৰ্ণ সেইটো পৰিয়ালৰে। সিদিনা অলপ বেছিকৈ নিজৰ কথা বোৰে চিন্তা কৰি আছিলো। অভ্ৰ তয়েই ক চোন মই যদি মোৰ হ’ব ধৰা সম্পৰ্কতো স্থায়ী ক ৰিব লৈ বিয়া খন পাতো বুলি ভাবো তাই বাৰু ঘৰ খনৰ সদস্য হৈ পৰিবনে য’ত মোৰ নিজকে আজিকালি অবাঞ্ছিত যেন লাগে। আজিকালি চোন নিজ পিতৃ মাতৃৰে পুত্ৰ বধুৰ লগৰ সম্পৰ্ক অহিন অকুল। তাতে মোৰতো মা নিজ মাতৃ নহয়েই। সেইবোৰেই চিন্তা হৈছিল সিদিনা। পিছে কি জান অভ্ৰ এই দুদিন মান ভাবি ভাবি মই এটা সিদ্ধান্ত লৈ আহি গ’লো। মই সিদিনা তাইৰ লগতো কথা পাতিলো। আচলতে তায়ো হেনো মই ভবাৰ দৰেই ভিতৰি ভিতৰি তেনে বোৰ কথা চিন্তা কৰি আছিল। হয়ো দেচোন মোৰ নিজ মাতৃ হোৱা হ’লে হয়তো তাই বেছি ভাবিব লগীয়া ন’হল হেঁতেন অবশ্যে বিয়াত বহাৰ তাইৰ মত আছেই। কিন্ত মোৰ সিদ্ধান্ততো তাইক কোৱাৰ আগতেই তোক জনাই লঁও বুলি ভাবিহে আজি মতাৰ কথা আছিল। অভ্ৰই শুনি গৈছে, ইন্দ্ৰ মানে তাৰ মৰমৰ ইন্দ্ৰ দাৰ কথা। ইন্দ্ৰজিৎএ এইবাৰ অলপ দৃঢ়তাৰে অভ্ৰলৈ চাই ক’লে মই মোৰ নিজৰ দুঃচিন্তা বোৰ আতঁৰাই মোৰ নিজৰ পৰিয়াল গঢ় দিম আৰু মি ভাবিছো মোৰ সন্তানক এটা সম্পূৰ্ণ নিজৰ পৰিপূৰ্ণ পৰিয়াল দিম, যাৰ নিজ মাতৃ এগৰাকী থাকিব। অভ্ৰই ইন্দ্ৰৰ কথাবোৰ শুনি ইন্দ্ৰৰ হাত দুখনত খামোচ মাৰি ধৰি ক’লে ইন্দ্ৰদা আপোনাৰ সিদ্ধান্ত সচাঁই বিশ্বস্ত।।।
…..সমাপ্ত…..