…..প্ৰিয়াংকা চক্ৰৱৰ্তী….
চলচ্চিত্রৰ পৰা বাস্তৱলৈ বিৱৰ্তনধৰ্মী যি বিশ্লেষণ, সেই বিশ্লেষণ মতে নিৰ্মাণ হোৱা চলচ্চিত্রৰ সংখ্যা আমাৰ সমাজত নগণ্য । চলচ্চিত্রৰ বাস্তৱবাদী মতাদৰ্শৰ এজন পুৰোধা ছিগফিড একান্তে বিশ্বাস কৰে যে প্ৰাকৃতিক বাস্তৱক কেমেৰাৰে ধৰি ৰাখি প্ৰকাশ আৰু প্ৰতিষ্ঠা কৰাই চলচ্চিত্রৰ দায়িত্ব । চলচ্চিত্র সমালোচক আঁদ্ৰে বাজ্যাই নিজৰ গ্ৰন্থত লিখি থৈ গৈছে যে – চলচ্চিত্রৰ বাস্তৱতা বৈজ্ঞানিক বাস্তৱতা নহয়, কল্প-বাস্তৱতাৰহে প্ৰকাশ, য’ত আমাৰ পৰিচিত পৃথিৱীখনৰ নিজস্ব প্ৰতিছবি সম্পূৰ্ণৰূপে পুনৰ সৃষ্টি কৰা হয় ।
যোৱা কেইটামান দশকত প্ৰবল হৈ উঠা সাহিত্যৰ উত্তৰ-আধুনিকতাবাদী তত্ব সমালোচনাৰ প্ৰভাৱ চলচ্চিত্র ক্ষেত্রলৈও সম্প্ৰসাৰিত হৈছে আৰু এই নতুন তত্বসমূহৰ পোহৰত চলচ্চিত্রৰ বাস্তৱতাকো নতুনকৈ বিচাৰ কৰি চোৱাৰ প্ৰয়াস কৰা দেখা গৈছে । কেইবছৰমান আগতে বাংগালুৰুত হোৱা ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্র মহোৎসৱৰ সময়ত প্ৰখ্যাত চলচ্চিত্র সমালোচক চিদানন্দ দাশগুপ্তই মাৰ্কিন মাৰ্ক্সবাদী সাহিত্য-তাত্বিক ফ্ৰেডিক জেইমছনক সোধা এটা প্ৰশ্নৰ উত্তৰত তেঁও স্পষ্টভাবেই কয় যে উত্তৰ আধুনিকতাবাদী সমালোচনা আৰু আন্তঃপাঠ বিশ্লেষণে চলচিত্ৰ মাধ্যমক ছপা মাধ্যমৰ ঘনিষ্ঠ কৰি তুলিছে । এই তত্ত্বৰ জ্ঞান এক পুৰোধা ৰোঁলা বাৰ্থে উদ্ভাবন কৰা সূত্ৰই সাহিত্য সংস্কৃতিৰ এই নতুন আৰু বিচিত্ৰ তাত্ত্বিক চিন্তা সমুহ সহজে দ্ৰুতগতিৰে চলচ্চিত্ৰ অধ্যয়নক্ষেত্ৰলৈও সম্প্ৰসাৰিত হ’ল আৰু চলচ্চিত্ৰৰ বাস্তবতাক ইবোৰে স্বাভাবিকতেই প্ৰভাৱিত কৰিলে ।
তৃতীয় বিশ্বৰ দেশসমুহত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে সক্ৰিয় বিভিন্ন দেশী বিদেশী শক্তিয়ে নিজ স্বাৰ্থত সিবোৰৰ ৰাজনীতি আৰু অৰ্থনীতিক প্ৰভাৱিত কৰি জটিলতা আৰু সংকতৰ সৃস্টি কৰি আহিছে । আমাৰ দেশৰ বাস্তবতাক কলাৰ মাধ্যমত পৰিস্ফুট কৰিবলৈ যাওঁতে সেয়ে তাক প্ৰকৃত পৰিপ্ৰেক্ষিতত গভিৰ ভাবে অৱলোকন কৰা দৰকাৰ ।
জাহ্নু বৰুৱাৰ”ফিৰিঙতি” ত দেখুওৱা কাহিনী অনুযায়ী এখন পিছপৰা ভিতৰুৱা গাঁৱত দূৰৰ চহৰৰ পৰা এগৰাকী বিধৱা গাভৰু আহি স্কুল প্ৰতিষ্ঠা কৰি শিক্ষাদান কৰিবলৈ যাঁওতে তেঁও সন্মুখীন হোৱা বিভিন্ন প্ৰতিবন্ধকতা আৰু সংগ্ৰামৰ দস্তাবেজ কাহিনীটোৰ মূল উপজীৱ্য ।
সামাজিক উদ্দোশ্যধৰ্মি কাহিনীৰ বাবে চলচিত্রখনৰ কাহিনী প্ৰয়োজনীয় (অথবা ক’ব পাৰি নিজ স্থানত সঠিক) । কিন্তু আমি একে সময়তে মনত ৰাখিব লাগিব যে সাক্ষৰতা আৰু শিক্ষা একে নহয় । সাক্ষৰতা অবিহনেই শিক্ষিত লোকো আমাৰ সমাজত আছে । সেই দিশৰ পৰা চালে ‘ফিৰিঙতি’ত সামাজিক উদ্দেশ্যপুৰ্ণ কাহিনীক জাহ্নু বৰুৱাই সকলোভাৱে চিত্রৰূপ দিছে । চবিখনৰ গাঁৱৰ দৃশ্য সমূহত কেমেৰাৰ কাম দৃষ্টিনন্দন আৰু অতি সাৱলীল । প্ৰতীকৰ ব্যৱহাৰেও ছবিখনক এক বিশেষ মৰ্যদা প্ৰদান কৰিছে ।
ঠিক তেনেদৰে ২০১৮ চনত মুক্তি পোৱা ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ’ৰ কথা উনুকিয়াব পাৰি । চিনেমখনৰ মূল আত্মাটোৱেই এয়া যে ইয়াত মানুহৰ শৈশৱ আৰু কৈশোৰ কালটোক এনেদৰে দেখুওৱা হৈছে যিটো ৱেশ-ঠাই-ভাষা ভেদে সকলো ঠাইতে একে থাকে । সম্পূৰ্ণ গাঁৱৰ পৰিৱেশত কৰা চিনেমাখনে দৰ্শকক এক বাস্তৱতাৰ সোৱাদ দিব পাৰিছে (দুই-এক অতিৰঞ্জিত দৃশ্য বাদ দি) । ‘ধুনু’ অৰ্থাত ভনিতা দাসে গছত উঠা, তামোল পাৰি অনা, বৰশীৰে মাছ ধৰি পোৱা ফূৰ্তি, স্কুলত শিক্ষকৰ গালি খোৱা ল’ৰাজনক ‘হুদু’ বুলি জোকোৱা, বৰষুণৰ দিনত চাইকেল চলাই যাওতে বৰষুণ আৰু চাইকেলৰ মিশ্ৰিত শব্দ – এইসমূহত দৰ্শকে বাস্তৱতাৰ সম্ভেদ পাব ।
চলচ্চিত্র নিৰ্মাণ আৰু সম্পাদনাৰ ক্ষেত্রত বাস্তৱতাক জুখি চোৱাটো এই জৰুৰী । বিশেষকৈ অসমীয়া চিনেমাৰ ক্ষেত্রত ইয়ে প্ৰাধান্য লাভ কৰা উচিত এইকাৰণেই যে অসমৰ সামাজিক-অৰ্থনৈতিক সমস্যাৰাজিক প্ৰদৰ্শন কৰাৰ এক মাধ্যম হ’ব পাৰে অসমীয়া চিনেমা । সেয়ে, অসমীয়া চলচ্চিত্রৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই এই ক্ষেত্রত চৰকাৰ, বিভিন্ন চলচ্চিত্র সংগঠন আৰু ৰাইজ সচেতন হোৱা উচিত ।
প্ৰিয়াংকা চক্ৰৱৰ্তী
গুৱাহাটী বিশ্ববিদ্য়ালয়