ৰামধেনুৰ ৰং

……✍ নীতিৰাজ চহৰীয়া……

               ঘৰটোৰ এফালে ডাঠ হাবিখন, আনফালে পুখুৰীটো । ঘৰ মানে ঠিক ঘৰ নহয়, খেৰ-বাঁহেৰে সজা জুপুৰি এটা । এচুকত এটা চৌকা, তাৰ সমুখত বাঁহৰ চাং এখনত  পাকঘৰৰ সজুঁলি দুবিধমান, ক’লা বৰণ লোৱা বৈয়াম দুই-তিনিটা। দুহাতমান দূৰত মলিয়ন চাদৰ এখন ওলমি আছে । চাদৰখনৰ ওপৰত ধোঁৱা-চাইৰ প্ৰলেপ। বাঁহৰ খাটখনক চৌকাটোৰ পৰা পৃথক কৰা এক প্ৰচেষ্টা । জুপুৰীটোৰ সমুখত কেইজোপামান বগা গোলাপ ফুলি আছে। বয়স তিনি কুৰি পাৰ কৰা ফাগুনী বায়ে তাত নিতৌ পানী ছটিয়াই । ফাগুনী বাইৰ তেজৰ সম্পৰ্ক থকা কোনো ভাই-ভনী নাই এতিয়া। কিন্তু গাঁৱৰ সৰু-বৰ সকলোৱে তেওঁক এই মতেৰেই মাতে । তেওঁৰ জন্ম ফাকুৱা উৎসৱত, সেয়েহে নাম ফাগুনী ।
                 ৰাতিপুৱা । বহাগ মাহ । বুকুত মেখেলাখন পিন্ধি ফাগুনী বাই পুখুৰীটোৰ মাজলৈ নামি গল । পানী এবুকুমান হব ।হাঁতেৰে পানী এচলু তুলি তেওঁ মুখত ললে । সুয্যৰ ফালে মুখ কৰি ফু- মাৰি পানীখনি ছটিয়াই দিলে । পানীৰ কণিকাবোৰৰ মাজত এখন ৰামধেনু সৃষ্টি হল আৰু ৰামধেনুৰ ৰঙত ষাঠি বছৰীয়া ফাগুনী বাই দহ বছৰীয়া ফাগুণীলৈ ৰূপান্তৰিত হল ।
                 গাওঁৰ ৰাজহুৱা পুখুৰীটোৰ ছোৱালীকেইজনীমান গা ধুইছে। আনটো ঘাটত লৰা কেইজনমান । দুজনমানে পাৰৰ পৰা কিৰিলি পাৰি পানীলৈ জাপ দিছে । কেইজনমানে সাঁতুৰিব নজনা কেইটাক ‘ট্ৰেইনিং’ দিছে। দুজনীমান ছোৱালীয়ে ফাগুনীহঁতক পানী ছটিয়াই ৰামধেনু সাজিব শিকাইছে । তিতা কাপোৰেৰেই ফাগুনী পাৰলৈ উঠি আহিছে ।
                   দিনবোৰ এইদৰেই বাগৰিছে । তাই  ৰামধেনুৰ ৰং খেদি ফুৰিছে । জীৱনে ৰং সলাইছে। তিতা কাপোৰেৰে পুখুৰীৰ পাৰলৈ উঠি আহিব ফাগুনীৰ লাজ লগা হৈছে । বাহিৰত ওলাই গলে বুকুত কাপোৰ এখন লৈহে গৈছে । ফাগুনীয়ে ৰামধেনু খেদি ফুৰিবলৈ সময় নোপোৱা হৈছে ।বেমাৰী মাকৰ হৈ পাকঘৰ চম্ভালিব লগা হৈছে । আৰু কেইটামান বসন্ত এইদৰেই পাৰ হৈছে । তাইৰ কপাল সেন্দুৰীয়া হৈছে ।
                  কিবা এটাই ভৰিত খুন্দিওৱাত ফাগুনী বাইৰ সম্বিত ঘূৰি আহিল । হয়তো মাছ হব পাৰে। পাৰত আহি তেওঁ বগা পোচকজোৰ পিন্ধি ললে ।এই ৰংটোৱে এসময়ত তেওঁক আতংকত কঁপাই তুলিছিল । বগা মানে আনৰ বাবে পবিত্ৰতাৰ প্ৰতীক হব পাৰে, হব পাৰে ই শান্তিৰ চিহ্ন, কিন্তু ফাগুনী বাইৰ খাবে বগা মানেই এক ভয়বহতা, বগা মানেই এক অসহ্য বিষাদ, এক বুজাব নোৱাৰা নিঃসংগতা , এক বোবা যন্ত্ৰণা ।
                    ফাগুনীৰ নতুন ঘৰখনত সা-সম্পত্তি বুলিবলৈ বিশেষ একো নাছিল । কিন্তু দীপকে মৰমেৰে ঘৰখন উপচাই ৰাখছিল। হওঁতে সিওঁ ঘাট মাউৰা, সৰুতে মাক- দেউতাকক হেৰুৱালে । ককাকৰ সাধু শুনি ডাঙৰ হোৱা দীপকে এদিন তেওঁকো হেৰুৱালে। তাৰ নিজৰ বুলিবলৈ কোনো নাছিল । কিন্তু বেছ ফুৰ্তিমান আছিল। সৰু সৰু বস্তুবোৰত সুখ বুটলিব জানিছিল । দিন-মজুৰি কৰি পোৱা টকাৰে সিহঁতৰ ঘৰখন চলিছিল। কামৰ পৰা উলটি আহোতে সি সদায় তাইলৈ বনফুল  এপাহ লৈ আহিছিল । কেতিয়াবা সি তাইৰ কোলাত কেঁচুৱা এটাৰ দৰে শুই পৰিছিল। তাৰ বুকুৰ মাজত ফাগুনীয়ে এখন নতুন আকাশৰ সন্ধান পাইছিল। এক বিশাল আকাশ ।তাই আকৌ ৰামধেনু খেদি ফুৰিছিল । ঘৰৰ সমুখত সিহঁতে কেইজোপামান বগা গোলাপ ৰুইছিল। কিন্তু বিয়াৰ ছমাহৰ পিছতে এদিন সেই বগা গোলাপৰ পাত তেজেৰে ৰাঙলী হৈছিল । দীপকৰ হঠাৎ তেজ বমি হৈছিল । গাঁৱৰ কবিৰাজে চিকিৎসা আৰম্ভ কৰাৰ আগতেই ফাগুনীৰ কঁপাল উকা হৈছিল । ৰঙীন সাজযোৰ সলাই বগা সাজ পিন্ধিব লগা হৈছিল ।
                    দীপক গুচি যোৱাৰ তিনিমাহ পিছত ফাগুনীৰ জীৱনলৈ আকাশ আহিছিল। তাইৰ প্ৰথম সন্তান, প্ৰথম আৰু একমাত্ৰ । ফাগুনীয়ে পুনৰ সপোন দেখিছিল । আকাশৰ মাজত তাই হেৰুওৱা দীপকক পুনৰ বিচাৰি পাইছিল । তাই আৰ ঘৰে তাৰ ঘৰে কাম কৰি পেট পুৰাইছিল । দিনৰ পিছত মাহ, মাহৰ পিছত বছৰ পাৰ হল । আকাশ লাহে লাহে ডাঙৰ হবলৈ ধৰিলে । সি খেলিব ওলাই যাব পৰা হল, পুখুৰীত নামি গা ধুব জনা হল, যদিওবা সাতুৰিবি শিকা নাছিল । লাহে লাহে কামবোৰ কমি আহিল, ফাগুনী বাইৰ চৌকা দুই-তিনিদিন ভালদৰে নজ্বলাকৈ থকা হল । পাকঘৰত যিদিনা চৌকা নজ্বলে , ভোকত আকাশৰ পেটত  জুই জ্বলে, আৰু ফাগুনী বাইৰ মনত । তেনেকুৱা সময়তে, এদিন ৰাতি মানৱ-ছাঁয়া এটা সিহঁতৰ ঘৰলৈ অহা দেখা গল । পিছদিনা সিহঁতৰ চৌকা জ্বলিছিল । আকাশে পেট ভৰাই খাব পাইছিল । ফাগুনী বাইৰ অন্তৰাত্মা দহি উঠিছিল । তেওঁ তীব্ৰ অনুশোষণাত ভুগিছিল । বিবেকৰ দংশনে তেওঁক খুলি খুলি খাইছিল । কিন্তু পেটৰ ভোকৰ আগত সকলোৱে হাৰ মানিব বাধ্য হৈছিল ।
                    লাহে লাহে ফাগুনীৰ ঘৰলৈ ৰাতি অহা মানুহৰ সংখ্যা বাঢ়িছিল । কথাবোৰ চুবুৰীটোত বু-বু-বা-বাকৈ ওলাইছিল । মাজৰাতি কোনোবাই ৰাস্তাৰ পৰা কিৰিলি পাৰিছিল, বহুতো অশ্লীল শব্দ ভাঁহি আহিছিল। ফাগুনীক এঘৰীয়া কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । সিদ্ধান্ত লোৱা কেইজনমানৰ ভিতৰত তেওঁৰ ঘৰলৈ ৰাতি লুকাই- চুৰকৈ অহা কেইজনমানো আছিল ।
                    এবছৰ এইদৰে পাৰ হল । দিনত ফাগুনীৰ ছাঁ দেখিব নোৱাৰে বহুতো ৰাতি তাইৰ ঘৰলৈ মানৱ-ছাঁয়া হৈ আহি থাকিল । এদিন ঢল -পুৱাতে আকাশ গা-ধুবলৈ ওলাই গল । যি গল গলেই উভতি নাহিল । আবেলিলৈ তাক দূৰৰ পুখুৰী এটাত ওপঙি থকা দেখা গল । হয়তো সাঁতুৰিব নজনা লোৰাজন কেনেবাকৈ বেছি গভীৰতালৈ নামি গল ।
                     ফাগুনী বাইৰ জীৱনৰ  ৰামধেনুখন কলা ৰঙেৰে ভৰি পৰিল । কিন্তু তেওঁ জিয়াব নেৰিলে , নেৰিলে জীৱনৰ লগত যুঁজিব । এইদৰে যুঁজিয়েই তেওঁ তিনি কুৰি বয়স পাৰ কৰিলে । এতিয়া তেওঁৰ জীৱনলৈ ভয় নাই। বগা- সাজজোৰে তেওঁক এতিয়া নকন্দুৱাই । এতিয়া ৰাতি কিৰিলিবোৰ তেওঁ নুশুনে , ভাহি নাহে অশ্লীল গালি-গালাজ। ৰাতি চোৰৰ দৰে অহা মানুহবোৰো এতিয়া নাই ।তেওঁ এতিয়াও এজনী কিশোৰীৰ দৰে  পুখুৰীৰ পানীত ৰামধেনু সাজে । ৰামধেনুৰ ৰংতেই তেওঁ হেৰুৱাই , ৰামধেনুৰ ৰংতেই  তেওঁ হেৰুৱা জীৱনৰ ৰং বিচাৰি পায়।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *