প্ৰতাৰিত হৃদয়ৰ গোপন বেঁথা

…..অজিতা দাস…..

শব্দবোৰ শিপাই ;
হৃদয়ৰ গভীৰতালৈ,
আঘাত কৰে আৱেগক।

হীনমান্যতাই আৱৰি ধৰে,
প্ৰশ্ন জাগে …..
কিয় প্ৰাধান্য দিওঁ আমি আনক?
যাৰ বাবে হেৰাই পেলাওঁ নিজক,
নিজৰ আত্ম-সন্মানক।

প্ৰেম – ভালপোৱাবোৰ,
হয়তো তেনেকুৱাই,
যিয়ে প্ৰতাৰণা কৰে
তাকে খেদি খেদি যায়।।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *