প্ৰেমপত্ৰ

…..নিশামণি ডেকা……

মৰমৰ
প্ৰিয়তম
মৰম লবা। সকলোবোৰ তোমাৰেই যদিও খুলি দেখোৱাৰ প্ৰয়োজনীয়তা মাজে মাজে অনুভৱ কৰো,সেয়ে হিয়া বিয়পি থকা অবুজ-বুজনৰ অভিমানৰ টোপালাবোৰো মৰম হিচাপে গ্ৰহণ কৰিবদেই ।কুশলে আছা বুলি হৃদয় আৰু মস্তিষ্ক জ্ঞাত যদিও সদায় নেদেখা জনৰ ওচৰত হাত যোৰ কৰিব বাধ্য, তোমাৰ আশু আৰোগ্য কামনাৰ বাবে অভিমান হলেও।ইশ্বৰৰে যেন সদায়েই তোমাক কুশলে ৰাখক মন আৰু দেহ সকলো ফালৰ পৰা ।

চিঠি আৰু নিলিখো বুলি সম্পূৰ্ণ সিদ্বান্ত আছিল এইবেলি মোৰ , কিয়নো প্ৰতিবাৰৰ দৰে এইবাৰো কেৱল মোৰ অনুভৱৰ কাগজৰূপে পঠিয়াই দিয়া দ্বায়িত্ব নহয় এই চিঠি৷ কিয়নো উত্তৰৰ মৰিচিকা খেদি খেদি মই ভাগৰি পৰিছোঁ ।আৰু সেইবাবে আজি শেষৰখন চিঠি আপোনালৈ বুলি পঠিয়াইছো।অ’ যোৱা সপ্তাহত বুধবৰীয়া হাটলৈ বুলি ওলাইছিলো ।আপুনি ভালপোৱা প্ৰিয় ৰঙ ৰঙা-নীলাৰ সমাহাৰ মেখেলা খনৰ সৈতে আইৰ হাতৰ বুটাবচা চাদৰখন লগতে !! চুলি খিনি বান্ধি য়ে ল’লো, মেলি জালি জখিনী জনী হৈ থকা মই জনীক আই পিতাৰ পিছতে আপুনিয়েয়ে ভালপোৱা অন্তিমজন ব্যক্তি। অৱশ্যে আপোনাৰ লগত সকলো সুকীয়া ,কিন্তু অন্য প্ৰান্তৰ লগত নহয় যে,সেয়ে আপোনাক পাহৰাৰ অনুশীলন খঙতে কৰো দীঘল চুলি কোচাও যোৱা মাহত কাটি দিলো পাহৰণিৰ পম খেদি….
কিন্তু,আপুনি দূৰণিত থাকিলেও আপোনাৰ ম্মৃতি ,আপোনাৰ
ভালপোৱা ই আজিও ভিৰৰ মাজত মোক মাথোঁ আপোনাৰ কৰি ৰাখে ।
অ’ লগতে সৰু টোপোলাটোত দুটামান হেপাঁহৰ পইছা আৰু আপোনাক দিম বুলি বৈ ওলোৱা ৰুমাল খন,লগতে ৰাখিব খোজো যে তোমাক সদায়, সেইবাবেই ৰুমালখনকে আপুনি বুলি কঢ়িয়াও।
লকডাউনৰ গোটেই দিনকেইটা মা-বা হতৰ পৰা গাঁৱৰ ঘৰৰ বৰ্ণনাৰ কথো শুনো,আনফালে টি.ভিত কৰুণাৰ প্ৰভাৱৰ কথা শুনি শুনি কাণৰ বিষ উঠি গৈছে ,
মাজৰাতি আপোনাৰ লগত দেখো হ‌ও সপোনত আমি কথা ক‌ও বন্ধুত্ব, বিশ্বাস তথা প্ৰেমৰ,আপুনি অভিমানতে ৰয়,ৰাতিপুৱা উঠিয়েই আইতাৰ বিশ্বাসক বিশ্বাস কৰি ঘৰৰ পিছপিনৰ পুখুৰীৰ পাৰৰ আম গছ ডালৰ আগত কথাখনি মুকলি কৰো জানোচা পুৱতি নিশাৰ সপোন ফলিয়াই,সপোনৰ সময়বোৰৰ লগত মই হে ৰৈ যাবলৈ উত্তাবল হৈ পৰো,সেইবুলি বেলিটোও ৰাতি কাতি থৈ ন-প্ৰভাতক আনে সময়বোৰ দৰে দৌৰি য়ে আছিল তেতিয়াও!

সচাই কও। একেবাৰে সময়বোৰলৈ ভাগৰ লগা নাছিল,একান্তই মোৰ নিজৰ সময় আছিল,আপুনি গোন্ধটো কিন্তু কিছুমান বস্তু যে নেদেখাই কৰি ভাল লাগে যে কথাটো তেনেকুৱাই । দৰাচলতে ম্মৃতি বিচাৰি হাবাথুৰি খাই ছিলো মই হঠাতে গছ জুপি দেখি । ক’ত যে কিমান কাহিনী আমাৰ এই গছ ডালৰ তলত মনত আছেনে তোমাৰ ? মনত আছেনে তোমাৰ স্কুল ছুটী সোনকালে হয় নে দেৰিকৈ হয় তাৰ অনিশ্চয়তাত ৰৈ থকা মোৰ বাবে আৰু মই আহিলে নেদেখাৰ ভাও ধৰি আকৌ মই নেদেখা হোৱালৈকে হালি হালি চোৱা!!মনত আছেনে তোমাৰ মোক প্ৰথমবাৰৰ বাবে হিয়া উজাৰি কোৱা মনৰ কথা আৰু হিয়াত গুজিদিয়া মৰমৰ গোলাপ পাহ ,য’ত আমি চিৰদিনৰ বাবে ভালপোৱা সুগন্ধ বিলাই যাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিলো দুইজনে ; মনত পৰেনে তোমাৰ?এতিয়া যে এই সকলো বোৰ এৰিব ধৰা ৰেলগাড়ী খনৰ দৰে , যাক মই এৰিব বুলি জানিও ৰখাব পৰা ৰ পথ নাই , মাথোঁ চাবলৈয়ে যোগ্য । পপীয়া তৰাৰ দৰে জানো কিয় সলনি হল ভালপোৱাবোৰ , ক’ত হেৰুৱাই পেলালো ৰঙীণ পখিলা ।কিয় বা যোগ্যতাৰ মাপকাঠিৰ সীমনাত আজি সকলো কুৱলী?? উত্তৰ দিব পাৰিবানে?

লিখিব বহিলে যে ক’ত কি কথা মনলৈ আহে । আমনি পাইছা নেকি বাৰু । কি কৰিবা লিখি শেষ কৰিব নোৱাৰা বুৰঞ্জী এয়া । হাটৰ পৰা বিশেষ একো কিনা নহল বেণীত গুজিব দুডালমান লবৰ আৰু আইৰ তাতৰ বাবে সুতা ।বিহু আহি পালেহি যে ,
আৰু বিহু লৈ আহিবই দেই এইবেলি; নহলে ভৰ বাৰিষাৰ দৰে মোকো সুখবোৰে খুন্দা মাৰি ধৰি উভৰি আহিলে কোনোৱে ও ৰখাব নোৱাৰিব কিন্ত , চাই ল’বা ।

শেৱালি সৰি শেৱালি ফুলিবৰ হল , আজিও কিন্তু তুমি অহাৰ কামনাতে নিয়ৰবোৰ সেমেকাই ৰাখিছোঁ , আৰু পলাশক ৰঙীন হৈ থাকিবলৈ সকিয়াই দিছোঁ জানা। শেষত, এইবেলি উত্তৰ নিদিয়াকৈ নাথাকিবা দেই !! নহলে স্বাভিমান বোৰ বুকুত বান্ধ খালে কিবা হয় আকৌ !!! মৰমেৰে
তোমাৰ
প্ৰিয়তমা

Share কৰক:

6 Comments

  1. Bhal hoise nisha.. dhuniake likhiso??❤️

  2. Tumar likhoni bor dhunia baa..ru anekoi likhi thkba hodai..

  3. It’s a masterpiece. Keep up d good work

Leave a Reply

Your email address will not be published. Required fields are marked *