……প্ৰিয়ম হাজৰিকা….. চাৰিং, শিৱসাগৰ….
ৰাতিপুৱা হঠাৎ চৰাইৰ চিঁচিয়নিত সাৰ পাই গ’লো ৷ তথাপি টোপনিয়ে লগ এৰা নাছিল, আনকালৰ দৰেই ৷ উঠিবলৈ মন নাই ৷ কিন্তু ইমান কোলাহলত জানো শুব পাৰি ? নাই নোৱাৰি ৷ গিৰিপকৈ বিছনাখনতে বহি পৰিলো ৷ তেনেতে, “হে ভগৱান ! কি দেখিছো এয়া ৷ মই পৃথিৱীতে আছোঁ নে? নে ‘এলিচ’ৰ দৰে অজান দেশ পালোহি? এয়া ঘৰ নে চিৰিয়াখানা ? গোটেই কোঠালিটো লতাই বেৰি ধৰিছে ৷ মূৰৰ শিতানতো গোটেই গছৰ পাত ৷ পাত ভৰ্তি মজিয়াখনত খালী ঠাই বুলিবলৈ একোৱে নাই ৷ এইটো মোৰ কোঠালিয়ে নে ? হয়, কোঠালিটো মোৰেই ৷ কিন্তু?? সৌখনচোন মোৰ পঢ়া টেবুল ৷ আৰে কিতাপসোপাৰ ওপৰত সেইটো কিহে চকু পিৰিকিয়াই আছে? কেৰ্কেটুৱাচোন ! হয়তো এয়া সপোন ৷ এক আচহুৱা সপোন ৷”এই ভাবিয়েই গালদুখনত বাৰে বাৰে থপৰিয়াবলৈ ধৰিলো ৷ এই মুহূৰ্তত মোৰ কাম্য এটাই—‘এই তমসাবৃত নিদ্ৰাৰ পৰা যাতে চিৰকাললৈ সাৰ পাওঁ ৷’
ইতিমধ্যে কপৌ এজনীয়ে ধপধপাই কোঠাটোৰ ইমূৰৰ পৰা সিমূৰলৈ উৰিবলৈ ধৰিলে ৷ “ছিঃ ছিঃ ঘৰটোৰ অৱস্থাই নাইকিয়া হ’লচোন ! কোনেও একো নকৰে কিয় ? এনেতে হাতত সৰু কটাৰী এখন লৈ আইতা সোমাই আহিল ৷ “মাজনী, গা ভাল পাইছ নে ?”— “হু” বুলি কৈ একেজাপে বিছনাৰ পৰা উঠিলো আৰু একে কোবে দৌৰি গৈ পাকঘৰ পালোগৈ ৷ মাৰ শান্ত আচৰণত পুনৰ হতবাক হ’লো ৷ স্বাভাৱিক স্বৰতে আনকালৰ দৰেই মায়ে সুধিলে, “তই ফিকা চাহ খাবি নে গাখীৰ দিয়া চাহ খাবি ?” তবধ লাগি মাৰ মুখলৈ চালোঁ ৷ একমুহূৰ্তৰ বাবে ইমানবোৰ প্ৰশ্নই মোক জুমুৰি ধৰিলে যে মোৰ মুখৰ পৰা ওম তৎসৎ একোকে নোলাল ৷ বাকৰুদ্ধ হৈ পৰিলো ৷ চৌপাশে দেখিছো মাথোঁ হাবি আৰু হাবি ৷ উপায়ন্তৰ হৈ চকু দুটা আলফুলকৈ মুদি দিলো আৰু মজিয়াতে বহি পৰিলো ৷ বহুপৰ ভাবিও উত্তৰ নাপালো, এয়া বাস্তৱ নে স্বপ্ন? অনাকাংক্ষিত বাস্তৱৰ স্বপ্নস্বৰূপ নে অনাগত ভৱিষ্যত…..??
We need more from this writer.??