পদ্মা’ৰ সেইকাপ চাহ

……..অভিলাষ দাস (২০১৬-১৮)……
……শ্ৰেষ্ঠ সহিত্য প্ৰতিযোগী ২০১৮, গুৱাহাটী বিশ্ববিদ্যালয়…….

“ময়ূৰীয়ে তামাম লিখে অজিকালি”
বহুদেৰি টাইপিং …
আৰু কিবা যোগ কৰিব খুজিছিল যদিও উদ্দীপ্তই ঠিকেই বুজিলে যে সেইষাৰ আন এপাত অস্ত্ৰহে আছিল তাৰ প্ৰতি তাৰ বান্ধৱীৰ ৰাধিকাৰ । কিনো কৰিব তায়ো, বান্ধৱী হ’ল বুলিয়েনো তাই নিজৰ “প্ৰ্কাশক” চিনাকীটো পাহৰি যাবনে!
নেট কানেকশ্যনটো কিছু সময়ৰ বাবে বন্ধ কৰি দিলে সি । ধাৰাবাহিক উপন্যাসৰ পৰৱৰ্তী খণ্ডটো পঠিয়াব পাৰা নাই সি ।সেয়ে ইমান তাগিদা । কিবা এটা অকৰ্মণ্যতা, কিবা এটা উশাহহীনতাই যেন তাৰ কলমক হেঁচি ধৰিছে ।
খোলা খিৰীকিৰ বগা হাফ পৰ্দাখন গুছাই সি আকাশলে চাই হাতৰ কাঠপেঞ্চিল ডালেৰে মেঘবোৰকে অকাঁৰ ভ্ংগীমাৰে কিছুসময় বহি ৰ’ল ।
অলপ পিছত নিজেই হাহিঁ নিজকে প্ৰশ্ন কৰিলে সি, “থকা মেঘবোৰকে আকৌ সজাই মই কি পাম!”
কিবা এটা ভাবি সি তাৰ ড্ৰয়াৰটো খুলিলে । তাৰ পুৰণা ন’কিয়া এক্সপ্ৰেছ মিউজিক মোবাইলটো উলিয়াই লৈ তাৰ saved messages ফ’ল্ডাৰটো খুলি চকু মুদি সি মেছেজবোৰ স্ক্ৰ’ল কৰিব ধৰিলে । এঠাইত ৰৈ গ’ল সি । চকু মেলি মেছেজটো অ’ন কৰিলে সি —“সেই কাৰণেই তোমাৰ লিখা ভাল পাওঁ মই, তোমাতকৈও বেছি । তোমাৰ কবিতাই মেঘালী আকাশত মেঘৰ নহয়, সাউতকৈ অহা প্ৰথমজাক বাৰিষাৰ বৰষুণৰ ৰঙ সানে ।তুমি সোঁতক নহয়, বতাহক আঁকি পেলোৱা । তামাম লিখা তুমি”
উদ্দীপ্তই আকৌ চকু দুটা মুদি দিলে ।
কিছুসময় পিছত সি হাতত কলমটো তুলি লৈ আৰম্ভ কৰিলে তাৰ ধাৰাবাহিক উপন্যাসখনৰ পৰৱৰ্ত্তী খণ্ড—-
“ প্ৰিয়জন আজীৱন কাষৰত নাথাকিলেও আজীৱন থাকি যায় তেঁও দিয়া প্ৰেৰণা উশাহে উশাহে, ফুলি ৰয় হৃদয়ত কৃষ্ণচূড়া তেওঁৰ পৰশৰ সাঁচে সাচেঁ………………
সপোন আৰু সময়…….ইহঁতৰ মিলন য’ত, তাৰেই হয়তো কোনোবাটো কেকুঁৰিত লহপহকৈ বাঢ়ি আহে বতাহকো জুৰ পেলাই যাব পৰা এটা কবিতা কবিতা লগা অনুভূতি । সকলো ঠিকেই আছিল, ঠিক খালি নহ’লগৈ ইয়াৰ পাৰ্থিৱ স্থায়ীত্ত্বহীনতা । কিন্তু এয়া জানো স্বাৰ্থপৰ অনুৰাগৰ উদাহৰণ নহয়? উদ্দীপ্তই উল্লেখ কৰা বতাহক জুৰ পেলােব পৰা সেই কবিতাটো জানো এখন চুক্তিপত্ৰ হৈ নাযাব যদিহে তাত স্বাৰ্থপৰতাৰ অৱকাশ থাকে ! প্ৰাপ্তিৰ উপস্থিতি জানো সচাঁকৈয়ে প্ৰয়োজনীয় তাৰ উশাহত প্ৰাপ্তিময় বতাহৰ বাঙ্ময় ৰুণজুণৰ বাবে ? তাই নোহোৱাকৈও তো তাৰ সকলো কথাতেই তাই আছে ।

fork –knife ৰ অভিজাত প্ৰকৃত প্ৰয়োগ, ৪৫ কি মি প্ৰতিবেগত তাইৰ সুঘ্ৰাণ , “প্লেটত হাত নুধুবা´” ৰ লগত প্ৰতিধ্বনিত তাৰ প্ৰতিটো প্ৰতীপ ক্ৰিয়া, পিজ্জাৰ প্ৰতিটো slice ত চ’চ স্মাইলিৰ আকাৰত ঢালি লোৱা……ক’তা! তাই নোহোৱাকৈওতো তাৰ এই সকলোবোৰত তাই শিকাই থৈ যোৱা জীৱনক জীয়াৰ মেজিকটো আছেই । ইয়াৰ কাৰণে তাৰ হাতত তাই ধৰি থকাৰ প্ৰয়োজন নাই । তাৰ হাতৰ ৰেখাত তাইক সি এনেকৈয়ে আকিঁ পেলাইছে । তায়ো বাৰু মনত ৰাখিছেনে বতাহৰ যাদুটো? তায়ো বাৰু এতিয়াও সেই বোকা মাটিৰ সুগন্ধটো বিচাৰি জাপি পিন্ধা শাওণৰ সাধুকথা এটা তাইৰ পুৰণি আলমাৰিটোত বিচাৰে নে? উত্তৰ যি কি নহওক, বিশ্বাস আৰু সত্যৰ মাজৰ কোনোবা এখন দলিচাত এতিয়াও প্ৰাপ্তি বৰ্ত্তমান উদ্দীপ্তৰ বাবে । আচিনা বাট , চিনাকী বতাহ, আৰু বতাহৰ বোকোচাত প্ৰাপ্তি তাৰ প্ৰতিটো আখৰৰ আল্পনাত ।
এইটো আছিল কোনোবা বাৰিষাৰ উজাগৰী পুৱানিশাৰ উচপিচ আবেদনৰ পৰিঘটনা । ফোনৰ সিটো মূৰৰ পৰা প্ৰাপ্তিক সি সুধিছিল , “তুমি সাগৰৰ প্ৰেমিকা নে পাহাৰৰ ?”
—–“ মই একঘেয়ামী বেয়া পাওঁ , সেয়ে সাগৰে মোক চঞ্চল কৰি তুলিব নোৱাৰে । মই ভাল পাওঁ পাহাৰ – পৰ্ব্বতৰ বুকুই বুকুই লিখা থকা ৰহস্যক ।পাহাৰ আৰু মেঘৰ লুকা ভাকু, মায়াময় পাহাৰীয়া ৰাস্তাৰ যৌৱনসেৰীয়া ৰিঙিয়নি এইবোৰে মোক মাতি লৈ যায় ক’ৰবালৈ । আ: উদ্দীপ্ত কি যে সুধি দিলা মোক । মই যে পাহাৰৰ আজীৱন প্ৰেমিকা”
তাই যদিও উদ্দীপ্তক এবাৰো সি কি ভাল পাই নুসুধিলে, উদ্দীপ্তৰ কিন্তু এনে লাগিল যে কথাখিনি তাৰহে বুকুৰ কোনো কোণৰ পৰা ওলাই তাইৰ ওঠেঁৰেই প্ৰকাশ হৈ গ’ল । সি যেন এজন লাজকুৰীয়া নতুন কবি আৰু তাই যেন জীৱনক বুজি পোৱা এজনী অভিজ্ঞ আবৃত্তিকাৰ ।
তাইচোন তেনেহ’লে চব বুজি পাইছিলেই , উদ্দীপ্তৰ মনৰ কথা; সি নোকোৱাকৈও ! অন্তত: উদ্দীপ্তই তেনেকৈয়ে ভাবিছিল । সি বিশ্বাস কৰিছিল তেনেকৈয়ে । সি বাৰু সি সত্য বুলি বিশ্বাস কৰা এই কথাটোত বেছিকৈয়ে নিৰ্ভৰৰ্শীল হৈ পৰিছিল নেকি? সি বাৰু কোনোবাখিনিত এলেহুৱা হৈ পৰিছিল নেকি নিজক প্ৰকাশ কৰাত?
গল্প লিখি ভালপোৱা উদ্দীপ্তই কবিতা লিখিবলৈ লোৱা কৰিলে । চুলিৰ অস্থিৰতা তাৰ যিমানেই বাঢ়িব ধৰিলে ,কমি আহিল তাৰ বাক্যৰ দৈৰ্ঘ্য । সময় বাগৰিব ধৰিলে আৰু তাৰ এইটো ধাৰণাও দৃঢ় হৈ আহিব ধৰিলে যে, “বুজিব, সি নোকোৱাকৈও প্ৰাপ্তিয়ে বুজিব”

সাদৃশ্যটো এইখিনিতেই আছিল যে সি বিচৰাখিনিআৰু তাৰ প্ৰকাশভংগীত কোনো আড়ম্বৰপূৰ্ণতাৰ স্থান নাছিল । তাৰ চাৰিওকাষৰ আকাশখনত অযুত বিযুত তৰাৰ উপস্থিতিৰ কোনো অৱকাশেই নাছিল । উশাহত অক্সিজেন – জীৱনত প্ৰাপ্তিৰ নামৰ উশাহ, কবিতাত কলম -কলমেৰে প্ৰাপ্তিপ্ৰাপ্ত জীৱন অংকণ , ৰাতিপুৱাৰ চাহকাপ যিমান গৰম -সদ্যস্নাতা তাইৰ চুলিৰ পৰা তাৰ গালত চিটিকি পৰা সিমানেই চেচাঁ কেইটোপালমান পানীৰ আকাংক্ষা , তাইৰ ক্লাছ-তাৰ অপেক্ষা , তাইৰ সফলতা – তাৰ উদযাপন —-মাত্ৰ এইখিনিৰেইতো দস্তাবেজ – দলিল বিচাৰিছিল তাৰ উশাহবোৰে , তাৰ সপোনবোৰে । ভুল কি এইখিনিতেই হৈ গ’ল নেকি যে , আজিৰপৰা দুবছৰ আগত, মাল্টিপল চইছৰ প্ৰশ্ন উত্তৰ প্ৰেক্টিছ কৰি থাকোতে সঘনাই তাইক মেছেজৰ ৰিপ্লাই কৰাতকৈ কোনো একান্ত সময়ত ফোনৰ সিটো প্ৰান্তৰ পৰা স্বৰলিপিসদৃশ তাইৰ মাতৰ কম্পন শুনিবলৈ সি বলিয়াটো হৈ পৰিছিল ?

ভুল এইখিনিত আছিল নেকি যে তাৰ ওঁঠযুৰি ২০ ছেকেণ্ডৰ কোনো বাণিজ্যিক বিজ্ঞাপনৰ দৰে ইমানখিনি নিখুঁত আৰু পৰিপক্ক নাছিল যে তাইৰ হৃদয়ত তাৰ এফিচিয়েঞ্চি কাৰ্ণ’ট ইঞ্জিনৰ ব্যবহাৰিক প্ৰয়োগ হৈ ধৰা দিব ? এখন খোলা খিৰিকী , কঁপা কঁপা ; কিন্তু স্পষ্ট কিছু হাতৰ আখৰ আৰু মোজাৰ্টৰ কিছু অপ্ৰকাশিত স্বৰলিপিসদৃশ তাৰ বুকুৰ আকাংক্ষাবোৰ সি কেতিয়াও সেই ২০ ছেকেণ্ডৰ এডভাৰ্টাইজমেণ্ট এটাৰ দৰে সজায়ে তুলিব নোৱাৰিলে । এই পৰিঘটনাই কিন্তু প্ৰাপ্তিৰ প্ৰতি তাৰ অনুৰাগৰ পৱিত্ৰতাক কেতিয়ও নস্যাৎ কৰিব নোৱাৰে, অন্তত: সি জানে । ভুল চাগে মাত্ৰ এটাই হ’ল যে সি আশা কৰিছিল যে তাই বুজিব—–হয়তো সি নোকোৱাকৈ ; ঠিক যিদৰে তাই বুজিছিল , সাগৰ আৰু পাহাৰ সম্পৰ্কে তাৰ মনৰ ভাৱনাক । ভুল চাগে হৈ গ’ল প্ৰাপ্তিয়ে মুম্বাইলৈ গানৰ উচ্চ শিক্ষা ল’বলৈ যাবলৈ লোৱাৰ পৰত “তুমি নাযাবানা, মই ইয়াত অকলশৰীয়া হৈ ৰ’ম” বুলি কোৱাৰ জোখেৰে সি স্বাৰ্থপৰ হ’ব নোৱাৰিলে । সি মুখ খুলি ক’ব নোৱাৰিলে “ মি , আমি , মোৰ উশাহ, দুভাগত ভাগ হৈ যোৱা এইটো ৰাস্তা, সোণাৰুজোপা, পুৰণা এইকেইটা আৰ চি চি বিল্ডিঙ , “পদ্মা”ৰ শেষৰকাপ চাহ —সকোলো আধৰুৱা হৈ ৰ’ব তুমি অবিহনে । তুমি নাযাবা প্ৰাপ্তি , নাযাবানা তুমি”
সি ক’ব নোৱাৰিলে ।
তাই গ’লগৈ ।
মাল্টিপল চইছৰ R S Agarwal ৰ এপ্টিটিউদৰ কিতাপখনৰ প্ৰায় আটাইবোৰ প্ৰশ্নতেই কাঠপেঞ্চিলৰ দাগ বহিছে । যোৱ দুটা বসন্তৰ পৰা পাৰ হৈ যোৱা বসন্তবোৰৰ হিচাপ উদ্দীপ্তৰ গালত আৰু চকুৰ গুৰিবোৰত সুস্পষ্ট । পুৰণা আৰ চি চি কেইটাৰ চাদ মেৰামতি চলি আছে এইকেইদিন । ৰাস্তাবোৰো আৰু ক্ৰমান্বয়ে অতিষ্ঠ হৈ আহিছে কৃত্ৰিমতাৰ আসফালনত । সাগৰৰ কবিতা আৰু পাহাৰৰ কাহিনী বিচাৰি চলাথ কৰিলে উদ্দীপ্তই এই সময়ছোৱাত । তথাপিও কিন্তু সি এতিয়াও বিচাৰি পোৱা নাই ১০০% এফিচিয়েণ্ট সেই বাণিজ্যিক প্ৰকাশভংগীৰ মূলমন্ত্ৰ । “still…life goes on” বুলি এষাৰ কথা আছেই নহয় ।
কথাটো তাৰ সপোন, তাৰ হেপাঁহৰ আদৰ্শৰ বাহিৰত যদিও এই বগা হাফ পৰ্দাখনৰ একঘেয়ামীয়েই এতিয়া তাৰ জীৱনৰ এটা ৰুঢ় বাস্তৱ । “কিন্তু বহিব জানিলে মাটিয়ে পীৰা” । কোনো কাঞ্চঞ্জংঘাৰ শিতানৰ মেঘৰ কোলা বুলিয়েই এই পৰ্দাখনৰ আৰঁত কত কবিতা- গল্প-উপন্যাসৰ হিমালয় আকিঁলে সি সেয়া এই খিৰিকীখনে জানে । আজিকালি ৰাধিকাহঁতৰ আলোচনীখনৰ সি এজন নিয়মীয়া লিখক । আজিকালি কলম চলাই সি মাৰ্কেটখনে বিচৰা মতে । সেয়ে সি শব্দৰ অভাৱত নুভুগিলেও অনুভৱৰ অভাৱত ভোগে মাজে মাজে । সেইবাবেই চাগে সি ৰাধিকাক পৰৱৰ্ত্তী খণ্ডটো জমা দিব পৰা নাই এতিয়ালৈ ।
ইমানবোৰ সলনিৰ মাজত নজনাকৈয়ে তাৰ কলমে তাক আজি অতীতৰ স্মৃতিৰ মেটমৰা বোজাৰ ট্ৰাংকটোলৈ লৈ আহিল—–এনেকৈয়ে । নিজকে কৈ উঠিল সি “ইমানবোৰ সলনি হ’লেও ‘পদ্মা’ৰ চাহকাপৰ সোৱাদ কিন্তু সলনি নহ’ল” কিমান যে পিয়লা সলনি হ’ল, কিন্তু সন্ধিয়া সন্ধিয়া এটা গোন্ধ , এচামুচ মিঠা বিষাদ , কিছু আত্মপ্ৰত্যয় ;আৰু অনামী ধোৱাঁৰে ধূমায়িত এইকাপ চাহ আৰু তাৰ মাজৰ সম্পৰ্কটো হ’লে একেই থাকিল । সঘনাই সলনি হোৱা প্ৰাপ্তিৰ facebook ৰ ‘ works at’, ‘current city’ তাৰ কিন্তু দৃষ্টিগোচৰ হৈয়েই থাকিল ।
একে মাথোঁ থাকিল তাৰ কাভাৰ ফ’টোত থকা প্ৰাপ্তি গুছি যোৱাৰ দিনা সি লিখা তাৰ এই কবিতাটোৰ ‘.jpeg’ ফ’ৰ্মেট——-

কলংখন পাৰ হৈ আহিবি নেকি?
বৰষা বলিয়া চুলিৰে সাকোঁ বনাবি নেকি?
আহচোন আহ!
পাহাৰখনো বগাই আহ !
শিলৰো বুকু কঁপি যোৱাকৈ
সেই দেউৰী বিহুগীতটিকে জুৰ ।

কি ক’লি?
মই বাঁহী বজাব লাগিব?
সইত সইত তিনি সইত !
ঔগছত ওমলা ভুতৰ সাধুটো শুনাম ।
কলং পাৰ হৈ এবাৰলৈ আহ পানেই জনী মোৰ ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *