পদপথ

…..মিৰ্জা হাছান…..

ব্যস্ত পদপথবোৰত
সিহঁতৰ সতে যাত্ৰা কৰিছিলো
মৌনতাৰ কোলাহল ফালি অহা
কুকুৰবোৰে ভুকিছিল
নিশাৰ ঘিতমিত আন্ধাৰত
চিঞৰিছিল মাথো …
জোনাকীৰ ধিমিক ধামাক পোহৰত যেন
শেওতা পৰা মুখখনিত
স্পষ্ট হৈছিল …
নিদ্ৰামগ্ন সেইবোৰ হেনো পাগল
পহৰাদাৰী কুকুৰবোৰে হেনো
আগচি ধৰিছিল বাৰে বাৰে
ৰাতিতো এতিয়া নিমাওমাও…

Share কৰক:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *