….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)
(চাৰি)
সন্ধিয়া কানি-মুনি পৰত ভদ্ৰেশ্বৰ ঘৰ পালেহি । হাতত এটা পলিথিনৰ বেগ । ভদ্ৰেশ্বৰে থকা ঘৰটোত সোমায়ে পলিথিনটো বিছনাত দলি মাৰি থৈ বাহিৰলৈ ওলাই আহি কাঠিটোতে থোৱা মূঢ়াটোত বহিল । ভদ্ৰেশ্বৰৰ মুখখন শুকান হৈ আছে । উজ্জ্বলতা নাই । মাক জীয়াই থকাহেঁতেন পোনচাতেই মুখৰ ফালে চাই সুধিলেহেঁতেন – “ক’ৰবাত কিবা খাব পালিনে ভদ্ৰে ? মুখখন দেখুন শুকাই আছে ? যা ভৰি দুটা ধুই আহ,দুখন হাজাৰ মুখী পিঠা আছে খাহি আহ ।”
পিছে আজি ভদ্ৰেশ্বৰে মাকৰ সেই মৌসনা মাত পাবলৈ মাক জানো জীয়াই আছে ? কোনে বুজিব এতিয়া পুত্রৰ হুমুনিয়াহৰ বেঠা ? সকলো নাৰীয়ে নাৰী হ’ব কিয় নোৱাৰে ? সকলো নাৰীয়ে মাতৃৰ মৰম কিয় দিব নোৱাৰে ? তেওঁলোকৰ অভাৱ ক’ত ?
ভদ্ৰেশ্বৰৰ হাতত পলিথিনৰ সৰু পেকেটতো দেখিয়ে দিপালীৰ খঙটো চিটিচকৈ উঠিছিল,কাৰণ কেইদিনমান আগতে ভদ্ৰেশ্বৰৰ ভাগিনিয়েকজনী আহিছিল আৰু মোমায়েকক এযোৰ কাপোৰৰ কথা কৈছিল,আজিনো তাইৰ কাপোৰ যোৰহে আনিলে । মই অত দিনে এখন মুগা মেখেলাৰ কথা কৈ থকাতো মন নিদিলে । মাখেলাৰ কথা ক’লেই জাঙুৰ খাই উঠে,কাজিয়া কৰে,কি যে মানুহ এজনৰ লগত সংসাৰ কৰিলো ! এযোৰ কাপোৰ ভাগ্য কৰিও নাপালো ।
দিপালীয়ে পলিথিনৰ ভিতৰত কি আচে নোচোৱাকৈয়ে মগজুত এখন মহাভাৰত ৰচিলে । হাতত উঠা ইটো-সিটো বস্তু দলি মাৰি দিয়ে,য’তে-ত’তে আচহুৱা শব্দ কৰে,সকলো বস্তুৱে থেকেচ নেকেচ কৰিলে । ভদ্ৰেশ্বৰে সকলো কথাই নিৰীক্ষণ কৰি থাকি ভাবিলে । তিৰোতাগৰাকী হেনো পুৰুষজনৰ অৰ্ধাংগিনী,সহধৰ্মিনী,কিন্তু গিৰিয়েকজনে এপদ বস্তু দিব নোৱাৰিলেই দেখোন কথাৰ মুৰ সলাই,গিৰিয়েককো শত্রু জ্ঞান কৰে । সংগী এৰিব খোজে,সংসাৰখনৰ প্ৰতি বিতৃষ্ণা আনে । কিন্তু সেইবোৰ সৰু কথাৰ পৰা সংসাৰ ভাঙিলে আনে আকৌ পুৰুষজনকহে দায়ী কৰে । এনেবোৰ সৰু কথাই আমনি কৰিলেতো উপায় নাই । তেতিয়া মানুহৰ সংসাৰ ভাঙোন মুখী হ’বই হ’ব ।
-‘তিৰোতাসকলে হেনো গিৰিয়েকৰ পৰা আ-অলংকাৰ,কাপোৰ-কানি আৰু প্ৰসাধন সামগ্ৰীত বেছি গুৰুত্ব দিয়ে । এইবোৰ বস্তুৰ যোগান যদি নিয়মীয়াকৈ ধৰা হয় তেনেহ’লে সংসাৰ ঠিকে চলে,বিজুতি নঘটে কাজিয়াৰ সূত্র নহয় । যদি এইটোৱে সত্য হয়,তেনেহ’লে তেওঁ অৰ্ধাঙ্গিনী কেনেকৈ হ’ব পাৰে ? সকলো পুৰুষেটো এইবোৰ যোগান ধৰিব নোৱাৰে ? তেনেহ’লে ? ইয়াৰ বাহিৰেও পৰকীয়া প্ৰেম আছেই । ইয়ো এক সংসাৰ ভঙাৰ ব্যাধি । অৱশ্যে ইয়াৰ বাবে পুৰুষসকলো সমানে জগৰীয়া ।’ ভদ্ৰেশ্বৰে মনৰ ভিতৰতে বহু কথা পাতিলে,আজি তাৰ মাক-বাপেক হাললৈ বৰকৈ মনত পৰিছে । মাক-বাপেক ঘৰত নাথাকিলে ঘৰখনক ঘৰ বুলি কোবাই টান বুলি ভদ্ৰেশ্বৰে গুপুতে চকুলো টুকিলে ।
দিপালীয়ে ঘৰখনত ইটো-সিটো কৰি আছে যদিও তাইক যদি ভদ্ৰেশ্বৰে অনা পলিথিনৰ পেকেটটোৱে চুম্বকে টনাদি টানি আছে । সেয়ে ক’ব নোৱাৰাকৈয়ে টোপোলাৰ কাষলৈ ভৰি চলিল !
খমখমীয়া এখন মুগাৰ মেখেলা । টোপোলাটো খুলি দিয়াৰ লগে লগে গুণবচা মেখেলাখনৰ গোন্ধটো আহি তাইৰ নাকত থেকা খালে । মেখেলাখনৰ ভাজ কেইটা খুলি নিজৰ ককালখনলৈ থিয় কৰাই জুখি চালে । মেখেলাৰ ফুল কেইটালৈ এবাৰ লিৰিকি বিদাৰি চাই মনতে এক তৃপ্তিৰ নিশ্বাস টানিলে । ভাল লাগিছে,পচন্দ হৈছে,এখন মেখেলা আনিছে যেতিয়া নিশ্চয় তাইৰে বিলিয়ে ভাবিলে । ভদ্ৰেশ্বৰলৈ মনটো কিছু কোমাল আহিল । তাইৰ বহুদিনীয়া অভাৱ আৰু হেঁপাহ এটা পূৰণ হ’ল । গিৰিয়েকলৈ এক প্ৰেমৰ দৃষ্টিৰে চাই লাহেকৈ ক’লে – “ভৰি-হাত ধুবলৈ বাহিৰত পানী দিয়া আছে । বাহিৰৰ তাঁৰডালতে সামোচাখনো আছে একেবাৰে ভৰি দুখন মচি,মিনুৰ ওচৰত বহক । তাইক অলপ কুঁহিপাতখন পঢ়াওঁক ।”
ভদ্ৰেশ্বৰ – “হ’ব দিয়া । সোনজনীক দেখোন দেখা নাই ? আৰু অজয় আহিছে নেকি ?”
দিপালী – “অজয় অহা নাই । সোনজনী আছে ৰান্ধনিশালত,তিয়ঁহৰ জালি এটা কুটি দিছোঁ তাকে খায় আছে ।”
গিৰিয়েকৰ ফালে নোচোৱাকৈয়ে দিপালীয়ে উত্তৰ দিলে । তাই মেখেলাখন চোৱাত ব্যস্ত । ভদ্ৰেশ্বৰে ভৰি-হাত ধুই চকু দুটাত অলপ চেঁচা পানী চটিয়াই মুখখনত এচলু পানী ভৰাই কুলু-কুলু কৰি পানীখিনি দূৰলৈ ছটিয়াই দিলে । দুহেটিয়া চাদৰখনেৰে মুখখন মচি-মচি ঘৰ সোমাই দিপালীক ক’লে – “একাপ চাহ খাবলৈ মন গৈছিল,দিবানে? ডিঙিটো শুকাই গৈছে,ভালেমান বাট খোজকাঢ়ি আহিলো । খোজকঢ়া অভ্যাসটো কমি গৈছে ।”
দিপালী – “কিয় খোজকাঢ়িলে ? সন্ধিয়াৰ বাছখন দেখোন গাঁৱৰ মূৰৰ ৰাজআলিৰে গৈছে । বাছখন নাপালে নেকি ?”
দিপালীক উত্তৰ দিবলৈ ভদ্ৰেশ্বৰৰ হাতত উত্তৰ নাই । মাথোঁ অন্তৰৰ গভীৰতাৰ পৰা এটি হুমুনিয়াহ ওলাই আহিল । এই হুমুনিয়াহত জীৱনৰ বহু কথা প্ৰকাশ কৰিলে । বহু কথা কোৱা হ’ল এটাও শব্দ নোহোৱাকৈ । এই হুমুনিয়াহৰ ভাষা দিপালীয়ে বুজি নাপায় । সেয়ে আন এটি হুমুনিয়াহৰ শব্দৰে প্ৰকাশ কৰি দিপালীক ক’লে – “কঁপাল বুজিছা কঁপাল । ৰতনৰ ঘৰৰ পৰা মই স্কুলীয়া সময়তে ওলাই আহিছিলো । বেলি ৰঙা নপৰোতেই আহি পাব লাগিছিল,কিন্তু চহৰৰ পৰা ঘৰৰ নঙলাতে গাড়ীৰ পৰা নামিব পৰাকৈ জানো মোৰ হাতত গাড়ীৰ ভাড়া আছিল ? সেয়ে মই মিলনপুৰ চ’কতে নামিলো,তালৈহে ভাড়া আছিল । তাৰ পৰা পদগ্ৰজে ঘৰ পালোহি । এইয়াও এক জীৱন বুজিছা ! যি সময়ত লগৰবোৰে গাড়ী ঘোঁৰা কিনিব ধৰিছে,সেই সময়ত মই লাইন বাছৰ ভাৰাৰ অভাৱত দহ-বাৰ মাইল বাট খোজকাঢ়ি আহিছোঁ ।”
ভদ্ৰেশ্বৰে কি ক’লে কি ভাবিলে দিপালীয়ে সেইবোৰ গুৰুত্ব নিদিলে । ভদ্ৰেশ্বৰে কথাকৈ থাকোঁতেই চাহ পাগিব গৈছিল । মাত্র ‘কপাল’ শব্দটোহে তাই ভালকৈ শুনিছিল । আচলতে তাইৰো আজি মগজটো কেবামাইল দূৰত চৰি আছে । অজয় ঘৰত নাথাকিলে তাইৰ এনেকুৱাই হয় । নাৰিকলৰ শুকান পাতেৰে ভৌ ভৌকৈ জুইকুৰা ধৰি এবাতি চাহ বনাই আচলৰ এটা মূৰেৰে গৰম বাতিটো ধৰি এবাতি চাহ ভদ্ৰেশ্বৰৰ কাষতে থলে । ভঙা মূঢ়াটো ভৰিখনেৰে ঠেলি ভদ্ৰেশ্বৰৰ ফালে চপাই আনি গুৰ মিঠাইৰ পাতখন থৈ গিৰিয়েকক ক’লে – “কিনো কঁপালৰ কথা কৈছে ? মেখেলাখনৰ দাম বেছি হৈছিল যদি নানিলেও হ’লহেঁতেন । মই কিবা কঁপালত সাধি আহিছোনে ? আপুনি হৈছে দানবীৰ কৰ্ণ,নিজৰ জীৱিকাৰ মাটিডোখৰো বিক্ৰী কৰি আনক চাকৰি যোগাৰ কৰি দিয়া লোক ! আৰু বা কিমান বন্ধুক কিমান দিছে । এই মেখেলাখনো বা আকৌ কাক দান দিবলৈ আনিছে ?”
দিপালীৰ কথাবোৰ সত্য,কোনো তিৰোতাই নিজে কষ্টত থাকি গিৰিয়েকে আনক দিয়াটো সহ্য নকৰে,অৱশ্যে ভদ্ৰেশ্বৰৰ সেই কথা অতীতৰ । সি অতীত হৈ গৈছে । তাত দিপালীৰ ভাগ নাই । তথাপিও দিপালীয়ে মাজে মাজে এইবোৰ কথাক লৈ জকি উঠে । দিপালীয়ে খং কেতিয়া কৰে কিহৰ বাবে কৰে সেই কথাৰ আঁত বিচাৰি পোৱাই টান । কেতিয়াবা কোনফালে কথাৰ পাক মাৰে বুজাই টান । মিছা কথাত ধৰা পৰিলেই গাত গোঁসাই লম্ভে । বুঢ়াগোঁসাইৰ শপত খায় । মিছা কথাৰ গুৰুত্ব বাঢ়িলে ছোৱালীজনীৰ মূৰত হাত থৈ শপত খাই আৰু মিছা শপত খোৱাৰ দায় গুচাবলৈ মনে মনে ‘মুগ’ এপোৱা গোঁসাই ঘৰত আগবঢ়ায় । এনেদৰে মাহত দুই-তিনিখন শৰাই বুঢ়া গোঁসাইৰ থাপনাত পৰে । কথা ক’বই নোৱাৰি হাউতকৈ উঠে । ঘৰখনত বিজুলী-গাৰ্জনি পৰা দি পৰে । তথাপিওঁ আজি ভদ্ৰেশ্বৰে মৰসাহ কৰি গুৰুতৰ কথা এষাৰ কম বুলি পাং পাতিছে । আজি ক’বই ক’ব । লাগিলে তাৰ পৰিণাম যিয়ে নহওক । চাহ বাতি ডিঙিলৈ গিলি বটাৰ পৰা চাধাৰ টেমিটো বুটলি বিছনাত বহিল । দিপালীয়ে মিনুক সিটো ঘৰৰ পৰা আনি মুখখন চাদৰৰ লোচটোৰে মচি দি অন্য এটা ফৰক পিন্ধাই আছিল । ক্ষন্তেকৰ বাবে হ’লেও পৰিৱেশটো নিমাওমাও হৈ আছে । ভদ্ৰেশ্বৰে চাধাকণ মোহাৰি মোহাৰি মাতত যিমান পাৰে কোঁমলতা আনি দিপালীক ক’লে – “হেৰা,তুমি বেয়া নোপোৱা যদি কথা এটা কওঁ । মই বহুত চিন্তা কৰিহে কথাটো কওঁ বুলি ভাবিছো ।”
দিপালীঃ কিনো মই বেয়া পোৱা নোপোৱাৰ কথা আছে ? কিনো মই ভালপোৱা কাম কৰি আছো ? কৈ দিয়ক কি ক’ব লগা আছে । আপুনি কিবা মোৰ কথামতে চলেনে ?
ভদ্ৰেশ্বৰঃ অ’ দিপালী,মই ভাবিছো – অজয়ক আৰু আমাৰ ঘৰত নাৰাখো দিয়া । যিকন মাটি আছে সেইকণ মাটি মই নিজেও খেতি কৰিব পাৰো । গৰু-ছাগলীও আগৰদৰে নাই । তাতকৈ ডাঙৰ কথাটো হৈছে – তাক কিবা এটা দিবওটো লাগে । দিবলৈ পাওঁ ক’ত ? আছে কি ? সেইদিনা যে তিনিশ টকা কমালাৰ পৰা আনি অজয়ক দিলো,দুই-চাৰিদিনৰ ভিতৰত টকাটো ঘূৰাই দিব নোৱাৰিলে,সুত দিব লাগিব হেনো,কাৰণ কমলাইনিজৰ পইচা দিয়া নাই । তাৰ হাতত থকা ছ’ছাইটি এটাৰ টকাহে দিছে হেনো । আৰু অজয় মোৰ কাণ সমনীয়া । তেনে লোক এজনক সামান্য় মজুৰি এটা দি ৰখাটোও আমাৰ উচিত হোৱা নাই । আৰু অজয় তোমাৰ নিজা ভাইও নহয় । বৰদেউতাৰ ল’ৰাহে । তুমি কি মোৱা ? নে মই কিবা ভুলকৈ ভাবিলো বাৰু ?”
ভদ্ৰেশ্বৰে কথাষাৰ কওঁতে ভয়ে ভয়ে কৈছিল,কাৰণ আনকালে অজয়ৰ কথা কিবা ক’লেই জাঙুৰ খাই উঠে,মুখৰ ৰং সলনি হয়,কথাৰ সুৰ সলনি হয় । হাত-ভৰি আচাৰি থাকে,বাচন-বৰ্তন দলিয়া-দলি কৰে,মিনুজনীক বিনা কাৰণত মাৰে,কন্দুৱায় । মাক-বাপেকক গালি পাৰে – “কি এজন মানুহলৈ বিয়া দিলে মোক আপোন পৰ চিনি নাপায়” । কিন্তু আজি দিপালীয়ে অতি সহজভাৱেই উত্তৰ দিলে – “আপুনি যি ভাল দেখে তাকেই কৰক,মোৰ ক’ব লগা একো নাই,মই মাথো খায়-বৈ থাকিব পাৰিলেই হয় । আৰুনো কঁপালত কি আছে ?”
মিনুক ফলিখন আৰু পেঞ্চিল এডাল আগবঢ়াই দি ভদ্ৰেশ্বৰ বিছনাত উঠিল । গাটো সিমান ভাল নহয় । বহু বছৰ বিৰতিৰ মূৰত ইমান বাট খোজকাঢ়িছে । মুখখন ওপৰফালে কৰি চকু দুটা খুলি থৈ এটি হুমুনিয়াহ টানি নিজৰ জীৱনৰ জীয়া ছবি এখন পঢ়ি আছে । জীৱনটো ক’ত কেনা লাগিল,কিয় ইমান উজুটি খাব লগা হ’ল চিন্তা কৰি আছে । টকা পাঁচটাৰ বাবে আজি দহ-বাৰ মাইল বাট খোজকাঢ়িব লগা হ’ল কিয় ?ৰতনক চাকৰিটো কৰিব দি ভুল কৰিলো নেকি ? সিটো এবাৰ সুধিব পাৰিলেহেঁতেন – মোৰ আহিবৰ বাবে গাড়ীৰ ভাড়া আছেনে নাই । আজি মোৰ বাবেই তাৰ জীৱন ধন্য হ’ল । এইয়া মোৰ নিজৰ ভুল । মোৰ ভঁৰালত একোৱেই নাই,কিন্তু মই হ’ব যাওঁ ‘দানবীৰ’ । মোৰ এই ভুলৰ বাবেই দিপালীয়ে আজি কষ্ট পাইছে ।
নিজৰ ভিতৰতে ভদ্ৰেশ্বৰে বহু কথা পাতিলে,বহু ছবি আঁকিলে । নিজৰ ভুলবোৰ বিচাৰি উলিয়ালে,বন্ধুপ্ৰেমৰ নামত কাক কি দিলে হিচাপ কৰিলে,সেই বন্ধুসকলে পিছতগৈ ভদ্ৰেশ্বৰৰ জীৱনত কিমান ঘাট-প্ৰতিঘাট দিলে হিচাপ কৰিলে,ভদ্ৰেশ্বৰৰ সহায়েৰে কাৰ কিমান উন্নতি হ’ল আৰু সেই অনুপাতে সি কিমান তললৈ গ’ল হিচাপ কৰিলে । সেই বন্ধুসকলৰ সাংসাৰিক সুখ অনুভৱ কৰি আকৌ মোকে হাঁহিলে । এনেবোৰ হিচাপ কৰি কৰি ভদ্ৰেশ্বৰৰ মগজটো খেলিমেলি লগালে । মনত ভাবি থাকোতেই কেতিয়াবা কথাবোৰ ওঠৰ ওচৰলৈ আহি মুখেৰে ভোৰভোৰাই ওলাই আহে ।
দিপালীয়ে গিৰিয়েকক দিয়া চাহৰ বাচনখিনি ধুই,পাকঘৰৰ দূৱাৰখনত বাঁহৰ দাংডাল দি আহি ক্ষন্তেক আগতে গিৰিয়েকৰ কাষতে শুইছিল । ভদ্ৰেশ্বৰে ভাবিছিল – সহধৰ্মিনী যেতিয়া তাৰ সুখ-দুখৰ ভাগি হ’লৈ তাৰ কাষত শুইছে । তাৰ মনটো কোমলি আহিছিল । কিন্তু ? কিন্তু কিছুসময়ৰ পিছতে নীৰৱতা ভাঙি দিপালীয়ে হঠাৎ জাঙুৰ খাই উঠিল,আৰু গিৰিয়েকৰ ওচৰৰ পৰা সাউতকৈ উঠি ক’ব ধৰিলে – “বিয়া হ’বৰ আজি অত বছৰ হ’ল আপুনি মোক কি দিছে ? যি কেইপদ দিছে তাকো এপদো পচন্দৰ নহয় । এখন মুগাৰ মেখেলাৰ কথা আজি দুবছৰে কৈ আছোঁ,আজি বা আকৌ কি ভাগ্যত মিলিল । পোনাকণৰ মাকহঁতে ফেৰিৱালা আহিলেই ইটো-সিটো ৰাখে,তাকোলাৰ মাকে পষেকে পষেকে কাপোৰ লয়,লখেশ্বৰৰ ঘৈণীয়েকে ওচৰ পাজৰ ক’তো থিয়েটাৰ-চিনেমা নেৰে,সদায় গহণা সলায় পিন্ধে,মনৰ ৰঙত ৰাস্তাৰে গ’লেও খিলখিলাই হাঁহি অহা-যোৱা কৰে । সেইজনাকো আপুনিয়ে গাঁঠিৰ ধন ভাঙি মানুহ হোৱাৰ পথত নিয়া নাছিল জানো ? এতিয়া তাৰ ঘৈণীয়েকে মোক দেখিলে হাঁহে । দিনক দিনে চেহেৰাটো নোদোকা হৈ উঠিছে । মোৰ কি দেহাটো কি হৈছে আপুনি লখ্য কৰিছেনে ? একেজনী ছোৱালী,তাইৰো পিন্ধা-ওৰাৰ লাং-পাং নাই,ধোহোৰ-মোহোৰ চোলাকেইটা আৰি থাকে । মই মাকজনীয়ে জানো,এইবোৰ দেখি কিমান কষ্ট পাওঁ,আপুনি কি বুজিব ?”
ভদ্ৰেশ্বৰে বুজিলে উৰহি গছৰ গুৰি ক’ত । অজয়ক নাৰাখো বুলি কোৱাৰ পৰাই তাইৰ মুখখন অমাৱস্যাৰ আন্ধাৰৰ দৰে হৈ আছে । তাইৰ আজি মহাভাৰত শেষ হোৱাই টান,তাইৰ আজি মূৰত ধৰিছে । যি হ’লেও হওঁক,ইমান দিনে কম কম বুলি ভাবি থকা কথাষাৰ ক’লোৱে যিহেতু,আজি কথাটোৰ মুৰি মাৰিয়ে থওঁ,এইবোৰ কথা বাৰে বাৰে কৈ মূৰ ঘমাই থাকিব নোৱাৰি ।
ভদ্ৰেশ্বৰঃ”দিপালী তুমি নুবুজা কিয় ? তোমাকো ইটো-সিটো বস্তু দিবৰ মন যায়,মিনুকো দিবৰ মন যায়,তাই মোৰো ছোৱালী,কিন্তু কি কৰো মোৰ উপায় কি কোৱাচোন ? তুমি হয়টো ভাবিছা মই তোমাৰ মেখেলাখনৰ কথা কিবা ভাবি থকা বুলি,বা দাম বেছি পৰাৰ কথা কিবা ভাবি থকা বুলি,কিন্তু দাম বেছি বা কম দিবলৈ জানো মোৰ হাতত টকা আছে ? সেইখন ৰতনে দিছে । মই সেইবোৰ কথা ভাবি থকা নাই,মই অজয়ৰ কথাহে ভাবিছোঁ,কি অজুহাত দেখুৱাই কি কওঁ যে সি আৰু ইয়াত থাকিব নালাগে ।”
ভদ্ৰেশ্বৰ আৰু শুই নাথাকিল,তিৰোতাৰ লগত মুখ কটাকটি কৰি থাকিলে সিহঁতৰ মুখ বাঢ়ে,মূৰৰ ওপৰত উঠে । সেয়ে সি তিনি আলিৰ ফালে ওলাই গ’ল । ইয়াতে তৰ্ক কৰি থকাতকৈ মনেশ্বৰৰ দোকানৰ আগত তাচ খেলি থকাই ভাল । অজয় দালৰ কথা মনলৈ বাৰে বাৰে আহি থাকে । তাৰ কথা মনত আহিলেই দেহাটো বেজ বেজাই থাকে । আজি কিছুদিনৰ পৰা তাৰ প্ৰতি কিবা বিৰক্তি আহিছে,তাৰ চাল-চলনবোৰ সন্দেহজনক অনুভৱ হৈছে । ভাই-ভনীৰ ব্যৱহাৰ চকুৰ চাৱনিত প্ৰেমৰ গোন্ধ থকা যেন অনুমান হৈছে । ইমান কম পইচাতে থকাৰ উদ্দেশ্যই বা কি ?
এইবোৰ কথাৰ দীঘ-বাণীৰ আঁত নোহোৱাকৈয়ে ভাবি ভাবিয়ে তিনিআলিৰ ফালে ওলাই গৈছিল,কিন্তু তিনিআলিটো পাওঁ পাওঁ হৈছেহে,তেনে সময়তে কোনোবা এজনী আধাবয়সীয়া মাইকী মানুহে কেৰাচিন তেলৰ চাকি এটা হাতত লৈ ঢিমিক ঢামাক পোহৰেৰে আগফালৰ শাকনি ডৰাত গৰু এটা খেদি আছে,আৰু গৰুটো খেদি খেদিয়ে গৰুটোৰ গৃহস্থক গালি শপনি পাৰি কৈছে – “হয় এ কোন মৰতিহঁতৰ গৰু এইটো ? ৰাতি কালো যদি ঘৰ চপাই নিবলৈ আহৰি নাই,তেনে হ’লে পুহিব কিয় লাগে ? আই ঐ এনে সুন্দৰকৈ লাওঁজোপা বাঢ়ি আহিছিল,খেতি ডৰা সোপাকে মহতিয়াই খালে ঐ ! অ’ এইজনী দেখোন কলি গাই ভদ্ৰেশ্বৰৰ ? দিপালীৰ সেই দুইৰতীয়া মৰদটো আজি ক’লৈ গ’ল ? নে তাইৰ লগত ৰাসলীলা কৰি থাকোতে গৰু-গাইৰ কথা পাহৰিয়ে গ’ল ? চাল্লা নিলাজৰ জাত ? ভাই-ভনী দোহাই প্ৰেম কৰেহি ? সি বেতা মৰদটোৰ এইবোৰলৈ মন-কাণেই নাই । হা হা ঘূৰ ঘূৰ আই ঐ দেহি গজমূৰীহঁতৰ গৰুৱে সোপাই খালে ঐ । নিজেটো একো নকৰেই আনে কৰিলেও বতৰৰ ফচল এবিধ এই পাপী মখাৰ বাবে খাবলৈ নাপাওঁ ।”
তিৰোতাজনীৰ কথাত ভদ্ৰেশ্বৰৰ বুকুৱেদি হঠাৎ এডাল বিষাক্ত শেল সোমাই যোৱাৰ অনুভৱ হ’ল । ভদ্ৰেশ্বৰে এই মাত্রই যি কথা ভাবি আছিল,যাক সন্দেহৰ চকু পৰিছিল,সি সেই কথাবোৰ গোপনেহে ভাবি আছিল । তেনেহ’লে এইবোৰ সত্য । ই গোপন হৈ থকা নাই । তাৰ মানে তাৰ নাক-কাণ কটা যাবলৈ বাকী নাই ।
গালিপাৰা মানুহজনীনো কোন চাবলৈ ভদ্ৰেশ্বৰে যত্ন কৰিলে,চাকীৰ পোহৰত সকলোকে একে দেখি,কিন্তু মাতত ধৰা পৰে । গাঁওখনৰ সৰু-বৰ সকলোৰে মাত বুজি পায় । সেই কথাত কাৰোৱে ভুল নহয় । জীৱনটো একেজন মানুহক গাঁওখনত হাজাৰ হাজাৰ বাৰ লগ পোৱা যায়,ভাল-বেয়া,সুখৰ-দুখৰ এষাৰ কথা পাতা হয়,সেয়ে আন্ধাৰেই হওঁক বা নেদেখা ঠাইতে থাকক মাতত চিন নেহেৰাই । সেয়ে ভদ্ৰেশ্বৰৰ মাতত স্পষ্ট হ’ল যে – সেইজনী তগৰৰ মাক চেনী ।
আজি দুদিন আগৰ পৰাই ভদ্ৰেশ্বৰে এনেবোৰ কথাক লৈ অশান্তিত ভুগি আছিল । টকা-পইচাই ঘৰখন চলোৱাত জুৰুলা কৰি আছেই,কিন্তু এই জুৰুলাইহে মানুহক ঠানি নোপোৱা কৰে । জুৰুলাতে আৰু জুৰুলা কৰে । অজয় আৰু দিপালীৰ প্ৰেম তেনেহ’লে উন্নতি হৈছে । বাৰিষাৰ নদী বঢ়াদি বাঢ়িছে সিহঁতৰ প্ৰেম । সিহঁতৰ চলন ফিৰনে বুকু ভৰাই ৰাখিছে ভদ্ৰেশ্বৰৰ বেদনা । এইবোৰ জুৰুলাৰ মাজতে আজি আকৌ তগৰৰ মাকৰ কথাই গোটেই মানুহজনকে চিন্তাৰ ক’লা জ্বৰে বেঢ়ি ধৰিলে । মানুহজন সেওঁতা পৰি আহিল ।
ভদ্ৰেশ্বৰে আৰু তিনিআলিলৈ নগ’ল,তগৰহঁতৰ বাটৰ পৰাই ওলটি আহিল । আনকালে হোৱাহেঁতেন ৰাতি দুপৰলৈ তিনিআলিত গল্প আড্ডা কৰি ঘৰ চাপে,তাতে আজি চহৰৰ পৰা আহিছে,তাৰ বন্ধুসকলে বাট চাই আছে – চহৰৰ গল্প ভদ্ৰেশ্বৰৰ মুখত শুনিবলৈ । কিন্তু ভদ্ৰেশ্বৰ আজি আগলৈ নগ’ল । তগৰৰ মাক চেনীয়ে সকলো কল্পনা দলিয়াই দিলে । সেয়ে ঘৰমুৱা হ’ল । কিনতু ভদ্ৰেশ্বৰে ওভতি দুটামান খোজ দিওঁতে ৰাস্তাতে পৰি থকা এডখৰ অধতুৱাত উজুতি খাই ভৰিৰ আঙুলিৰ নখ এটাৰ সৈতে মঙহেৰে বখলিয়াই উঠি গ’ল । আঙুলিৰ পৰা ধাৰাসাৰে তেজ ব’ব ধৰিলে । অনকালে কিবা হোৱাহেঁতেন ওচৰৰ গিৰিহঁতৰ ঘৰত সোমালহেঁতেন,কিন্তু আজি তাৰ কাৰো ঘৰত সোমাব মন নগ’ল,কাকো মাতিবৰ ইচ্ছা নাই । মনৰ ধিক্কাৰতে ভৰিখন লেকেছাই লেকেছাই ঘৰ ল’লেহি ।
ভদ্ৰেশ্বৰে সেহাই কেকাই ও আঃ কৰি আহিছিল,তাৰ কেকনি শুনি দিপালী আখল ঘৰৰ পৰা সাউতকৈ ওলাই আহি গিৰিয়েকক সুধিলে – “কিনো হ’ল ? নেঠাই গেঠাই আহিছে যে ? ওলাই গৈছিলহে মাথো ? ঘূৰি আহিলে দেখুন ? মই ভাতৰ চৰুত জুই দিয়াই নাই ।”
ভদ্ৰেশ্বৰে খঙত দাঁতকেইটা নিকটাই উত্তৰ দিলে,এই খং কাৰ ওপৰত সি নিজেও নাজানে । সি মাত্ৰ গলগলীয়া মাতে ক’লে -“তোমালোকৰ বাবেই এইবোৰ হয় । ক’ৰবাত ওলাই গ’লেই তোমালোকে পিছত মাত দিয়া স্বভাৱতো আছেই নহয় । তোমালোকৰ বাবেই এই অমঙ্গলীয়া ঘটনাবোৰ ঘটে,আৰু সেই তগৰহঁতৰ নঙলাখনত যে ক’ত কি পেলাই ৰাখে,তাতহে উজুতিখন খালো । উস উস আঙুলিটোত বৰ আজাৰ পালো । কেইদিনমান আগলৈ দেখোন বাটত-চোতালত কেওঁফালে বিজুলি বাতি জ্বলিছিল এতিয়া কিবা এটা বাকচ চৰকাৰৰ মানুহে বেৰখনত আঁৰি থৈ যোৱাৰ পৰা বিজুলি বাতি নজ্বলাই হ’ল,তাতেই বোলে বিল আহে,চাল্লা খেকাৰ খোৱাহঁত ? পইচা যদি দিবই নোৱাৰা বিজুলি কিয় লোৱা ? আই ঐ বৰ দুখ পালোঁ ।’
দিপালীয়ে ফটা কাপোৰ এখন আনি উজুটি খোৱা আঙুলিত তুলসীৰ পাত কেইটামান হাতখনতে মোহৰ মাৰি বান্ধি বান্ধি এটি মিচিকিয়া হাঁহি মাৰি ক’লে -“অ’ সেইয়া । সেইটো তগৰহঁতৰ মিটাৰ বক্স লগাইছে,আগতে সিহঁতে হাকোটা লগাই বিজুলি চুৰ কৰিছিল,সেয়ে লাইটবোৰ কেওঁফালে জ্বলাইছিল,এতিয়া বাটৰ মানুহক পোহৰ দিলে পইচা সিহঁতৰ নাযাব জানো ?”
ভদ্ৰেশ্বৰে নজনা কথা এটি কৈ দিপালীয়ে নিজকে গৌৰৱ অনুভৱ কৰিলে,এইবাৰ আকৌ শাসনৰ সুৰত ক’লে -“ও এতিয়া আৰু বিছনালৈ যাব নালাগে,সোনজনীৰ ওচৰতে অলপ বহক,মই শুদা ভাতহে ৰান্ধিম,দিনৰ তৰকাৰী আছে,তেনেকৈয়ে খাওক,অজয়ো নাই যেতিয়া আমি তেনেদৰেই খাই শুই থাকোঁ ।”
ক্ষন্তেক সময়ৰ বাবে হ’লেও ভদ্ৰেশ্বৰে মনত শান্তি পোৱাৰ অনুভৱ কৰিছিল হয় তিৰোতাৰ কথাবোৰ এনেকুৱাই হ’ব লাগে । শুৱলা হোৱা উচিত । এনে আচৰণত শুদা ভাতো তৃপ্তিৰে খাব পাৰি । দিপালীৰ প্ৰথম কথাখিনিত ভদ্ৰেশ্বৰে পৰম তৃপ্তি পাইছিল,কিন্তু শেষত যেতিয়া অজয়ৰ কথা ক’লে তেতিয়া ভদ্ৰেশ্বৰে যেন অনুভৱ কৰিলে তাৰ কটা ঘাও ডোখৰত দিপালীয়ে চেঙা তেলহে ঢালিলে,যেন জ্বলি থকা জুইকুৰাত আৰু অলপ ঘিউহে ঢালিলে । লগে লগে অজয় আৰু দিপালীৰ “বিভৎস’ ৰুপ এটি ভদ্ৰেশ্বৰৰ কল্পনাত ভাঁহি উঠিল,ভদ্ৰেশ্বৰৰ গোটেই দেহাটো জ্বৰ ঘমাদি ঘামি আহিল,খঙত কাণ দুখন ৰঙা হৈ পৰিল,কিন্তু ভদ্ৰেশ্বৰে কিবা এটা কোৱাৰ আগতে এই কথাও ভাবিলে যে -“মই ধৰ্য্যচুটি হ’লে নহ’ব ! কি প্ৰমাণৰ ভিত্তিত অজয় আৰু দিপালীক অপৰাধী কৰিম । প্ৰমাণ হাতলৈ নহালৈ মনে মনে থকাই ভাল হ’ব,আৰু এইবোৰ কথা কাকো জানিব দিবও নোৱাৰি ।”
ভদ্ৰেশ্বৰে আগৰ পৰাই কথা কমকৈ কয় । কিন্তু ৰতনক ওচৰত পালেহে দিনটোৰ সকলো কথাৰ পাতনি মেলে । সিহঁত দুয়োজনেই কোনো কথাতে এৰে-এৰিকৈ নচলিছিল । সঁচাকৈয়ে দুয়োজনেই পুৰুষ প্ৰেমিক আছিল । এনেবোৰ সিহঁতৰ পূৰ্বৰ বন্ধুৰ কথা দিপালীয়ে বিয়া হৈ অহাৰ পিছত জানি কেতিয়াবা কেতিয়াবা গিৰিয়েকক গালি আৰু কথাৰে থকা সৰকা কৰে,কিন্তু সেইবোৰ কথাৰ উত্তৰ নিদি ভদ্ৰেশ্বৰে নিজৰ ধীৰ-গম্ভীৰতাৰ পৰিচয় দিয়ে । আজিও গম্ভীৰতাক জয় কৰিবলৈ একো নক’লে । মাথো ক’লে -“দিয়া দিয়া যি আছে তাকে দিয়া । ক’ত মাছ-মঙহ এখোপা পাবা,কুকুৰ ধূলিৰ জীৱন আমাৰ আৰু কি খাবলৈ পাবা ? হ’ব তাকে দিয়া ।”