….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)
দুই
ভদ্ৰেশ্বৰৰ বাল্যবন্ধু ‘ৰতন’ এতিয়া চাকৰিসূত্রে চহৰত থাকে । ভদ্ৰেশ্বৰৰ একমাত্র বিশ্বাসী বন্ধু আৰু বিপদৰ বন্ধু । ভদ্ৰেশ্বৰৰ যিকোনো বিপদ হ’লেই ৰতনৰ ওচৰ চাপে । বেচেৰা ৰতনটোৱেওঁ ভদ্ৰেশ্বৰক সহায় কৰি ভাল পায় । অকল ভদ্ৰেশ্বৰকে নহয় ৰতনে গাঁৱৰ কিবা অনুষ্ঠান-প্ৰতিষ্ঠানত হাত উজাৰি ভাল পাইছিল । ভদ্ৰেশ্বৰৰ বিয়াৰ সময়ত, ভদ্ৰেশ্বৰৰ মাক-বাপেকহাল মৰোতে কাম-কাজৰ খৰচ, ভদ্ৰেশ্বৰৰ ছোৱালীজনীৰ জন্মৰ সময়ত মেডিকাল খৰচ, জীৱনৰ অনেক উজুতিত ৰতনে ভদ্ৰেশ্বৰক সহায় কৰিছে । ভদ্ৰেশ্বৰৰ আজিৰ যাত্রাটো যে কিবা এটা আশা লৈ ৰতনৰ ওচৰত গৈছে সেইয়া নিশ্চিত । কিন্তু সেই কথা দিপালীৰ পৰা গুপুতে ৰাখিছে ।
ভদ্ৰেশ্বৰে গাড়ীৰ পৰা নামিয়ে মুৰটো আচন্দাই কৰা যেন পালে, চহৰৰ বাট-পথবোৰ কিছু সলনি হোৱাৰ অনুভৱ হ’ল, মাত্র কাইমাহমান নাহোতেই চহৰখন সলনি হোৱা যেন পালে । ৰাস্তাৰ দুয়োকাষে দোকান-বজাৰ আৰু ডাঙৰ ডাঙৰ পকী ঘৰ বহুত হ’ল, হয়, এৰা ইয়েকে চহৰ কয় । ভদ্ৰেশ্বৰে পোনে পোনে ৰতনৰ বাসগৃহলৈ গ’ল । বৰ পিয়াহ লাগিছিল, চহৰৰ চাহ দোকানৰ মিঠাইৰ গোন্ধ পাই জিভাৰ আগত পানীও উঠিছিল, কিন্তু ঘৰৰ পৰা অনা পকেটৰ ধনৰ কথা মনত পৰি মনটো কোছ খাই আহিল, জিভাৰ আগৰ পানীও আপোনা-আপুনি শুকাই গ’ল ।
সেইদিনা অফিচ-কাছাৰী বন্ধ আছিল । গুৰুজনাৰ তিৰুভাৱ তিথি আছিল । অফিচ খোলা থাকিলে ভদ্ৰেশ্বৰ ৰতনৰ অফিচলৈয়ে গ’লহেঁতেন । ৰতনক অফিচত ল’গ পালে মনৰ কথাবোৰ মুকলিকৈ পাতিব পাৰে । ঘৰত মুকলিকৈ কথা পতাৰ অসুবিধা অনুভৱ কৰে । ৰতনৰ ঘৈণীয়েকজনী কিবা একা-চেকা ধৰণৰ । সমাজত জিন নোযোৱা, অহংকাৰী, খিংখিঙীয়া স্বভাৱৰ । নিজৰটোহে সঁচা, কাৰো কথাত সঁচা আৰু ভাল নেদেখে । হাই-কাজিয়া কৰি ভাল পায় । ৰতনৰ ঘৰখনৰ আটাইকে শত্ৰুজ্ঞান কৰে । নিজে আপোন হ’ব খোজে কিন্তু কাকো আপোন কৰি নলয় ।
ভদ্ৰেশ্বৰে ৰতনৰ ঘৰ পায়ে দেখে যে দুৱাৰত তলা ওলমি আছে । কিন্তু বাহিৰত কাপোৰ মেলি দিয়া আছে । ঘৰৰ খিৰিকীবোৰো খোলা আছে । সেয়ে ভদ্ৰেশ্বৰ নিশ্চিত হ’ল ‘ৰতনহঁত দূৰলৈ যোৱা নাই, ওচৰতে কাৰোবাৰ ঘৰলৈ গৈছে ।’ ভদ্ৰেশ্বৰৰ অনুমান ঠিকে হ’ল, ৰতনৰ শ্রীমতি জ্বলিয়ে ক’ৰবাৰ পৰা হাঁহি হাঁহি বেগা-বেগীকৈ আহি আছে । সিহঁতৰ চাৰিকুৰী হাত দীঘল নঙলাখনৰ গেটৰ পৰাই হাঁহি বিৰিঙাই সোমাই অহা দেখিলে । কিন্তু ? কিন্তু এইয়া ? গেটৰ পৰাই জ্বলিয়ে লক্ষ্য কৰিছিল বাৰান্দাত কোনোবা এজন দহি আছে কেবাদিনো হ’ল ভায়েক অহা নাই, বাৰান্দাত বহি থকাজন ভায়েক বুলিয়ে মুখখন উজ্জ্বলাই খোজকেইটা খৰ-খেদাকৈ দিছিল, কিন্তু কেইহাতমান অহাৰ পিছত যেতিয়া সেইজন ভায়েক নহয় ভদ্ৰেশ্বৰ বুলি জানিলে, হঠাৎ জ্বলিৰ খোজকেইটা ঢিলা হৈ পৰিল, এইমাত্রই হাঁহি থকা ওঁঠ দুটি জাপ খাই গ’ল, বুকুখন যেন ক’লা পৰি গ’ল, মুখৰ ৰং সলনি হ’ল, পেটে-পেটে খং উঠিল – ‘আজিবা আকৌ এইজনে বন্ধুৰ ওচৰত কি বিচাৰি আহিছে ?’
ভদ্ৰেশ্বৰেও এইবোৰ কথা লক্ষ্য কৰি ভাবিলে – ‘এই মাত্র হাঁহি অহা জ্বলিৰ মুখখন মোক দেখিয়ে সেঁতা পৰিছে । এইয়া নিশ্চয় মোৰ উপস্থিতিয়ে জ্বলিক আমনি কৰিছে । এৰা..এইয়া ধনীৰ ভেম ! আমি তাত যোগ দিলে নহ’ব । আমি দুখীয়া । দুখীয়াৰ জীৱন ! দুখীয়াৰ জীৱনত ভেম, লাজ, ধিক্কাৰ, ক্ষোভ এইবোৰে শোভা নাপায় । আমাৰ জীৱন পানীৰ দৰে হোৱা উচিত ।পানীৰ যিদৰে নিজা আকাৰ নাই, যি পাত্রতে থোৱা যায় সেই পাত্রৰে আকাৰ ল’য়, দুখীয়া মানুহৰো একেই অৱস্থা, সকলোকে আমি ভগৱান মানি চলাই শ্রেয় । আমাৰ বেদনা কেতিয়াবা হিমালয়তকৈও ওখ হ’ব পাৰে, কিন্তু তাক দেখোতাহে কোনো নাই, অনুভৱ কৰোতা নাই, অনুভৱৰ প্ৰয়োজনবোধ নকৰে ধনী লোকে । সেয়ে আমি দুখীয়ে ! ধনীৰ বাবে আমি স্বাক্ষৰ দুখীয়া ।’
ভদ্ৰেশ্বৰৰ মনত আৰু কিবা-কিবি ভাৱৰ বুৰ-বুৰনি হৈছিল, ক্ষোভৰ উদ্গীৰণে ুক দিছিল, কিন্তু সংযম কৰিলে, আৰু ভাবিলে – জ্বলিয়ে আজি যিয়ে নকওঁক, যেনেদৰেই অপমান নকৰক, মই ৰতনক লগ নকৰাকৈ নাযাওঁ । জ্বলিৰ মুখৰ ৰং সলনি হ’লেও মোৰ উপায় নাই মই তাক লগ কৰিমেই ।’
জ্বলিয়ে বাৰান্দাত এখন ভৰি তুলিয়ে এক শুকান আৰু কঠোৱা মাতেৰে ভদ্ৰেশ্বৰক সুধিলে – ‘কেতিয়া আহিল ?’
ভদ্ৰেশ্বৰে মাতত যিমান পাৰে কোমলতা সানি উত্তৰ দিলে –
ভদ্ৰেশ্বৰ – ‘কিছু দেৰি হ’ল, ক’লৈ গৈছিলা ? ৰতন নাই নেকি ?’
জ্বলি – ‘আছে দূৰলৈ যোৱা নাই, চৌধুৰীহঁতৰ ঘৰলৈ গৈছে, আহিব, আহক ভিতৰত বহক ।’
ভদ্ৰেশ্বৰ ভিতৰত বহিল । এই কোঠাটোত সি অনেকবাৰ বহিছে, অনেকবাৰ আহিছে । তথাপিও কিয় জানো এই কোঠাটোত বহিলে প্ৰত্যেকবাৰ নতুন নতুন লাগে । প্ৰত্যেকবাৰেই কোঠাটো নতুন নতুন বস্তুৱে দখল কৰে । বুক চেল্ফ, চ’কেচ, ফ্ৰীজ, একুৰীয়াম আদি কোঠাটোত প্ৰৱেশ কৰি কোঠাটো সলনি হৈ পৰে । চকী-মেজবোৰো আগৰ দৰে নাথাকে । সিহঁতো সলনি হৈ কোঠাটোৰ নতুনত্ব বঢ়ায় । বছৰেকে-বছৰেকে ডিজাইনবোৰ সলনি হৈ থাকে । আগতে পাৰি থোৱা লঠঙা কাঠৰ চকী কেইখন এতিয়া এঘৰীয়া হ’ল, কোনোয়ে নবহে ঘৰৰ পিছফালে পাৰি থৈ তাত কিবা অলাগতিয়াল বস্তু তুলি থয় । এৰা, দুখীয়া মানুহবোৰো এনেই অলাগতিয়াল, ধনীসকলে দুখীয়াসকলক মূৰৰ বোজা বুলি ভাবে । কিন্তু ধনীসকল যে এজন দুখীয়াৰ পৰাই হয়, দুখীয়া নহ’লে যে অস্তিত্বই নাই সেই কথাহে ধনীয়ে অনুভৱ নকৰে ।
এইবোৰ কথাই ভদ্ৰেশ্বৰক বৰকৈ আমনি কৰিছে, ৰতনৰ বহা কোঠাৰ বস্তুৱে যেন ভদ্ৰেশ্বৰক ভেঙুচালি কৰিছে । চাকৰিটো সি নিজে কৰাহেঁতেন, আজি এইবোৰ বস্তুৱে তাক ভেঙুচালি কৰিব নোৱাৰিলেহেঁতেন । বিধাতাৰ কি চতুৰালি – ভাত ৰান্ধে কোনোবাই, খাই কোনোবাই । হয় ইয়ে বিধাতাৰ পাৰ্গতালি, বিধাতাৰ বিধান খনণ্ডাৱৰ কাৰো শক্তি নাই । ধন্য বিধাতা ধন্য ।
কেইখনমান বিস্কুটৰ সৈতে জ্বলিয়ে ভদ্ৰেশ্বৰক একাপ চাহ দি গ’ল । জ্বলিৰ একান্ত ইচ্ছা – গিৰিয়েক নাহোতেই ভদ্ৰেশ্বৰক চাহ-পানী খুৱাই বিদায় দিয়াৰ, কাৰণ ভদ্ৰেশ্বৰৰ ঘৰ আৰু জ্বলিৰ শহুৰেকৰ ঘৰ একেখন গাঁৱতেই চুবুৰিটোৰ ইমুৰে-সিমুৰে । হয়তো তেওঁলোকৰ ঘৰৰ পৰাও অভাৱ অভিযোগৰ ভাৰখন লৈ আহিব পাৰে । আনপিনে ভদ্ৰেশ্বৰে ভাবি আছিল – হয়টো জ্বলিয়ে গাঁৱৰ খবৰ ল’ব, ৰোগীয়া শহুৰেকৰ খবৰ ল’ব, খেতি-পথাৰৰ কথা সুধিব, পৰিয়ালটো কেনেদৰে চলিছে সুধিব আৰু সি বুকু ফুলাই উত্তৰ দিব – এইবাৰ সৰিয়হৰ খেতি কিমান পালে, আলু খেতি কেনে হ’ল, বানপানীয়ে শালিখেতি কেইবাৰ উটুৱাই নিলে, গৰু-ছাগলীৰ শ্রীবৃদ্ধিৰ কথা, শহুৰেকে কি কি বিক্ৰী কৰি নিজৰ ঔষধৰ যোগাৰ কৰি খায় আছে আদি । কিন্তু – জ্বলিৰ মুখখন দেখি বুজিব পাৰি কিবা যেন বিৰক্তিৰে ভৰি আছে জ্বলিৰ মুখখন । তাইৰ সন্মুখত কিবা যেন বিৰক্তিদায়ক বস্তুহে পৰি আছে, এই বস্তুৱে তাইক যেন শ্বাস-প্ৰশ্বাসত বাধা দিছে, তাইৰ পেটে পেটে আৰু এটা খং – আজিৰ পৰা দুমাহমান আগতে ভদ্ৰেশ্বৰে তাইৰ গিৰিয়েকক কৈছিল – দিপালী নে কি সেইজনীৰ হেনো এপাত কাণফুলি হেৰাইছিল নে সেইপাতৰ যোৰ বিচাৰিহে আজি আহিছে ? সেইদিনাই আৰু কৈছিল ভাগিনীয়েক জনীৰো হেনো বিয়া আহি আছে কিবা এটা মোতা বস্তু দিব লাগিব নে তাৰেই ভাৰখন লৈ আহিছে ।
মানুহৰ সকলো কথাতে যুক্তি থাকিলেও অন্ধবিশ্বাসত যুক্তি নাই । অন্ধবিশ্বাসে মানুহক অশান্তিৰ বাহিৰে একো নিদিয়ে । বিশ্বাস নাথাকিলে কোনো বস্তুৰে মূল্য নাবাঢ়ে । লাগিলে সি জীৱনদায়িনী ঔষধে নহওঁক কিয় । ভাল পোৱা, ভাল ভাব নাথাকিলে সেই মানুহৰ ছাঁটোৱেও বিন্ধাৰ অনুভৱ হয় । দেশৰ প্ৰগতি সকলোৱে বিচাৰে কিন্তু দেশৰ প্ৰগতিৰ কামহে কোনোৱে নকৰে, মনোযোগ নিদিয়ে । দেশৰ প্ৰগতিৰ মনোযোগ নাই, কিন্তু অৰ্থ উপাৰ্জনৰ বেলিকা মানুহৰ মগজু সদা সস্তম থাকে । অৰ্থ প্ৰয়োগৰ ক্ষেত্রত কিন্তু ভাৰতীয় লোকে সদায় উজুতি খায় থাকে । ইয়ে ভাৰতীয়ৰ বাবে চৰম দুৰ্ভাগ্য । হিংসা, এলেহুৱা আৰু সন্দেহত ভাৰতীয় লোক এখোপ চ’ৰা হ’ল । চহৰৰ মানুহে গাঁৱলীয়া সহজ-সৰল জীৱনক সহনশীলতাক, সহৃদয়তাক মগজুৰ বিকাশ নোহোৱা মানুহ বুলি জ্ঞান কৰা হ’ল ।
হিংসা কৰিব নজনা সকলক আজিৰ সমাজে মানসিক ৰোগী বুলিহে চিনাক্ত কৰিলে । মাটিৰ বেৰখনৰ দৰেই গাঁৱলীয়া মানুহৰ কোমল হৃদয় । গাঁৱৰ প্ৰত্যেক বিধ বস্তুৱেই কোমল,মাটিৰ আকাৰ লয়,পানীৰ আকাৰ লয়,সকলো মানুহকে গাঁৱলীয়া মানুহে মানুহ বুলি ভাবে,টানকৈ কাকো একো ক’ব নোৱাৰে,টান কথাও সহিষ্ণুতাৰে বিচাৰ কৰিব পাৰে গাঁৱলীয়া জীৱনে । কিন্তু চহৰৰ মানুহবোৰ দেখোন কোনোবাখন গাঁৱৰ পৰাই যোৱা ? তেঁওলোকে চহৰৰ পকী ঘৰত থাকি মনবোৰো পকী বেৰৰ দৰেই ডাঠ হৈ পৰিল নেকি বাৰু ?
জ্বলিৰ শুকান মুখখন দেখিয়ে ভদ্ৰেশ্বৰৰ মনৰ মাজেৰে বহু কিবা-কিবি কথা পাৰ হৈ গ’ল । একো নোকোৱাকৈয়ে বহু কথা ক’লে,একো নুশুনাকৈয়ে বহু কথা শুনিলে । জ্বলিয়ে ভাবি থকা কথাবোৰ যেন ভদ্ৰেশ্বৰৰ কাণত পোনপতিয়া সংযোগহে হ’ল । কেৱল জ্বলিৰ মুখৰ ৰং দেখিয়ে ভদ্ৰেশ্বৰৰ মনৰ মাজত কিবা-কিবি অনুভৱ হ’ল ।
জ্বলিয়েও ইমান পৰে ভাবি আছিল – গাংৱলীয়া মানুহৰ কথা । গাঁৱলীয়া মানুহবোৰৰ একো লাজ-কাজ নাই,পৰৰ ঘৰে ঘৰে বস্তু খুজি ফুৰে । খেতিৰ মানুহ খেতিতে থাকিব লাগে,চহৰলৈ আকৌ কিয় মন মেলে ? চহৰৰ আধুনিকতাৰ লগত খাপ পিটিব কিয় আহে ?
জ্বলিয়ে এইবোৰ আকাৰ-ইকাৰ নোহোৱা কথা ভাবি থাকোতেই খিৰিকীৰ ফাকেৰে গিৰিয়েকক অহা দেখিলে । গিৰিয়েকক দেখিয়ে তাইৰ বিৰক্তি অনুভৱ হ’ল । ইমান খৰ-খেদাকৈ চাহ কাপ দিছিল তাই । গিৰিয়েক ঘৰ নাচাপোতে ভদ্ৰেশ্বৰক বিদায় দিয়াৰ ইচ্ছা কৰিছিল,কিন্তু বিফল হ’ল । খঙৰ ভমকটো আগতকৈ আৰু উজ্জীৱিত হ’ল ।
ৰতনে প্ৰায় দৌৰাৰ দৰে আহি গেটখন খুলি নিমিষতে দুৱাৰমুখ পালে । দুৱাৰ মুখত পুৰণা আৰু গাঁৱৰ মাটি লাগি থকা চান্দেল এযোৰ দেখি তাৰ বুকু চিৰিংকৈ উঠিল,কাৰণ ৰতনে জানে গাঁৱৰ ঘৰৰ পৰা যদি কোনোবা আহিছে,আজি মই নোহোৱা সুযোগতে ঘৈণীয়েকে কি দূৰ্ব্যৱহাৰ কৰে ঈশ্বৰেহে জানিব । মই ঘৰত থাকোতেই গুৰু গোসাঁই নামানি যিখনহে কৰে । কথাখিনি ভাবোতেই ৰতনৰ মূৰটো আচন্দাই কৰিছিল,কিন্তু কোঠাৰ ভিতৰত ভদ্ৰেশ্বৰক হঠাৎ দেখি প্ৰকৃত বন্ধু প্ৰেমৰ হাঁহি এটি ওলাই আহিল । কিন্তু ৰতনে ভদ্ৰেশ্বৰক একো ক’ব নৌপাওঁতেই জ্বলিয়ে হুতা মাতেৰে গিৰিয়েকক ক’লে- আজিযে চৌধুৰীৰ ঘৰৰ পৰা ইমান সোনকালে আহিলা ? বন্ধু অহা বুলি কোনোবাই খবৰ দিলে নেকি ? আনকালে দেখুন চৌধুৰীৰ লগত কথাৰ মহলা পাতিলে নেৰেই ?
জ্বলিয়ে কোৱা কথাখিনিত একেবাৰেই ৰস নাই । সেইখিনি কথাকেই ভালদৰে উপস্থাপন কৰি ক’ব পাৰিলেহেঁতেন । কিন্তু তাকে নকৰি বিচাই ডকা মানুহৰ দৰে উচাৎ মাৰি উঠিল । বেচেৰা ৰতনটোৰো উপায় নাই । চুক্তিত বিয়া কৰাই অনাৰ দৰে ঘৈণীয়েকৰ ওপৰত কথা কোৱাৰ সাহস আৰু অধিকাৰ যেন দুয়োটাই নাই । ঘৈণীয়েকে সকলো খৰ্ব কৰি ৰাখিছে ।
কেতিয়াবা জ্বলিৰ ব্যৱহাৰত অতিষ্ঠ হৈ এষাৰ মাত মাতিলেও তিনি চাৰি দিনলৈ ভাম পাতে,ভাতৰ চৰুলৈ নাযায়,ঘৰখনত আহুকাল আহে,ওফোন্দা-ওফোন্দি হৈ থাকে,কিবা কাৰণত চাহ কাপ দিলেও পাকঘৰত কাপ-প্লেট,কাহী-বাতি সকলোৱে কথা কয় । এপদ লাৰুতে দুপদ ভাঙে । এনেবোৰ কথা চিন্তা কৰিয়ে ৰতনে জ্বলিৰ কথাবোৰ হজম কৰে । গৰম চাহ দোপ মাৰি গিলি থোৱাৰ দৰে গিলি থয় । তিতা-কেঁহা সকলো গিলি থোৱাৰ অভ্যাস হ’ল,যেন ক’তো একো হোৱাই নাই । এইবোৰ দেখিলে শুনিলে ৰতনৰ সংসাৰ নচলে,সেয়ে সেই নুশুনাৰ ভাৱতে ৰতনে জ্বলিক ক’লে – ‘যোৱাচোন যোৱা দুকাপ চাহ সোনকালে আনা,আৰু আহোতে বেগটোও আনিবা বজাৰলৈ যাওঁ,চহৰত এজন ডাঙৰ লোক ঢুকাইছে,চহৰ বন্ধ হ’ব । কাইলৈ দেওবাৰ,দোকানবোৰ সাপ্তাহিক বন্ধ থাকিব, কি কি বজাৰ লাগে লিচ কৰি দিয়া ।’
চহৰখনৰ নহয়,আচলতে গোটেই জিলাখনৰ ভিতৰতে প্ৰতিপত্তি থকা লোক হ’ল সুনন্দৰাম ডেকা ।সকলো চহৰতে একোজন বা ৰাজ্যৰ ভিতৰত একোজন ধনী লোক থাকে,সেয়া ডাঙৰ কথা নহয় । কিন্তু সুনন্দৰাম ডেকাৰ কথা সুকীয়া । তেওঁৰ নাম এটা বিশেষ কাৰণত দেশ-বিদেশ বিয়পি গৈছে । আৰু ধনী লোক সকলৰ ভিতৰত তেওঁৰ নাম আৰু কাম চৰ্চিত হৈছে । তেওঁৰ কামৰ সকলোৱে অনুসৰণ কৰে,শ্রদ্ধা কৰে কাৰণ – তেওঁৰ জীৱন আৰু ব্যক্তিত্ব বিশেষভাৱে উল্লেখনীয় ।
সুনন্দৰাম ডেকা পূৰ্বতে তেওঁৰ চহৰখনৰ এজন ‘ধূলি’ কণা লোক আছিল । তেওঁৰ নাম যে কোনোবাই ল’ব,কাৰোবাৰ মুখত আহিব সেই কথা কল্পনাৰো অগোচৰ আছিল । কাৰণ তেওঁৰ বাল্যকালত তেনে কোনো প্ৰতিভা নাছিল,পঢ়াত চোকা নাছিল যে কোনোবাই ভাবিব পাৰে – এই বালক ডাঙৰ হ’লে দেশৰ নাম ৰাখিব । সুনন্দ আছিল চহৰখনৰ দোকানবোৰত ইটো-সিটো কৰি দুপইচা উপাৰ্জন কৰি পিতৃ-মাতৃক পোহ-পাল দিয়া ল’ৰা । তেওঁ বিশেষভৱে ‘হোটেল’বোৰত পানী যোগান ধৰিছিল । সততাৰে এনেবোৰ কাম কৰি ঈশ্বৰ বিশ্বাসী হৈছিল । চহৰখনৰ মাজমজিয়াতে ইংৰাজে খান্দি থোৱা এটা বৃহৎ পুখুৰী আছিল, সেই পুখুৰীৰ পৰা পানী উঠাই ভাৰ কৰি নি চহৰৰ দোকানবোৰত যোগান ধৰিছিল,সুনন্দৰ নিষ্ঠা আৰু ঈশ্বৰ ভক্তিয়ে এদিন ঈশ্বৰে ‘মোৰ’ বুলি সুনন্দক আকোঁৱালি ল’লে । ঈশ্বৰে কেতিয়াবা কাৰ শৰীৰত লম্ভী কাৰ মুখৰ বাক্যত অমৃত বোৱাই সেই কথা জানিবলৈ মানৱৰ শক্তি নাই । সেয়ে ‘ঈশ্বৰ’ সেয়ে ‘ভগৱান’,এনেবোৰ কথা মানুহে জানিব পৰাহেঁতেন ঈশ্বৰৰ অস্তিত্বৰ প্ৰতিয়ে ভাবুকি আহিলহেঁতেন । সেয়ে ঈস্বৰৰ বাহ্যিক দিশ লুপ্ত কৰি এজন সহৃদয়ৱান লোকে সুনন্দক চহৰৰ মাজমজিয়াতে এডোখৰ ঠাই দেখুৱাই কৈছিল – ‘তুমি এইডোখৰ ঠাইতে সৰুকৈ এখন চাহৰ দোকান কৰা ঠাইডোখৰৰ ভৱিষ্যত আছে,তোমাৰ যি সততা আছে,তাক বজাই ৰাখিবা এদিন চহৰখনৰ নাম জনা মানুহ হ’বা ।
অসমীয়াৰ মাজত এফাঁকি লোক প্ৰবচন আছে যে ধনী কৰে পানে,ধনী কৰে আনে ।
ঘৰখনত পাণৰ বাৰী থাকিলে সেইয়া ‘টকা’ৰ গছ থকাই বুজাই । লাওলোৱা ঘৰত জন্মগ্ৰহণ কৰিলে জীৱনটো শুকান বালিৰ দৰে । অকলে যিমান পানী ঢালিলেও আকৌ শুকান হয় । যদিহে কোনেও সহায় নকৰে । এইয়া ডাকৰ বচন । সুনন্দৰো সেয়ে হ’ল – পৰামৰ্শ আৰু কিছু মহান লোকৰ সহায়ত ঊন্নৈশ শতিকাৰ আৰম্ভনিতে স্থাপন কৰা চাহ দোকানখনে কম দিনতে ঠন ধৰি উঠিল । কামৰ নিপুণতা আৰু গ্ৰাহকক কৰা মনোমোহা ব্যৱহাৰে কম দিনতে চহৰখনৰ লোকক আকৰ্ষিত কৰিলে । এপদ-দুপদকৈ সামগ্ৰী বঢ়াই চহৰখনৰ ভিতৰতে দোকানখন জাকত জিলিকা হ’ল । শতিকাটোৰ মাজভাগত সুনন্দৰ নাম চহৰখনতে নাথাকিল,গোটেই জিলাখনৰ লোকৰে মুখে মুখে সুনন্দৰ নাম । সুনন্দৰ উদাহৰণবোৰ মাক-দেউতাকে ল’ৰা-ছোৱালীক গালি পাৰিব পৰা হ’ল – ‘দেখা নাই লোকে পানীৰ ভাৰ কঢ়িয়াই কঢ়িয়াই আজি জিলাখনৰে নামজ্বলা মানুহ হ’ল ? তহঁতে ঘৰতে বহি শুই থাকিলে ক’ত কি পাবি ? জীৱনটো কি কৰি খাবি ? কামৰ সৰু বৰ নাই । সততা আৰু নিষ্ঠাৰে কৰা,এদিন ঈশ্বৰে মোৰ বুলিব ! সৰু কামতো ধন আছে । একো নকৰিলে ধন ক’ৰ পৰা আহিব ? আৰু এটা কথা জানিবি – ধনে মানুহক খেদিলেহে ধন হয় । আৰু ধনে খেদিবলৈ হ’লে ধন অহা কাম এটা কৰিবই লাগিব । ধন অহা বাট এটা নেদেখুৱালে ধন বিচাৰি পাবা জানো ?’
ধন কুবেৰৰ সুদৃষ্টি সুনন্দৰ ওপৰত পৰিল । সেয়ে তেওঁ য’তে হাত লগায় ত’তে ধন ওলায় । নহ’লেনো চহৰখনত অতবোৰ দোকানৰ মাজত সুনন্দৰ চাহ দোকানতহে জিলাখনৰ মানুহৰ ভিৰ পৰেনে ? কাৰণ তেতিয়া ধন কুবেৰে সুনন্দক খেদি ফুৰিছিল । সেয়ে পৰৱৰ্তি সময়ত তেওঁ কেইবাটাও বৃহৎ বৃহৎ উদ্যোগ স্থাপন কৰি জিলাখনৰ গলতে ৰাজ্যৰ অন্যপ্ৰান্তৰ পৰাও হাজাৰ হাজাৰ লোকক সংস্থাপন দিছিল । সৰু-বৰ সকলোৰে বিপদত ছাঁটো হৈ দেখা দিছিল । জিলাখনৰ সকলো লোকৰ জনপ্ৰিয় হৈ পৰিছিল । তেওঁৰ জনপ্ৰিয়তা অনুযায়ী বা ধনৰ অতিমাত্রা লোভ থকাহেঁতেন ৰাজনীতি খেলি অনায়াসতে আৰু ধনৰ পাহাৰ গঢ়িব পাৰিলেহেঁতেন,কাৰণ তেওঁৰ বিজয় সুনিশ্চিত আছিল,সেইজন জনপ্ৰিয় লোক আজি পৃথিৱীৰ পৰা বিদায় ল’লে,গতিকে চহৰ বন্ধ হোৱাতো অনিবাৰ্য বুলি ৰতনে বুজিলে । সেয়ে খৰখেদাকৈ ৰতন বজাৰলৈ ওলাল । ৰতনে এই কথাও মনত ৰাখিলে যে – ভদ্ৰেশ্বৰৰ লগত খোলা মনেৰে ঘৰত কথা পতাতো অসম্ভৱ হ’ব,জ্বলিজনীয়ে কথাৰ গোৰ ক’ৰবালৈ নিব । আৰু ভদ্ৰেশ্বৰে যদি কিবা কম বুলি মনত পুহি ৰাখিছে ঘৰত থাকিলে মোৱা নহ’ব । এই সুযোগতে তাকো বজাৰলৈ লৈ যাওঁ ।
জ্বলিয়ে পুনৰ হুতা মাতেৰে গিৰিয়েকক ক’লে – ‘এইমাত্র চাহ দিলো,আপুনি খায় যদি একাপ দিওঁ ।’
জ্বলিয়ে কিছু অহংকাৰী সুৰত কথাষাৰ ক’লে যদিও চহ দুকাপ আনিবলৈ গ’ল,যাওঁতে খুলি থকা দুৱাৰখনকে জোৰেৰে ঠেলা মাৰি কোবাই থৈ গ’ল । যেন ৰতন আৰু ভদ্ৰেশ্বৰৰ খং দুৱাৰখনতে গুচাব । চাহ পাগি থাকোতেই ক্ষোভৰ জুইকুৰা বাচন-বৰ্তনৰ ওপৰত ব্যৱহাৰ কৰিলে । বাচন-বৰ্তন,দুৱাৰ-খিৰিকি সকলোতে আচহুৱা শব্দ । এইবোৰ শব্দৰ লগত ভদ্ৰেশ্বৰ পূৰ্বৰ পৰাই পৰিচিত । আগতে আহিলেও জ্বলিয়ে তেনে ব্যৱহাৰ কৰে,ই আজি একো নতুনত্বই নাই । নতুনত্ব আছে কেৱল ঘৰ-দুৱাৰতহে,চোফা-পালেঙতহে । কৃতিম ফুলৰ থোপাতহে,আৰু নতুনত্ব দেখে মানসিক ভেমৰ । এই ভেম কিমান দূৰলৈ শিপাইছে সিহঁতে নিজেও নাযানে ।
ভদ্ৰেশ্বৰে যদিও ৰতনৰ লগত দুই-এটা কথা পাতি আছে কাণ আৰু মগজু কিন্তু জ্বলি যোৱাৰ ফালে আছে । এই কথা ৰতনেও উপলব্ধি কৰে,সিও এইবোৰ বুজে, কিন্তু একো কৰিব নোৱাৰে । সিওঁ গাৱঁৰ ল’ৰা,গাৱঁৰ বোকা-পানীত ডাঙৰ হৈছে । একে তেজ মঙহৰ মানুহ,তেজ মঙহৰ যন্ত্রণা বুজি পায় । অভাৱৰ যন্ত্রণা,কষ্টৰ যন্ত্রণা,মৃত্যুৰ যন্ত্রণা সকলোৰে একে বুলি ৰতনে জানে,কিন্তু ঘৈণীয়েকজনীহে কিবা আঁকৰী,বুজালেও বুজি নাপায় । বহু বুজাইয়ো হাৰি গ’ল । এতিয়া ৰতনে নীৰৱতাৰে সংসাৰ চলায় । সি ভাৱে – ‘যিয়ে যিমান নামে,সিমান তিতিব ।’
ভদ্ৰেশ্বৰে মূৰটো তললৈ কৰি কিবা-কিবি ভাবি আছে । হয়টো ভাবিছে – ‘মই ইয়াৰ পৰা যোৱাৰ পিছতে চাগে ৰতন আৰু জ্বলিৰ মনৰ ক্ষোভ বহিঃপ্ৰকাশ হ’ব । নিজৰ নিজৰ যুক্তিৰে কাজিয়া কৰে,কোনোৱে সৰু নহয়,নিজৰ নিজৰ ভেমত অটল হৈ থাকে । যি হ’লেও,যি কৰিলেও উপায় নাই মই ৰতনক এৰিব নোৱাৰো,ইয়ে সত্য আৰু শেষ সত্য ।’
আগলৈ……..
(পৰবৰ্তী খণ্ড অহা দেওবাৰে)