….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)
………এক…….
ভৰদূপৰীয়া-ভৰটোপনিতে দিপালীয়ে ভদ্ৰেশ্বৰক জগাই দিলে, কেচা টোপনি ভঙা খং সদায় এসোপ চ’ৰা, খঙত ভদ্ৰেশ্বৰৰ চকু ৰঙা হৈ উঠিল । এক বিৰক্তিৰ চাৱনিৰে দিপালীলৈ চাই কিবা এষাৰ টানকৈ ক’ম বুলি ভাবিও ৰৈ গ’ল । আচলতে ভদ্ৰেশ্বৰৰ খং উঠিবৰে কথা, কাৰণ যোৱাটো গোটেই নিশা উজাগৰে গ’ল শেৱালিৰ লগত । এনেও শেৱালিৰ প্ৰতি ভদ্ৰেশ্বৰৰ অলপ দুৰ্বলতা আছে, তাতে আকৌ আজি…! যোৱা নিশাৰ আগৰ নিশা গ’ল পহৰা দিয়াত । গাঁৱৰ ঘৰে ঘৰে পাল পাতি তিনি-চাৰিজনে পহৰা নিদিলেই নহয় । হাবিৱনিত হাবি ভাঙি ভাতিয়া সকলে ঘৰ সাজি বহাৰ পৰা চোৰৰ উপদ্ৰৱ বেছি হৈছে, কেতিয়াবা আকৌ পহৰা দিয়াৰ মাজতে দুই এঘৰৰ ঘতি-বাতি, লাম-লাকতু যি পাই লুটি লৈ যায় । গৃহস্থৰ ভঙা কাহিখন চোৰে নিলেও পহৰাদাৰে নতুন কাহিখনৰ দাম ভৰিব লাগে । সেয়ে পহৰা নিদিলে নহয় । যাৰ যিদিনা পহৰাৰ পাল পৰে তেওঁলোকে নিয়াৰিকৈ পহৰা দিব লাগে আৰু ৰাইজৰ বান্ধত পহৰা দিয়াতো বাধ্যতামূলক ।
সেয়েহে দিপালীয়ে কেঁচা টোপনিত জগাই দিয়াত ভদ্ৰেশ্বৰৰ বৰ খং উঠিছিল, কিন্তু ভদ্ৰেশ্বৰ নিৰুপায় । সি যিবোৰ কাৰণত খং কৰিছে সেই কাৰণবোৰ প্ৰকাশ কৰিব নোৱাৰে ।
দিপালীয়ে ভদ্ৰেশ্বৰৰ খং উঠাত আচৰিত হোৱা নাই, কাৰণ তাই জানে কেঁচা টোপনিত কোনোবাই জগাই দিলে কিমান খং উঠে আৰু কিমান অসহ্যকৰ লাগে । তাইৰ স্কুলীয়া দিনত মাকে কেতিয়াবা কেঁচা টোপনিত জগাই দিলে খঙত তাই জকি উঠিছিল । বিছনাৰ কাপোৰ-কানি দলিয়াই খং উজাৰে, কোঠাটোৰ বস্তু-বাহানি ওলট-পালট কৰে, নিজৰ চুলি নিজে টানে লাগিলে তাই এসাজ নোখোৱাকৈ থাকিব, কিন্তু কেঁচা টোপনি ভাঙিব নোখোজে ।
ভদ্ৰেশ্বৰে মূৰটো তললৈ কৰি দিপালীৰ ফালে নোচোৱাকৈ গলগলীয়া মাতেৰে ক’লে-“কিয় জগালি মোক হু ?”
দিপালীয়ে ভয়ে ভয়ে উত্তৰ দিলে-“কিয় আপোনাক যোৱাকালি কোৱা নাছিলো জানো অজয় আজি ঘৰলৈ যাব বুলি ? এতিয়া সি যাবলৈ ওলাইছে । আপোনাৰ অনুমতিৰ বাবে ৰৈ আছে । তাক কিবা এটা দি পঠাব লাগিব নহয় । সেইবাবেহে জগালো ।”
দিপালীৰ কথা শুনি ভদ্ৰেশ্বৰৰ খঙটো আৰু এসোপ চ’ৰা হ’ল, কিন্তু সংযম কৰি ৰাখিলে আৰু ক’লে-“তুমিওতো তাক বিদায় দিব পাৰিলাহেঁতেন ? মোৰ এই দুদিন একেৰাহে টোপনি খতি হৈছে তুমি জানাই দেখোন । পৰহি ৰাতি তুমিয়ে মোক পহৰা দিব পঠাইছিলা । অজয়ৰ হেনো গা বেয়া । যোৱা ৰাতি তেনেকৈ গ’ল, আৰু…।”
ভদ্ৰেশ্বৰে আৰু কিবা ক’বলৈ মুখ মেলিব খুজোতেই দিপালীয়ে বিছনাত বহি থকাৰ পৰা বিচাই ডকা মানুহৰ দৰে সাউতকৈ থিয় দিলে, আৰু জাঙুৰ খাই উঠি ক’লে-“যোৱা নিশানো আপুনি কিয় যাব লাগে ? সেইবোৰ কাম তিৰোতা মানুহৰহে আছিল ? সেইজনীৰ প্ৰসৱ নোহোৱালৈ দেখোন তাৰ পৰা লৰচৰে নহ’ল ?”
তৰ্কৰ খাতিৰতে ভদ্ৰেশ্বৰে একো নক’লে । খৰ খজুৱালে বাঢ়ে সেয়ে ভদ্ৰেশ্বৰে পুনৰ গলগলীয়া মাতেৰে ক’লে – “তোমালোকৰ চিন্তা ধাৰাবোৰ বৰ পাতল, তোমাৰ দেখিছো আৰু পাতল । তোমালোকে সদায়ে নাৰীৰ অধিকাৰৰ কথা কোৱা, নাৰীৰ স্বাধীনতাৰ কথা কোৱা, নাৰী মুক্তিৰ কথা কৈ বাটে-ঘাটে চিঞৰি ফুৰা, কিন্তু পুৰুষজন নহ’লে একো কৰিব নোৱাৰা, ধানৰ ডুলিটো দাঙি থ’বলৈ পুৰুষজনক লাগে, চাউলৰ টিনটো ৰেকখনত দাঙি থ’বলৈ পুৰুষজনক লাগে । চাংখন বা চালৰ পৰা কোমোৰাটো, ভোলটো চিঙি আনিব নোৱাৰা পুৰুষজনক লাগে, আনফালে তোমালোকক সমান অধিকাৰ লাগে । আচলতে তোমালোক একো কামৰ মানুহ নহয় বুজিছা ? যোৱা যোৱা টেবুলত পৰা কাপোৰখনৰ তলত তিনিশ টকা আছে যোৱাকালি গধুলিয়ে ‘কমলাৰ’ পৰা ধাৰে আনিছিলো, তাকেই দিয়াগৈ অজয়ক আৰু মোক অলপ শুবলৈ দিয়া ।”
ভদ্ৰেশ্বৰে শুলে যদিও টোপনি নাহিল । কেইবাগৰমান সলাই ইকাতি-সিকাতি কৰি দীঘল দীঘলকৈ কেইটামান হুমুনিয়াহ কাঢ়ি আকাশ-পাতাল একাকাৰ কৰি ভাবি ভাবি আবেলিটো কটালে । কেইমুহূৰ্তমানৰ বাবে ভদ্ৰেশ্বৰৰ এনে লাগিল যেন গোটেই জীৱনটোৱে সন্মুখত উবুৰি খাই পৰিল । জীৱনৰ প্ৰাথমিক বিদ্য়ালয় নপঢ়োতে যেন বিশ্ববিদ্যালয়ৰ পাঠ পঢ়িব লগা হ’ল ।
ৰাতি ভাত-পানী খাই ভদ্ৰেশ্বৰে থকা ঘৰৰ মাজ-মজিয়াত থিয় হৈ ৰ’ল, কিবা এটা বহুদিনীয়া কথা মনত পৰাৰ দৰে কিছু সময় একে ঠাইতে থাকিল । বঁটাখনৰ পৰা তামোলখন লৈ মুখত ভৰাম বুলিও আকৌ কিবা ভাবি বঁটাখনতে তামোলখন থ’লে । চুনৰ টেমিটোৰ সাঁফৰখন খুলি বাওঁহাতৰ তৰ্জনি আঙুলিটোৰে চূণ অকণ ঘোকি আনি সোঁহাতৰ তলুৱাত ঘহা মাৰি চূণ কণ শুকাবলৈ হাতৰ তলুৱাত দু ফুউ মান দি চাধা অকণ উলিয়াই বাওঁহাতৰ বুঢ়া আঙুলিৰে ঘহি ঘহি দিপালীক ক’লে – “হেৰা শুনিছানে ? কাইলৈ মই চহৰলৈ যাওঁ বুলি ভাবিছো । ভালেমান দিন হ’ল চহৰলৈ নোযোৱা । ৰতনৰো একো খা-খবৰ পোৱা নাই, সিও যেনিবা খবৰ এটা ল’বলৈ সময় নাপায় । বৰ চাকৰিটো কৰিছে ? আত্মীয়-কুটুম্বৰ খবৰ নাৰাখে । সি মোৰ বাবেহে যে চহৰত ঠাই পালে সেই কথা পাহৰিলেই । মই সুবিধাকণ নিদিয়াহেঁতেন আজি তাৰো মোৰ দৰে গাঁৱৰ বোকা-পানীয়ে গতি হ’লহেঁতেন ! দু টকাৰ অভাৱত ঘৰ চলাব লাগিলহেঁতেন ? উপকাৰীক অজগৰে খায় ।”
শেষৰ কথাখিনি ভদ্ৰেশ্বৰে মুখৰ ভিতৰতে ক’লে । কাৰণ সি জানে – তিৰোতা মানুহক সকলো কথাৰ উম দিব নোৱাৰি । ইহঁতে কথাৰ গুৰি শদিয়াৰ পৰা ধুবুৰীলৈ নিয়ে ।
দিপালীয়ে ভাত খাই গিৰিয়েকে খোৱা কাহিখন আৰু তাইৰ কাহিখনো কোছাই, লোটাটোৰ পৰা পানী এচোল হাতৰ তলুৱাত লৈ মজিয়াত চতিয়াই ঠাইখন হাতেৰে মচি আছিল । গিৰিয়েকৰ কথাত বহু উত্তৰ দিবৰ মন কৰিও একো নক’লে । কাৰণ দুপৰীয়াৰ কেঁচা টোপনিত জগোৱা খং হয়তো এতিয়াও মাৰ যোৱা নাই । এতিয়া কিবাষাৰ ক’লে এখন হুলস্থূল লাগিব, মিনুজনীক এইমাত্র শুৱাই থৈ আহিছো । সাৰ পালে ৰাতিটোৱে জুলুম কৰিব । কাহি কাইখন সামৰি চৌকাটোত এচিতা পানী মাৰি চাৰিওকাষে সাৰি-পছি থৈ দুৱাৰ দাংডাল বাহিৰৰ পৰা দি ৰান্ধনি ঘৰৰ পৰা ওলাই আহিল । আনদিনা দিপালীৰ মুখখনে ৰৌ-বৰালি কৰি থাকে । আজি নীৰৱে থকা যেন লাগে, মন মাৰি থকা যেন লাগে, মনৰ উজ্জ্বলতা নাই । অজয় নহলে দিপালীয়ে তেনেকৈয়ে থাকে । শুৱা-খোৱা, কাম-বন একোতে মন নেমেলে । জীৱনটোৱে উৰুঙা-উৰুঙা দেখে । মনটো উৰা বাতৰি যেন অনুভৱ কৰে । কি সম্পৰ্কত অজয়লৈ ইমান টান সেইটো কিন্তু ভদ্ৰেশ্বৰে নাজানে । ভদ্ৰেশ্বৰেও আৰু একো উম-ঘাম নকৰি শুই থাকিল । দিপালীয়েও ভদ্ৰেশ্বৰৰ ভৰিখন চুওঁ-নুচুওঁকৈ সেৱা এটা কৰি দুয়োজনৰ মাজত মিনুজনীক ৰাখি দুয়োজনে পিছমুৱা দি শুই থাকিল ।
পুৱা সোনকালে দিপালী উঠিল । বাপেকৰ পেটত মিনুজনীয়ে এখন ভৰি তুলি দি শুই আছিল, মাকে সন্তৰ্পনে ভৰিখন বাপেকৰ পেটৰ পৰা নমাই, পাতল চাদৰ এখন তাইৰ গাত ওৰাই দি দুৱাৰ দাং ডাল হেচা মাৰি খুলি বাহিৰলৈ আহিল ।
গাঁৱলীয়া জীৱনত যেন পৃথিৱীখনে পুৱা সদায় নতুন ৰূপ লয় । প্ৰতিদিনেই পৃথিৱীয়ে জন্মগ্ৰহণ কৰে গাঁৱত । কি নান্দনিক ৰূপ ! দিপালীয়ে বাঁহৰ দুৱাৰখনৰ বাঁহ্হৰ ডাং ডাল গুচাই চোতাললৈ আহিয়ে দেখিলে – এজাক শালিকীয়ে চোতালত কোঢ়াল কৰি দৈনন্দিন জীৱনৰ পাতনি মেলিছে । নিশাৰ নীৰৱতাত উইচিৰিঙা পোকে গৃহস্থৰ অনুপস্থিতিত চোতালত উলাহতে মাটি ফাতি ওলাই আহিছিল । পৃথিৱীৰ পোহৰ চাবলৈ সিহঁতে ৰওঁতে শালিকীজাকে সিহঁতক খুতি খুতি খালে । এৰা..কাৰোবাৰ হাতত কোনোবা নিধন হ’লেহে নতুন জন্ম । দিপালীয়ে চোতাল সাৰিবলৈ বাঢ়নিপাত আনোতে চ’ক খাই শালিকী কেইজনী উৰি গ’ল । বুঢ়া শিমলু জোপাত বৰ চিলনী জনীয়ে চুপ লৈ আছিল পেটৰ ক্ষুধা নিবাৰণৰ বাবে । উৰি যোৱা শালিকী এজনী চকুৰ টিপতে থপিয়াই ধৰি আকৌ শিমলুত উঠিল গৈ । ইয়ে সংসাৰ ! যিয়ে যাক বলে পাৰে তাৰে দাস হ’ব লগা হয় । বাঢ়নিৰ চ’ত চ’ত মাত উলিয়াই চোতালকখন সাৰি-ৰাতিয়ে কুমতিয়ে বুৰ-বুৰীয়া তুলি থোৱা মাটিখিনি বাঢ়নিৰ আগেৰে ঠেলি দিলে । যেন তাইৰো মনটো কোনোবাই ক’ৰবালৈ ঠেলি আছে । বাঢ়নিৰ আগত ৰৈ যোৱা সৰাপাত এটা চিকুটি দূৰলৈ দলিয়াই দি, হাঁহৰ গড়ালৰ দুৱাৰখন খুলি দি গোহালি ঘৰৰ বেৰত আৰি থোৱা পকা পানীলাউ খুলি, চাউলৰ মল থোৱা আছিল, তাৰ পৰা এমুঠি চাউলৰ মল চৰিয়াটোত দি ৰান্ধনি ঘৰৰ পৰা ৰাতিয়ে কোছাই থোৱা ‘চুৱা’ কাহি কেইখন উলিয়াই পুখুৰীলৈ ধুব নিলে । বান্ধৰ পৰা মুকলি পাই হাঁহ কেইটাই কেপ কেপাব ধৰিলে । মতা হাঁহ এটাই ডিঙিটো দীঘলকৈ মেলি পাতি হাঁহ এজনীক হেঁচা মাৰি ধৰিলে । সিহঁতে ৰাতিৰ আন্ধাৰত বন্ধ কোঠাত প্ৰেম নকৰে । দিপালীয়ে হাতৰ মুঠিত আনি চটিয়াই দি থোৱা চাউলৰ খুদ কেইটা বুটলি খাবলৈ পাৰ কেইটি ৰুণ দি চালৰ পৰা নামি আহিল, কাহি-বাতিখিনি পুখুৰীত ধুই, নিজেও গাটো জোবোকা মাৰি বুকুত মেখেলাখন পিন্ধি চোতালত বাঁহৰ তাঁৰডালত থৈ যোৱা কাপোৰযোৰ সলালে । এয়াই গাঁৱলীয়া মানুহে শুৱা পাটি নেৰুতেই বাহি কাম কৰি গা ধুই আজৰি হয় । কাপোৰ সলায়ে দিপালীয়ে ৰাতিয়ে তিয়াই থোৱা বৰা চাউল কেইটা ধুই, ধোৱা পানীখিনি গাইজনীক দিলে । গাঁৱলীয়া জীৱনৰ ধান-চাউল কেইটা অবিচ্ছেদ্য অংগ । ধানৰ গা গছডাল খেৰ হয়, ধানৰ পৰা চাউল কৰিলে ধানৰ বাকলিখিনি বিভিন্ন কামত ব্যৱহাৰ হয়, চাউলখিনি চাফা কৰোতে ওলোৱা মলখিনি গৰু হাঁহৰ খাদ্য হয় । চাউলটো ভাঙিলে খুদ হয়, তাৰে পাৰ চৰাইৰ খাদ্য হয়, চাউল ধোৱা পানীখিনিও গৰু-ছাগলীৰ মিঠা পানী হয় । মুঠতে ধানৰ একো পেলনীয়া নাই, সেয়ে ধানক লক্ষ্মী বুলি কোৱা হয় । দিপালীয়ে গাইজনীক চাউলধোৱা পানীখিনি দি আহোতে, গোহালিৰ কাঠিতে থকা খৰিৰ দমটোৰ পৰা লাগতি খৰি কেইডাল মান আনি পোণ চাতে আখল ঘৰ সোমাল ।
দিপালীৰ শাহুৱেক থাকোতে আখল ঘৰৰ ভাৰ নিজৰ হাততে ৰাখিছিল, আজিৰ বোৱাৰীসকলৰ নীতি-নিয়মৰ ওপৰত বিশ্বাস নাছিল । শাহুৱেক ঢুকুৱাৰ পৰাই আখলৰ, গোহালিৰ, বৰঘৰ সকলোৰে বৰঘৈণী হৈ পৰিল । তাইৰ আগতো নাই পিছতো নাই । ভদ্ৰেশ্বৰ অকলশৰীয়া । অকলশৰীয়া গৃহস্থিত বিয়া হৈ অহাটো ছোৱালীৰ বাবে কপালৰ ফেৰ বুলিয়ে কয় ।
ভদ্ৰেশ্বৰ উঠিল । উঠিয়ে সময় নষ্ট নকৰি, গাইজনী খিৰাই, খৰুৱা গছৰ থানিৰে দাঁতকেইটা ঘহি ঘহি পুখুৰীলৈ গ’ল । মুখখন পখালি একেবাৰে গাটোও তিয়াই আহি মূৰটো ফণিয়াই কাপোৰ পিন্ধি চহৰলৈ যাব ওলাল । দিপালীয়ে আধাচেৰীয়া কাঁহৰ বাতি এটাত এবাতি বৰা চাউলৰ জলপান আৰু এগিলাচ গাখীৰ দি গ’ল । ক্ষন্তেক পিছতে আহি আকৌ এগিলাচ চাহ দি একো নমতাকৈয়ে গুচি গ’ল । এৰা গাঁৱলীয়া জীৱনৰ কাম ! যমে নিব আহিলেও কামৰ ভীৰ দেখি ওভতি যাব ।
কিন্তু কাম যিমানেই কৰিলেও আকৌ গাঁৱৰ জীৱনতে অভাৱ-অনাতন সৰহ ।
দিপালীয়ে গিৰিয়েকক চাহ-জলপান দি গ’ল যদিও গিৰিয়েকক এষাৰো মাত নামাতিলে । দিপালী যোৱাৰ ফালে চাই ভদ্ৰেশ্বৰে একোবাৰ ভাবে – “একেটা ঘৰতে থাকো, একেখন বিচনাতে শুওঁ, তথাপিও কিয় জানো দুয়োজনৰ মাজত কিবা অভাৱ অনুভৱ হৈছে । ক’ৰবাত যেন কিবা ৰৈ গৈছে ! কোনোদিনে দেখোন টানকৈও একো কটু বচন কৰা নাই, তথাপিও কিয় জানো কৰবাত বিজুতি ঘটাৰ অনুমান হয় ।”
লাহন গাঁওখনৰ ভিৰতৰ ভদ্ৰেশ্বৰ হৈছে – মাটিৰ লগৰ মানুহ, সাংসাৰিক জীৱনৰ আওপকীয়া কথাবোৰ সি বুজি নাপায়, সি মাত্র সত্যটোহে চিনি পায় । মানুহে মানুহক অসত্য কোৱাৰ সি কাৰণ নেদেখে । মানুহ কেৱল সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগে বুলি ভদ্ৰেশ্বৰে ভাৱে ।
শেষৰ ঢোক চাহ গিলি ভদ্ৰেশ্বৰে চাৰ্টৰ বুটাম কেইটা ঠিক আছেনে এবাৰ লিৰিকি চাই দিপালীক ক’লে – “সন্ধিয়াৰ বাছত ঘূৰি নাহিলে জানিবা আজি নাহো । তুমি চিন্তা কৰি নাথাকিবা আৰু গোহালিৰ কাষৰ জেওখন ভালদৰে দি থবা, পুখুৰীত পানী ভৰি আছে, মিনুজনী আকৌ তালৈ যাব পাৰে নজৰ ৰাখিবা ।” কথাৰ লগে লগে মিনুৰ দুহাতৰ ঘাৰত ধৰি দাঙি লৈ দুয়ো গালে দুটি চুমা খাই এক প্ৰেমৰ দৃষ্টিৰে দিপালীলৈ চাই খোজ দিলে ।
আগলৈ……..
(পৰবৰ্তী খণ্ড অহা দেওবাৰে)