অস্তাচল

……ৰুণজুন বৰুৱা…..

সম্পূৰ্ণ তিনিদিনৰ যাত্ৰাৰ শেষত মই আশ্ৰমখন বিচাৰি উলিয়াবলৈ সক্ষম হওঁ। বেলিটো তেতিয়া মূৰৰ ওপৰত,সেইয়া ভৰ দুপৰীয়া তাকেই নিখুঁত ৰূপত সোঁৱৰাই দিবলৈ বেলিটোৰ উজ্বলতাখিনি যথেষ্ঠ আছিল। ঘৰটোয়েই যেন নব্বৈৰ দশকৰ মাজভাগৰ আঢ্যৱন্ত পৰিয়াল এটাৰ গৌৰৱোজ্জ্বল অধ্যায় মৌনতাৰে এতিয়াও বহন কৰি আছে। সেই সময়ছোৱা বৰুৱা বংশৰ বাবে গৌৰৱৰ আছিল জানো? মই নিজকেই প্ৰশ্ন কৰো! মোৰ চিন্তাৰ সোঁতটোক পাকঘূৰণী লবলৈ নিদি নাম নজনা চৰাই এজনীয়ে ৰমলিয়াই উঠে। চৰাইজনীক চোৱাৰ উদ্দেশ্য প্ৰিয়ানুজ বৰুৱাৰ আশ্ৰমৰ বাগিচাখনত চকু ফুৰাই চাওঁ। বাগিচাখন দেখিয়েই শিল্পী মনৰ ৰুচিবোধ যিকোনো মানুহৰ বাবে সহজেই অনুমেয় ।

জীৱন জোৰা সাধনাৰ অন্তত সফল লোকবাদ্য শিল্পীজনে দেউতাকৰ ঘৰখনত আশ্ৰম এখন কৰিছে,জীৱন যুঁজত হাৰি হাৰি জীয়াই থকা মানুহ কিছুমানৰ বাবে,বিশাল ঘৰটোৰ এটা অংশত নিজে থাকে তেওঁ। খবৰটো গোটেই লোৱাৰ পিছ দিনাই কলেজত চুটিৰ আবেদন দি এই ঠিকনাটিলৈ মই ওলায় আঁঁহো। যাত্ৰা পথৰ ভাগৰ মোহাৰি এটা অনামী ভাল লগাই মোক নিমিষতে আঁকোৱালি লয়। বছৰজোৰা সাধনাৰ অন্তত মোক্ষ লাভ যিদৰে শান্তিৰ এটা নিজৰা, ঠিক তেনে প্ৰশান্তি এটাইহে যেন মোক আলিংগন কৰিলেহি। পকেটত থকা ফোনটো বাজি উঠাত ভাৱনাৰ সাগৰখন সামৰি পকেটৰ পৰা ফোনটো উলিয়াই দেখোঁ মা কলিং, মাক গৰ্ন্তব্য স্থান আহি পোৱাৰ আৰু নৈসৰ্গিক পৰিৱেশটোৰ চমু বিৱৰণ দিওঁ।ত্ৰিশবছৰৰ আগতে কৰাৰ দৰে কোনো হুলস্থুল নকৰে মায়ে, শান্ত স্বৰত নিজৰ যত্ন লবি বুলি কৈ তেও ফোনটোৰ সংযোগ বিছিন্ন কৰি দিয়ে।ফোনটো পুনৰ পকেটত ভৰাই লৈ আশ্ৰমৰ বাটচ’ৰাটোৰে সোমাই যাওঁ। মাৰ ফোনটোৱে বুকুত শুই থকা কোলাহল জাকক জগাইহে দিয়ে যেন।ত্ৰিশটা বছৰ কম দিনটো নহয়! অথচ প্ৰিয়ানুজৰ দেউতাকৰ বৰুৱা বংশৰ মৰ্য্যদাকলৈ থকা অহংকাৰ আৰু এখন অতি সাধাৰণ ঘৰৰ ছোৱালী হিচাপে কান্ধত থকা দায়বদ্ধতাই আমাৰ দুয়োৰে মাজত দূৰত্বৰ ৰেখা টানি টানি কোন মুহূৰ্তত দূৰ্ভেদ্য দেৱাল এখন ঠিয় কৰিলে তাৰ হিচাপ লবলৈ মোৰ অথবা প্ৰিয়ানুজৰ কাৰোৰে অৱকাশ নাছিল। সঁচাকৈয়ে নে?

নহয়,নহয় ।
অভিমান আৰু স্বাভিমানৰ ৰণখনত তেতিয়া দুয়ো দুটা প্ৰতিদ্বন্দী তেজী ঘোঁৰা…….
আবেগৰ নৈ খন অদ্ভুত ধৰণে তৰাং তেতিয়া।

“মৌজাদাৰৰ পুতেক হৈ সি লোকবাদ্যৰ সাধক হব খোজে ,আৰু তুমি ,তুমি হেনো তাৰ কিবা বোলে নে প্ৰেৰণা ! “

উত্তৰবিহীন ভাবে মানুহজনৰ চকুলৈ নোচোৱাকৈ ভদ্ৰতাৰ খাতিৰত স্থানু হৈ ৰৈ আছিলোঁ সেইদিনা।

“কি যাদুৰে মোৰ লৰাটোক শিল্পী কৰি তুলিবলৈ তুমি উঠি পৰি লাগিছা ?”
সেইবাৰো নিৰোত্তৰ হৈ ৰৈ আছিলোঁ মই…….

“নিজে সাহিত্যৰ ছোৱালীহৈ মোৰ লৰাক শিল্পী কৰি লৈ তুমি যদি মোৰ বিশাল সম্পত্তিৰ ৰাজভোগ কৰাৰ পৰিকল্পনা কৰি আছা, তোমাক মই সকীয়াই দিলোঁ, সেই সপোন পাহৰি যোৱা।”

বিস্ময়ত চকুযোৰ বহল হৈ গৈছিল সেই মুহূৰ্তত মোৰ……

শোষণকাৰী মৌজাদাৰ অনুজ বৰুৱাৰ প্ৰতি নূন্যতম শ্ৰদ্ধা নাই মোৰ,প্ৰিয়ানুজৰ দেউতাক বুলিয়েই সন্মান দেখুৱাই থকা মানুহজনে মোৰ স্বভাৱত আঙুলি তোলাত, ওঁঠযোৰ শান্ত হৈ থাকিবলৈ মান্তি নহয়ছিল মোৰ।

“তেওঁৰ ইচ্ছা আৰু সপোনবোৰক হত্যা কৰি আপুনি তেওঁৰ পৰা জীয়াই থকাৰ উপাদান কাঢ়ি লোৱা নাই নে? হেঁপাহৰ কামবোৰৰ পৰা আঁতৰাই এনেকৈ ধৰি বান্ধি তেওঁক ডাক্তৰী পঢ়ুৱাই আপুনি তেওঁৰ সত্বাক হত্যা কৰিছে, তেওঁ ভিতৰি কেতিয়াবাই মৰি ভূত হৈছে,মই মাথোঁ জীৱন্ত মৃতদেহ এটাত পুনৰ প্ৰাণৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ অবৈধ সম্পত্তিৰ প্ৰতি মোৰ তিল মাত্ৰাও লিপ্সা নাই।”

মৌজাদাৰৰ বাবে অবাঞ্চিত আছিল,এই বাক্যবাণ। প্ৰচণ্ড অপমানবোধত আস্ফালল কৰি তেওঁ গৰজি উঠিছিল …….

নিঃকিন ঘৰৰ ছোৱালী হৈ ইমান স্পৰ্ধা, চাই লম তোক,প্ৰিয়ানুজৰ জীৱনত তোৰ অস্তিত্ব নোহোৱা কৰিব নোৱাৰো যদি মই অনুজ বৰুৱা নহয় ?

তেওঁ জিকি যায় সেই বাজীত।কিন্তু অভিমানবোৰক সাক্ষী কৰি হলেও প্ৰিয়ানুজে তাইক কথা দিয়া মতেই লোকবাদ্যৰ সফল সাধক হিচাপে নিজকে গঢ়ি তোলে আৰু মই ঘৰখনৰ দায়বদ্ধতা মূৰ পাতি অসমীয়া বিভাগৰ প্ৰৱক্তা আজি।

মাথোঁ আধৰুৱা হৈ পৰি ৰয় বহু সপোন, প্ৰেমৰ ,হেঁপাহৰ……..

চকুলো বাগৰিছিল চাগৈ ,চশমাজোৰ অস্বচ্ছ হৈ উঠাতহে মই অনুভৱ কৰো কথাবোৰ পাগুলি বাগিচাৰ জেওৰা খনতে ধৰি অত দেৰি থিয় হৈ আছিলোঁ। আঁঠুৰ বিষটো টনটনাই উঠে।নিজকে প্ৰবোধ দিওঁ এনেকৈ অতীত খুচৰি একো নাপাওঁ , প্ৰিয়ানুজক লগ কৰাটো প্ৰয়োজন এই মুহূৰ্তত।মোক মোৰ প্ৰশ্নৰ উত্তৰ লাগে স্পষ্টকৈ, ইমানখিনি আগুৱাই আহি মই ৰৈ যাব নোৱাৰোঁ। কিয় সাক্ষাৎকাৰটোত সি সেইদিনা কলে ,”মোৰ প্ৰতিটো উশাহত, প্ৰতিটোপাল তেজত তেওঁক কঢ়িয়াই লৈ ফুৰো,মোৰ প্ৰেৰণা হিচাপে।মৃত্যুৰ আগত এবাৰ মাথোঁ তেওঁক চাব বিচাৰোঁ, তেওঁৰ একোছা দীঘল চুলি আছিল, বেণী কৰি থয় প্ৰায়ে ,এপাহ খৰিকাজাই তেওঁৰ চুলিকোচাত গুজি দিবলৈকে মই এতিয়া হেঁপাহেৰে ৰৈ আছোঁ….!”

কিন্তু তেওঁৱেইটো মোক আঁতৰাই পঠিয়াইছিল ,”মোৰ সৈতে ভৱিষ্যত শব্দটো এটা প্ৰকাণ্ড শূণ্য” বুলি। “আন্ধাৰত বাট হেৰুৱাবলৈ মোক লগৰীৰ আৱশ্যকতা নাই” মোক পাহৰি যোৱা……

উম এইজন প্ৰিয়ানুজ বৰুৱাই মোক ঠেলি দি এই কথাখিনি কৈছিল, ঠিক ঠেলা আছিল জানো সেয়া নহয় গতিয়াই দিছিল মোক মোৰ প্রেম পুৰুষজনে………..

তথাপি মই আজি তেওঁক বিচাৰি আহিছোঁ , উত্তৰ বিচাৰি, কিয় তেওঁ সেইদিনা তেনেকৈ কলে, “প্রিয় নাৰীৰ এখন্তেক দৰ্শন এই জীৱনৰ শেষ প্ৰাৰ্থনা!”

জেওৰা খনৰ কাষৰ পৰা লাহে লাহে আশ্ৰমখনৰ অভিমুখে খোজ আগবঢ়াও মই। বুকুখনত মৃদু কম্পন এটা অনুভৱ কৰিছোঁ, প্ৰিয়ানুজৰ সন্মুখত বহি কেনেকৈ কথা হম তাকে ভাবি ।পাতলীয়া বতাহজাকত ভাঁহি অহা তগৰফুলৰ ঘ্রাণটোৱে বুকুৰ উত্তেজনাটো উপশম কৰিবলৈ কিছু পৰিমাণে সক্ষম হয়,তেনে এটা অনুভৱ কৰো।বাৰাণ্ডাত ভৰি থৈয়ে বাঁহীৰ অমিয়া সুৰ এটা শুনি দুৱাৰখনত টোকৰ দিবলৈ লৈয়ো ৰৈ যাওঁ মই। আঃ চিনাকি বাঁহীৰ অময়া সুৰটো, দেউতাকৰ ইচ্ছাত নিজকে হেৰুৱাই পেলোৱা তেওঁক পুনৰবাৰ জোৰ কৰি বাহীঁটো হাতত তুলি দিওঁতে তেওঁ এই সুৰটো তুলিছিল। হয় হয় ঠিক মনত পৰে মোৰ। তন্ময় হৈ ৰৈ যাওঁ আকৌ এবাৰ। এই যেন বাঁহীৰ সুৰটো অনাদি অনন্ত হৈ প্ৰবাহিত হওক চিৰকাল।

:’কাক বিচাৰিছিল?’
এজন চফল ডেকাৰ মাতত মোৰ তন্ময়তা ভাঙি যায়।
: ‘মই আত্ৰেয়ী । প্ৰিয়ানুজক , মানে প্ৰিয়ানুজ বৰুৱাক লগ কৰিবলৈ আহিছোঁ।’

‘আহক মোৰ লগত ,আপুনি চ’ৰা ঘৰত বহিব।মই ছাৰক মাতি দিওঁ।’

লৰাজনৰ লগত বাগিচাখনৰ কাষৰ ঠেক বাটটোৰে আগুৱাই যাওঁ মই। আশ্ৰমৰ মানুহবোৰ চাগৈ দুপৰীয়াৰ আহাৰ খাই নিজ নিজ কোঠাত আৰাম কৰিছে, তেনেকৈ কোনো মানুহ চকুত পৰা নাই মোৰ, মাথোঁ জিলি আৰু বহু কেইটা অচিন চৰাইৰ মাতত ঠাইখনত জীপাল হৈ আছে।

লৰাজনে আটোমটোকাৰীকৈ সজাই ৰখা কোঠা এটাত মোক বহিবলৈ দি এগিলাচ পানীও আনি দিলে। আপুনি বহক ,মই ছাৰক মাতি দিওঁ বুলি লৰাজন ওলাই গ’ল……

উশাহবোৰ ঘন হৈ অহাৰ উমান মই নিজে কৰিব পাৰিছোঁ, আহিন মাহৰ দুপৰীয়াটোত মোৰ মুখত ঘামৰ কণিকা বিৰিঙি উঠিছে । পানী গিলাচ তুলি লৈ, একে ঘোটে পি ললোঁ, পকেটৰ পৰা ৰুমালখন উলিয়াই মুখখন মোহাৰি লৈছোঁ। নিজকে সাহস দিছোঁ,” মোৰ মনৰ শুই থকা আধৰুৱা সপোনটোক কিয় তেওঁ এনেকৈ জগাই তুলিছে তাৰ উত্তৰ মোক লাগে, মই বিচলিত হলে নহব।”

‘ছাৰ, আত্ৰেয়ী নামৰ মানুহ এগৰাকী আপোনাক লগ কৰিবলৈ আহিছে, মই চৰাঘৰত বহিবলৈ দি আহিছোঁ….”

“কি ক’লা, কোন আহিছে মোক লগ পাবলৈ?”

হাতৰ বাহীঁটো টেবুলখনত থৈ গিৰিষাই থিয় হয় প্ৰিয়ানুজ বৰুৱা। তেওঁৰ চকুত আৰু কণ্ঠত ফুটি উঠা চঞ্চলতা দেখি লৰাজন আচৰিত হয়। সি আকৌ এবাৰ আগন্তুকৰ নামটো উচ্চাৰণ কৰে

“আত্ৰেয়ী”

মৃতপ্ৰায় মানুহএজনৰ মুখত অমৃত পৰাৰ দৰে সজীৱ হৈ উঠে তেওঁ। পিন্ধি থকা কামিজটো এনেই এবাৰ হাতেৰে টানি ঠিক কৰি,চুলিত এবাৰ হাতখন ফুৰাই তৎক্ষণাত ওলাই আহে তেওঁ। খোজবোৰ দৌৰৰ দৰে দেখা যায় তেওঁৰ।

কান্ধত লোৱা বেগৰ ৰচিডাল চিকুটি চিকুটি বহি থাকোঁ মই। বুকুৰ ধপধপনিটো নিজেই অনুভৱ কৰিব পাৰিছোঁ। প্ৰিয়ানুজক দেখি কি কম মই,তেওঁৰ প্ৰতিক্ৰিয়া কেনে হব মোক দেখি তাকেই ভাবি হাত ভৰিবোৰ ঠাণ্ডা হৈ আহে।

কোনোবা অহাৰ খোজৰ শব্দত মূৰ তুলি দুৱাৰ খনলৈ চাই পঠিয়ালোঁ। এইয়া কি সন্মুখত মোৰ প্ৰাৰ্থনাৰ পুৰুষজন মোলৈ পলক নেপেলোৱাকৈ চাই দুৱাৰমুখত প্ৰস্তৰ মূৰ্তি হৈ ৰৈ আছে।

কলিজাত হাজাৰটা ঘোঁৰা টোফান গতিত দৌৰিবলৈ আৰম্ভ কৰিছে মোৰ। ভৰিৰ তলৰ মাটিবোৰ যেন নাই। মই শূন্যত ওপঙিহে আছোঁ যেন। চকুৰ আগৰ বস্তুবোৰ ধূসৰ হৈ আহিছে ,এইয়া কি মই যেন আকাশৰ পৰা তললৈ খহি পৰিছোঁ………..

চকুৰ পতাত চেঁচা পৰশ এটা লাগিছে, মই চকু মেলি চাবলৈকো ভয় কৰিছোঁ,চকুৰ আগত নেদেখিবলগীয়া কিবা এটা দেখাৰ ভয়ত আৰু জোৰকৈ চকুৰ পতাযোৰ মুদি ধৰিছোঁ।

“আত্ৰেয়ী উশাহটো লব পাৰিছা নে ভালকৈ?”

নিচেই কাষত পৰম আকাংক্ষিত মাতষাৰ শুনি জোৰকৈ চকুহাল মেলি দিলোঁ।এইয়া কি মই তেওঁৰ বুকুত মূৰটো থৈ হেলান দি আছোঁ।পৰম বিস্ময়ত হয়টো মোৰ চকুযোৰ বহল হৈ পৰিছিল।সেই চাৱনিৰ প্ৰশ্নবোৰ তেওঁ মুহূৰ্ততে পঢ়ি ললে।
“তোমাৰ মূৰ আচণ্ডি গৈছিল, গতিকে মই তোমাক ধৰি ললোঁ, নহলে পৰি গ’লা হয় তুমি”

তেতিয়া হয়তো মই পাহৰি পেলালোঁ মই এজনী পঞ্চাশোৰ্ধৰ অধ্যাপিকা। চাৎকৈ উঠি থিয় হলো মই।এজনী একৈশ বছৰীয়া ছোৱালীৰ দৰেই প্ৰশ্ন তুলিলো,

: ” তেনেহলে সেইদিনা গতিয়াই আঁতৰাই পঠিয়াওঁতে ক’ত হেৰাইছিল তোমাৰ এই স্নেহৰ জৰী?”

: ” দেউতাৰ অহংকাৰৰ কোৱাল নৈখনত তোমাৰ স্বাভিমানৰ সুঁতিটো হেৰাই নাযাবৰ বাবেই সেইয়া অতি আৱশ্যকীয় আছিল তেতিয়া,আমাৰ সম্পৰ্ক জাহ যোৱাৰ দৰকাৰ আছিল ,তোমাৰ মাৰ সন্মান ৰখাৰ বাবে,কিয়নো মই জ্ঞাত আছিলোঁ তুমি তোমাৰ মাক ,মোৰ দেউতাই কৰা অপমানখিনি হজম কৰিব পৰা নাছিলা, আৰু তাৰ বাবে মই তোমাক দোষ নিদিওঁ কাৰণ কথাবোৰ ইমান সহজ নাছিল !”

: “তেনেহল কিয় প্ৰকাশ কৰিলা তোমাৰ বুকুত প্ৰেৰণা হৈ মই জীয়াই থকাৰ কথা, তাৰ কি প্ৰয়োজন আছিল?”

: ” সেইয়া ধ্ৰুৱ সত্য ,তুমি মোৰ উশাহত আছা ! আৰু মই অনুভৱ কৰিছিলোঁ মই যিদৰে বন্দী হৈ আছোঁ তোমাৰ মাজত তেনেকৈ তুমিও যাওঁ বুলিয়েই গুচি যাব নোৱাৰা অদৃশ্য শিকলিৰে বন্দী হৈ আছা মোৰ মাজত!”

:”বন্দীত্ব?”

:” উম আত্ৰেয়ী বন্দীত্ব, নহলে মানুহ কিহৰ তাড়নাত ৰৈ যায় মানুহৰ বাবে?”

: “কিন্তু , তুমি যাক বন্দীত্ব বুলি কৈছা,মোৰ বাবে এই বন্দীত্ব, বন্দীত্ব নহয়! জীয়াই থকাৰ সাহ, কলিজাৰ শেষ তৰপত লাগি ৰোৱা জীয়া তেজ! সেই বন্দীত্বৰ প্ৰেৰণাৰে আন এক বন্দীত্ব স্বীকাৰ কৰি লোৱা হয় অথবা লব খোজোঁ মই।”

:”বন্দীত্ব স্বীকাৰ কৰাৰ সাহসতেই জীৱন জীয়া যায়, সেই বন্দীত্বই প্ৰতি নিয়ত তোমাক আশা দেখুৱাই বাট পোহৰায়।

বন্দীত্ব সদায়েই জানো কষ্টকৰ ,আত্ৰেয়ী?”

:”ওহোঁ নহয় ই একুৰা জুই হৈ তোমাক মোক পুৰি পুৰি সোণ কৰে……বিয়লিৰ বতাহজাকত প্ৰণয়ৰ ৰাগী তোলে……..”

মই চকু তুলি তেওঁলৈ চাওঁ, তেওঁৰ চকুত ৰামধেনুৰ সাতো ৰঙে মেলা পাতিছেহি। মই মোৰ বিচৰা উত্তৰ থাওকতে পাই চঞ্চল হৈ পৰো ।তেওঁৰ হাতত হাতখন থওঁ। তেওঁ সমস্ত আকুলতাৰে মোৰ হাতখনত খামুচি ধৰে।

অস্তাচলত তেতিয়া হেঙুলীয়া সূৰ্যটোৱে আৰক্তিম হৈ ৰঙৰ মেলা পাতে ডাৱৰৰ স’তে………

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *