……ভাস্কৰ ৰাজবংশী…..
….গুৱাহাটী বিশ্ববিদ্যালয়….
এটি মূহুৰ্ত, এটি ক্ষণ…
ক’ত ঘটনা,
নিশ্চল হৈ বিশাল আকাশৰ
বুকুলৈ চাই,
সপোনৰ জোনাকত
নানা ৰং সানিছিল তাই ।
জোনাকৰ মোহত
থৰ লাগি চাই থাকোতে
ডাৱৰবোৰে কেতিয়া
জোনৰ মুখনি ক’লা কৰিলে
গমেই নাপালে !
বিজুলী-ঢেৰেকণিৰে গুঞ্জৰিত
শব্দত যেন
তাইৰ সম্বিৎ ঘূৰি আহিল,
উচপ খাই ভিতৰলৈ গৈ
ছোৱালীজনীৰ ফালে চালে ।
নিশাৰ গভীৰতাত
নিজম বাৰীখনৰ কঁচুপাতত
টোপাটোপে সৰিছিল
অনাগত সময়ৰ
ক’লা-বগা তেজৰ চেকুৰা…
বাৰিষাৰ বৰষুণে নমাই
জীয়া থকাৰ যন্ত্ৰণা ।
নিশাৰ গভীৰতাই আনি দিয়ে
প্ৰাত্যহিক শোক গাঁথা ।
বাৰিষাৰ বৰষুণক সাৰথি কৰি
চলি থাকে জীয়াই থকাৰ যন্ত্ৰণা !
বিজুলী-ঢেৰেকণিৰে গুঞ্জৰিত আকাশত অমানিশাৰ বৰষুণ ।
মূধা ফুটা খেৰৰ ছালিৰে নিগৰে
অসহায় চকুপানীবোৰ
কোঠাটোৰ এচুকত
ছোৱালীজনীৰ সৈতে
মাথো প্ৰাৰ্থনা কৰিছিল তাই ।
মজিয়াত জ্বলি থকা
হাৰিকেন লেম্পটোৰ পোহৰকণ এসময়ত কেৰাচিনৰ অভাৱত নুমাই গৈছিল ।
বিষাক্ত ঘন বৰষুণত বাঢ়িছিল
ৰাতিটোৰ এন্ধাৰ,
এন্ধাৰতকৈয়ো গভীৰ আছিল
তাইৰ নিসংগতা,
এক অস্থিৰ নিৰৱতাৰ সৈতে
পাৰ কৰিছিল তাই প্ৰতিটো বাৰিষা ।
বাৰিষাৰ এক গোপন আক্ৰোশে
কাঢ়ি নিছিল
তাইৰ মানুহটোক…
এতিয়া হয়তো তাই
ছোৱালীজনীৰ সৈতে পৰি আছে কোঠালীৰ এচুকত,
মাটি চাকি গছিৰ সন্মুখত ।
পিচল আলিটোৰ
মাটি খামুচি ৰৈ আছে…
তাই এতিয়া নিসংগ…
অসহায় !
আশ্ৰয় মাথো
তাইৰ ছোৱালীজনী ।