……ড° চিত্তৰঞ্জন দাস…..
ৰ’দত গা ধুই আছিল ৰাতিপুৱাটোৱে । বতাহৰ শান্ত গতি, ফুলৰ কোমল হাঁহিয়ে পৰিবেশটো সহজ আৰু মিঠা কৰি ৰাখিছিল। বাৰন্ডাতে বহি বাতৰি কাকত পঢ়ি আছিল আইমণিয়ে। মাকে চাহ একাপ দি গৈছিল। খাবলৈকে পাহৰিলে তাই। বেছিকৈ চাহপাত আৰু গাখীৰ দি কৰা চাহকাপত ইতিমধ্যে এটা ডাঠ চামনি পৰিছে। আইমণিয়ে একে সোহাই চাহকাপ খাই পেলালে। হেজাৰ ব্যস্ততাৰ মাজতো মাকে তাইৰ সুবিধা-অসুবিধালৈ মন দিয়ে। সময়মতে ভাত চাহৰ যোগান ধৰে। আইমণিৰ কাপোৰ কানিখিনিও প্ৰায়ে মাকেই ধোৱে। আইমণিয়ে বন্ধৰ বাৰ চাই সময় উলিয়াই ধুম বুলি ভাবি থাকোতেই ইতিমধ্যে মাকে জীয়েকৰ কাপোৰ কানি ধোৱাৰ পৰা সৰু ডাঙৰ কাম কৰি অতায়, আগতে আইমণিয়ে এই লৈ খুট খাট কৰিছিল। মাকক বাধা দিছিল। মাক কথা নোকোৱা মানুহ। একো নক’লে। আইমণিয়েও আৰু কবলৈ বাদ দিলে। এই লৈ হোষ্টেলত থকা ককায়েকেও এদিন কৈছিল। ভন্টি, মাই দেখোন একোকে নকয়। খঙো নকৰে, ৰঙো নকৰে। কি ভাবি থাকে অ’।
: কিবা ভাবি থকা যেনতো নালাগে। মাই চাগে কথা কৈ ভাল নাপায়, আইমণিয়ে কৈছিল।
: কথা কৈ ভাল নোপোৱাটো বেলেগ কথা কিন্তু তেওঁৰ নিজৰ একো কথা নাথাকেনে ? একো অভাব অভিযোগ ?
: তই দেখোন বৰকৈ ভাবিছ দাদা- আইমণিয়ে হাঁহিছিল সকোলো মানুহতো সকলোৰে দৰে নহবও পাৰে। আমাৰ মা যেনিবা অলপ বেলেগ।
: হলেও- মোৰ মাজে মাজে কিবা নিজকে অপৰাধী যেন লাগে।
ককায়েকে কৈছিল।
ঘৰখনত বেলেগ কোনোবা এটা নাই। দেউতাকৰ দুৰত চাকৰি। মাহেকত দুই এদিনৰ বাবে আহে। আইমণিয়ে সেই কেইটা দিনতেই মন খুলি কথা পাতে। মাকে কথা কোৱাৰ ভয়ত ব্যস্ত হৈ থাকে? হ’ব পাৰে। দেউতাকে কয়- “মই কিন্তু মনলৈ অহা কথাটো কৈ দিও ভাই । তোমাৰ বিচাৰৰ কাৰাগাৰত বন্দী হ’বলৈ মোৰ ভালেই লাগে।”
:”কিয়, মইনো কেতিয়া তোমাৰ কথাৰ বিপৰীতে কঁও?” আইমণিয়ে হাঁহি হাঁহি উত্তৰ দিয়ে। কেতিয়াবা তেনেকুৱা কথা-বতৰাৰ মাজতে একেটা কোঠাতে মাকেই কিবা কৰি থাকে। হয়তো ফুলদানিটো কাপোৰেৰে মোহাৰি থাকে। কিতাপ-পত্ৰ জাৰি জোকাৰি চিজিল লগাই থয়। তেখেতে নিজৰ ভাগে কাম কৰি থাকে। আইমণিয়ে আশা কৰে, মাকেও সিহঁতৰ কথাত ভাগ লওক। অন্তঃত চকু-মুখত উৎসুকতা প্ৰকাশ কৰক। নকৰে। আইমণিয়ে ভাৱে – তাইৰ দৰে দেউতাকেও মাকৰ পৰা এনেকুৱা কিবাকিবি সৰু-সুৰা আশা-আবদাৰত প্ৰত্যাশা কৰে চাগে’। নে দেউতাক অভ্যস্ত হৈ গৈছে? কেনেকৈ, কিয় অভ্যস্ত হৈছে? এইটো এটা দুখ নহয়? কাকো ক’ব নোৱাৰা দুখ? ককায়েকৰ কাৰণেও দুখ অনুভৱ কৰে তাই।
আইমণি বাৰন্ডাৰ পৰা নামি আহিল। আজি দেওবাৰ। অফিচৰ ব্যস্ততা নাই। আনদিনা এইখিনি সময়ত আইমণি বাথৰুমত থাকিলেহেতেন। বাথৰুমত কেতিয়াবা আইমণিৰ হিচাপতকৈ বেছি সময় খৰছ হয়। তাৰ পিছত বাহিৰলৈ যোৱা পোছাক পিন্ধা, ভাত খোৱা আদিলৈ সময় নৰয়েই। নিজলৈ খং উঠে তাইৰ। তাই যে বাথৰুমত বহুত সময় কটায় সেইটো মাকে দেখা নাই? একো ক’ব নোৱাৰে। মাকবিলাকতো এইবিলাক চাবলৈকে, বকিবলৈকে থাকে? আইমণিৰ মাক তেনেকুৱা মাক নহয়? আইমণিয়ে এই লৈয়ে এদিন কিবা কিবি কৈছিল মাকক। মাকে উত্তৰ দিছিল- “তহত জনা বুজা শিক্ষিত মানুহ, মই কি ক’ম?”
চোতালৰ একোণত দেউতাকে সৰুকৈ বাগিছা এখন পাতিছে। আইমণি তালৈ সোমাই আহিল। একাষত থকা তামোল গছজোপাত লহপহকৈ পাণৰ পুলি এটা বগাইছে। গোন্ধোৱা পাণ। দেউতাকে ক’ৰবাৰ পৰা বিচাৰি আনি ৰুইছে। বাগিছাত আন গছ বুলিবলৈ তিনিজোপা ৰঙা গোলাপ আৰু দুজোপা কিবা সৰু সৰু বনজাতীয় ফুলগছ। তিনিওজোপা গোলাপেই কলিয়াইছে। দুই এটা কলিয়ে পাহিও মেলিছে। কোমল আলফুলীয়া ৰঙা। ফুলৰ ভিতৰত গোলাপৰ কোমলতাই কিজানি আটাইকে চেৰ পেলাব। ইয়াৰে এপাহ চৈধ্য তাৰিখে ৰক্তিমক দিলেগৈ কেনে হয়? নাই, নাই নালাগে। আইমণিয়ে মুহুৰ্ততে সিদ্ধান্ত সলনি কৰিলে, তাই ৰক্তিমক কিবা দিয়াৰ প্ৰশ্নই নুঠে। লাগিলে সেয়া ৰঙা গোলাপেই হওক বা আন কিবা। ৰক্তিমেও তাইক একো দিব নালাগে। আজি দুবছৰ আগতৰ ৰক্তিমৰ স’তে চিনাকি তাইৰ। সাধাৰণ বুজাপৰা এটাও হৈছে। এই বুজাপৰা বাহক হিচাপে কিবা উপহাৰ এটা সি নিদিলেই জানিবা।
আইমণিৰ আন এটা অসুবিধাও আছে। ৰক্তিমে কিবা এটা দিলে তাই নিশ্চয় ঘৰৰ সকলোৱে দেখাকৈয়ে ল’ব। সকলোৱে দেখাকৈ থ’ব। কিন্তু সেয়া কোনে দিছে কিয় দিছে মাকে তাইক নুসুধিব। এইটোৱেই সমস্যা। মানুহ ইমান সহজ, ইমান আপত্তিহীন কেনেকৈ হ’ব পাৰে? চাবলৈ গ’লে এইটো দায়িত্বহীনাতাৰো পৰিচায়ক। তাই গাভৰু ছোৱালী নহয়? তাইৰ প্ৰতি মাকৰ দায়িত্ব মনযোগ দিয়াৰ দৰ্কাৰ নাই? কেৱল চাহ ভাতৰ যোগান ধৰিলে, কাপোৰখিনি ধুই দিলে দায়িত্ব সম্পন্ন হয়? তাইৰ অস্বস্তি লাগে। তাতকৈ সঠিক সময়লৈ বাট চোৱা যাওক। ৰক্তিমটো আছেই। সি নাথাকিবনে? থাকিব।
ৰক্তিমৰ প্ৰতি আস্থা আৰু বিশ্বাস দুয়োটাই আছে আইমণিৰ । সি যিমানখিনি ব্যৱহাৰিক সিমান খিনি মানসিকো । সি নিজেই কেতিয়াবা উপযাচি কয় তুমি একো এটা উপহাৰ নিদিয়া মোকো দিবলৈ নিদিয়া এইটো কেনে কথা। আইমণিয়ে যেন বুজিও নুবুজে। কেনে কথা আৰু। কিবা দিলেহে দিয়া হয়নে।
: নহয় নহয়- ৰক্তিমে যেন কথা বিচাৰি নাপায়- দিয়া নিদিয়াটো ডাঙৰ কথা নহয় কিন্তু তুমি দিছা মোৰ কাৰণে সেইটো ডাঙৰ কথা ।
: হব বাৰু দিয়া, দিবলৈ লবলৈ ঢেৰ সময় আছে-
আইমণিয়ে বেলেগ কথা উলিয়াই। কিন্তু তাইৰ উপায় নাই। একমাত্ৰ উপায় দেউতাকক ৰক্তিমৰ কথা কোৱা। কিন্তু তালৈকো সময় আছে। ৰক্তিমৰ সঠিক সংস্থান এতিয়ালৈ হোৱা নাই । সেয়ে নিৰন্ন সময়ৰ সতে আৰু নীৰব মাকৰ সতে সহাবস্থান । এনেকৈয়ে আছে তাই ।
পাণ জোপালৈ চকু গ’ল আইমণিৰ। পুৱাৰ ৰ’দত উজ্জল হৈ জিলিকি আছে । দেউতাকে আনি ৰুই থোৱাৰ পিছত বোকাপানীৰ হাতখন ধুই আহি গামোচাৰে মচি মচি কৈছিল, পাণজোপাক কিন্তু কোনেও গা নুধুৱাকৈ নুচুবা দেই, মৰি যাব ।
মাকে কিজানি সেইদিনাৰ পৰা বাগিচাৰ ভিতৰলৈ সোমোৱা নাই, আইমণিয়ে ভাবিলে।মাকে অতদিনে আচল ঘৰখনৰো ভিতৰলৈ সোমোৱা নাই নেকি?দুখৰ সুক্ষ্ম সোঁত এটা আইমণিৰ বুকুলৈ সোমাই আহিল। আইমণি বিষণ্ণ হ’ল। আইমণি থৰ হৈ ৰ’ল ।