নদীখন আপোনাক উপহাৰ দিলোঁ

….ড˚ চিত্তৰঞ্জন দাস…

চাউলখোৱা নদীখন আপোনাক উপহাৰ দিলোঁ

হে অচিনাকি আপোনজন আপুনি হাত পাতক

খুলি দিয়ক বুকুৰ বাহৰ

আপোনাৰ কান্ধ আগবঢ়াই দিয়ক

আপুনি বহন কৰক নদীখন

 

নদীৰ বুকুৰ পানী সোণোৱালী ৰূপোৱালী

মাছ মগৰ ঢৌ জিলমিল চমকনি

অহৰহ গতিশীল যি

সেইবোৰো আপোনাৰ নে আপুনি সিহঁতৰ

তাৰ বিচাৰো আপোনাৰ

 

আপোনাৰ বাৰীত চৰি ফুৰা উভচৰ প্ৰাণী সিটি

যাক দেখি আপুনি চমক খাই উঠে যদিওবা

জানে আপুনি

তাতকৈ তাৰ স্বভাৱ বহুবেছি আপোনাতে সামৰিছে আপুনি

তাৰ সুক্ষ্ম গতিৰ সৌন্দৰ্য বাদ দি

 

একা-বেঁকা কৰি বৈ যোৱা গতিৰ প্ৰতীতি আৰু

দুপাৰৰ পলসুৱা স্মৃতি

কি জানিবা তাৰো নাম চাউলখোৱা নদী

ক’ৰবাত লগ লাগে মানাহৰ সতে মানাহতে

সাগৰীয় বিস্তৃতি

 

সেইখনি নদী আৰু নদীৰ বুকুৰ

সমস্ত কিবাকিবি

আপোনাক উপহাৰ দিলোঁ

সেই ভাবি আপোনাতে নদীময় গতি আৰু

চিকুণ প্ৰবৃত্তি ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *