…..✍?ভাস্কৰ ৰাজবংশী……
…..গুৱাহাটী বিশ্ববিদ্যালয়…..
সিক্ত ডাৱৰৰ পৰা
টোপাটোপে সৰা নিয়ৰবোৰ
পুৱাৰ ৰাঙলী আভাত
জলমলাই উঠে ।
সেউজীয়াবোৰ ক্ৰমে
আনন্দত জিলমিলাই উঠে ।
তাৰ মাজতো থাকে হেৰাই
যোৱা প্ৰতিশ্ৰুতিবোৰ ।
মৰুভূমিৰ বুকুৰ দূপৰৰ
উজ্জ্বল মেলাত নিমগ্ন হৈ
তৃষ্ণাতুৰ পথিকবোৰে
আকুলতাত খোজ বিলাক
আগবঢ়াই দিয়ে…
সুবিশাল জলধাৰা বিচাৰি
যেন কোনো নিৰিবিলি স্বপ্নৰ
সূদুৰ প্ৰদৰ্শনী ।
আমি নাজানো,
আমাৰ লক্ষ্য ক’ত ?
সূৰুজৰ হেঙুলী ৰশ্মিৰ দিশে
নে
পশ্চিমত বিদায় লবলৈ
ওলোৱা বেলিৰ পিছে পিছে
নিশাৰ এন্ধাৰৰ ফালে ?
জীৱনৰ ধূলি ধূসৰিত কৰি
আশাৰ মৰীচিকা খেদি
ফুৰোতেই হেৰাই যায়
ঠিকনাবোৰ ।
আমি যে গমেই নাপাওঁ
মৰীচিকাৰ সপোনত দিকভ্ৰান্ত
হৈ আমি অস্তগামী সূৰুযতে
বিচাৰি পাওঁ নবোদিত সূৰুযৰ
অনুভৱ আৰু পাহৰো
নোপোৱাৰ বিষাদ ।
অৱশ্যে, কেতিয়াবা
হেৰোৱাৰ বিষাদেও অনুভৱ
কৰায় পোৱাৰ বিষাদক
আৰু তেতিয়াই আমি পিন্ধি লওঁ
একো একোখন নিৰ্দিষ্ট মুখা ।
তথাপি আকৌ সাজু হওঁ
এক দীঘলীয়া যাত্ৰাৰ বাবে
নতুন উদ্যমেৰে
নতুন মন্ত্ৰৰে
নীৰৱতিৰ সুৰুঙাইদি
বোধ আৰু বিবেকৰ
নতুন পথেৰে
মাথোঁ,
লক্ষ্যৰ সন্ধানত…..…