নীলিমাই হাঁহে শুকুলা ডাৱৰৰ আঁৰে আঁৰে

সুমন প্ৰিয়া গগৈ

কলেজৰ প্ৰথম দিন, নতুন অভিজ্ঞতা। অকলশৰে নীলি কলেজৰ গেটখনৰ তলেদি চুচুক চামাককৈ আগবাঢ়িছে। তাই class 6 ৰ পৰা 12 লৈকেএকেখন স্কুলতে পঢ়ি অহা ছোৱালী।কলেজৰ পৰিৱেশৰ সৈতে তাই একেবাৰে অচিনাকি। অলপ সময় ইফালে সিফালে চাই অকলে ৰৈ থকা ছোৱালী এজনী দেখিলে। নীলিতকৈ ডাঙৰ যেন লাগিল। নীলিয়ে তাইৰ ওচৰলৈ গৈ সুধিলে,
:”Hello বা, English department টো কোনফালে আছে ক’ব নেকি? “
ছোৱালীজনীয়ে নীলিৰ ফালে অলপ সময় চালে, তাৰপাছত নীলিক তাইৰ পাছে পাছে আহিবলৈ ক’লে।
সিহঁত দুয়োজনী কেইবাটাও ল’ৰা ছোৱালী থকা জুম এটাৰ ফালে আগবাঢ়িছে। নীলিৰ ভৰি কেইখন বেছিকৈ কঁপিবলৈ ধৰিলে। যাওঁ নাযাওঁ কৈ গৈ থাকোঁতে ল’ৰা ছোৱালী জাকৰ একেবাৰে ওচৰ পালেগৈ।
:”নামঘৰ ক’ত? “
:”আমাৰ বৰদেউতাহঁতৰ ঘৰৰ কাষতে নামঘৰ এভাগ আছে। “
নীলিৰ সাধাৰণ উত্তৰ। সিহঁতে ডাঙৰ ডাঙৰ কৈ হাঁহিবলৈ ধৰিলে।
:”তোৰ নাম কি আৰু ঘৰ ক’ত…. সেইটো সুধিছো, অসমীয়া বুজি নাপাৱ নেকি? “
তাই মাথোঁ তলমূৰ কৰি উত্তৰ দিছে।তাই বুজি পাইছে যে তাইক ৰেগিং কৰিছে।
:”নাম। নীলিমা বৰুৱা আৰু ঘৰ শিৱসাগৰ,জাঁজী ত।
:”নীলি……. মা, ক’তা তই দেখোন জোখতকৈ বেছিহে বগা। নীলিমাৰ সলনি মাৰে বাপেৰে নামটো বগীমাই থোৱা হ’লেই ভাল আছিল।
নীলিক লাজে খঙে সাবটি ধৰিছেহি।চকুৰ পৰা চকুপানীৰ নৈ বৈছে। খঙত তাইৰ মনটোৱে পানী উতলাদি বকবকাই আছে। “বাছনি দেখিবলৈ ভাল মানুহৰ দৰেই দেখোন, ইমান বেয়া ব্যৱহাৰ কৰিছে।চুলি কোছাত ধৰি ঘটালি দিবৰ মন গৈছে। “
ল’ৰা এজনে ধমকি দিয়াৰ সুৰত ক’লে
:”গান এটা গা।”
সিহঁতৰ আদেশ যেন তাই মানিবই লাগিব। কপা কপা মাতেৰে গাবলৈ ধৰিলে,
:”বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ
পাতত তিৰেবিৰাই পানী…….। “
সিহঁতে তাইক ঠাট্টা কৰি ডাঙৰ ডাঙৰ কৈ হাঁহিছে।তাই আৰু ৰৈ থাকিব নোৱাৰিলে।লাজে অপমানে আগুৰি ধৰা নীলিৰ প্ৰথম দিনটোত কাৰো সৈতে ভালদৰে চিনাকি হোৱাই নহ’ল।

নীলিৰ মনটো এতিয়াও মৰা। বাৰে বাৰে ৰাতিপুৱাটোলৈ মনত পৰি আছে। নীলি বৰ্তমান হোষ্টেলৰ দহজনীয়া ছোৱালী থকা নিবাসী।”হোষ্টেলৰ বা কেইজনী ইমান ভাল, কালি সিহঁতেও নতুন ছোৱালীবোৰক নাচিবলৈ ,গান গাবলৈ কৈছিল, আমাৰ সৈতে চিনাকি হৈছিল কিন্তু আজি সিহঁতৰ নিচিনা অসভ্য আচৰণ কৰা নাছিল। হঠাতে কোনোবাই তাইৰ বিচনাত জাপ মাৰি উঠি ক’লেহি ,
:”হেই নীলিমা ,আজি class টো দেখিছো আৰু এতিয়াও, কিয় ইমান মনটো মাৰি আছা? “
নীলিমা প্ৰায় চক্ খাই গ’ল।
:”অ’ তুমি… কালি ৰাতি যে নাচিছিল।”
:”তুমি ও বৰ ধুনীয়া গান গোৱা ।”
:”thank you, তোমাৰ নামটো …?”
:”হিয়া, হিয়া বৰদলৈ। “
কথাৰ মাজতে নীলিয়ে হিয়াক তাইৰ লগত ঘটা কথাবোৰ কৈ পেলালে। হিয়াৰো হেনো নীলিৰ নিচিনাই হৈছিল। কিন্তু তাই কান্দি থকা নাই। হিয়াই নীলিক বুজাইছে যে এইবোৰ সাধাৰণ কথা। সিহঁতে বিভিন্ন কথা পাতিলে পঢ়াৰ কথা, নিজৰ নিজৰ ঘৰৰ মাক দেউতাকৰ কথা। হিয়াহঁতৰ ঘৰ নিজাৰা ত।নীলিৰ নিচিনাকৈ তাইৰো ভায়েক এটা আছে। নীলিমাই তাইক জাঁজী পাৰৰ ঘাট, ডাঙৰ ডাঙৰ পথাৰ বোৰৰ কথাও ক’লে। নীলিমাই হলটোৰ বাকীবোৰ ছোৱালীৰ লগতো ভালদৰে চিনাকি হ’ল।
নীলিমাহঁতৰ হোষ্টেলৰ পৰা কলেজলৈ অলপ দূৰ আহিব লাগে। হিয়া আৰু নীলি এতিয়া বহুত ভাল বান্ধৱী। দুয়োজনী কলেজলৈ আহি থাকোঁতেই সিহঁতক আবতৰীয়া বৰষুণ জাকে পালে। কলেজলৈ যোৱা দীঘলীয়া গলিটোৰ বৃহৎ বৃহৎ গাঁতবোৰত এজাক বৰষুণতে পানী জমা হ’ল। সিহঁত গাঁতবোৰৰ কাষেদি গৈ থাকোঁতেই বাইক এখনে সিহঁতৰ গালৈ বোকা মাৰি থৈ গ’ল। নীলিয়ে চিঞৰিছে,
:”চকু নাই….. নেদেখ নেকি? “
বাইকখন অলপ আঁতৰত ব্ৰেক মাৰি পিন্ধি থকা ক’লা গ্লাচ যোৰ অতৰাই নীলিৰ ফালে চাই “নেদেখো “বুলি কৈ গ’লগৈ।
:”সি নিজকে কি বুলি ভাবে, তাৰ নিজৰ ৰাস্তা নি কিবা। “
:”আমাৰ কান্দুৰী বাইদেউৰ বৰ খং দেখোন। হ’ব দিয়া নীলি কলেজত গৈ অলপ ধুই লম। “
:”তই মনে মনে থাক। “
:”বাহ্ তই….।”
:”কিয়, তই বুলি মাতিলত বেয়া পাইছা। “
:”নাইপোৱা…,ব’ল এতিয়া। “
সিহঁতি class ত সোমাই দেখে সেই ল’ৰাটো সিহঁতৰ Department ৰে, একে লগৰ।পিছত জানিব পাৰিলে তাৰ হেনো আজি কলেজ প্ৰথম দিন। আজি প্ৰায় class বোৰ আৰম্ভ হোৱাৰ পাঁচ দিনমান হ’লহি। হিয়াই নীলিক মনে মনে কৈছে,
:”তই ঠিকেই কৈছিলি নীলা, এনেকুৱা মানুহবোৰ কলেজ আহিব লাগে আহে আৰু। “
:”দেখিব মন নাযায়, কথা ক’ব নজনা টো। “
কলেজত freshers নোহোৱা লৈকে নতুন ল’ৰা ছোৱালী বোৰ ভয়ে ভয়ে আহিব লগা হয়। নীলিহঁতৰো একে অৱস্থা।এচাম তেনেকুৱা বেয়া মনৰ মানুহ আছেই। আজি সিহঁতৰ চকু নীলি আৰু হিয়াৰ ওপৰত। সিহঁতে নীলিহঁতক বহুত বেয়া ব্যৱহাৰ কৰিছে।নীলিয়ে হিয়াৰ হাতখন চেপি ৰঙা কৰি পেলাইছে। চকু দুযোৰ পানীৰে উপচি পৰিছে,মাথোঁ সৰি পৰিবলৈ বাকী।
:”নাগিন ডান্স কৰি দেখুওৱা আমাক।”
হিয়াই লাহেকৈ কৈছে,
:”Sorry দাদা আমি নাজানো সেইবোৰ। “
:”Senior ক respect কৰিব নাজান, নাচিব ই লাগিব। “
হঠাতে সেইটো ওলালহি, কথা ক’ব নজনাটো।
:”আপোনালোক যদি senior তেনেহলে এওঁলোকো junior ।আপোনালোকক যদি সন্মান লাগে, junior সকলকো কিবা এটা দিব লাগিব ন….। নহ’লে কিহৰ বিনিময়ত সন্মান পাব।
আৰু তই নীলিমা বৰুৱা, ধুনীয়া হোৱাৰো সীমা থাকে। তোৰ হাঁহিয়ে মন পগলা কৰে,চকুৱে ক’ব নোৱাৰা কথাবোৰ কয়, আৰু দীঘল কেকোঁৰা চুলি কোছাই জীয়াই জীয়াই মাৰে।ল’ৰাই টো জোকাব ই। “
কথাবোৰ কৈ সি আঁতৰি গ’ল। সিহঁত দুয়ো তধা লাগিল। লাহে লাহে class ৰ ফালে আগবাঢ়িছে।
:”হিয়া …..,ই সঁচাকৈয়ে কথা ক’ব নাজানে। “
হিয়াই নীলিমাৰ মূখ ৰ expression দেখি হাঁহি ৰখাব ই পৰা নাই।

দিনবোৰ পাৰ হ’ল, নীলিমাহঁত নতুনৰ পৰা পুৰণা student হ’লহি। তনয় হাজৰিকা মানে সেই ল’ৰটোৰ কিছু বেলেগ ৰূপেই দেখিবলৈ পালে নীলা, হিয়াহঁতে। সি সঁচাকৈয়ে বহুত বেলেগ,তাৰ কথাবোৰো বহুত বেলেগ। সি এদিন” friends ” বুলি কৈ নীলিৰ সমূখত হাতখন আগবঢ়াই দিছিল। আৰু তাইও” ok”বুলি কৈছিল। বেয়া লগা ল’ৰাটো এতিয়া নীলি আৰু হিয়াৰ ভাল বন্ধু। First sem English department ৰ topper হিয়া বৰদলৈ আৰু 3rd নীলা। লগতে প্ৰমাণ হ’ল যে একেবাৰে class নকৰা ল’ৰটোৱেও মনে মনে পঢ়ে।। হিয়া আৰু নীলিয়ে একেলগে হোষ্টেলত room এটা ও পালে।
কলেজৰ পৰা উভতাৰ সময়ত তনয় আৰু নীলি একেলগে আহিছে, হিয়া তেতিয়া নাই। তনয়হঁতৰ ঘৰ শিৱসাগৰ টাউনতে।
:”নীলি,শিৱসাগৰ পুখুৰী পাৰলৈ যাওঁ ব’ল। “
:”ব’ল বাৰু,সোনকালে আহিম কিন্তু। হিয়াৰ গাটো বেয়া যে। “
পুখুৰী পাৰৰ কোমল বতাহ জাকৰ মাজত খোজ কঢ়াৰ আমেজেই বেলেগ। নীলিমাই কয়,
:”গাঁৱৰ জাঁজী পাৰৰ ঘাট টোলৈ বৰকৈ মনত পৰিছে গৰাটোৰ ওপৰত থকা বাঁহগছ জোপাৰ তলত আগতে আমি সদায় ঘিলা খেলো। “
:”তোৰ এইটো ঘিলা খেলাৰ বয়স নহয়, এতিয়াৰ এই সময়টো বুজিবলৈ চেষ্টা কৰ না……ত ই। “
:”বুজিবলৈ কিটো আছে, তই মোক ইয়াত ভাল পাওঁ বুলি ক’বলৈ আনিছ। কিন্তু মই এইবোৰৰ কথা ভাবিলে মোৰ পঢ়া শুনা মাটিত পুত খাব, মা দেউতাৰ নাক কাট খাব, মোৰ সব শেষ হৈ যাব। “
:”তই কথাবোৰ বৰ সোনকালে বুজি পাৱ।হ’ব দে, তই যি ভাল দেখ…..। মোৰ মা নাই, মোক সৰুতেই এৰি থৈ গ’লগৈ।দেউতাই মাক সন্দেহ কৰিছিল,মাৰ পিত, অত্যাচাৰ কৰিছিল।সেই দৃশ্যবোৰ এতিয়াও মোৰ চকুৰ আগত ভাহি থাকে, এতিয়াও মই দেই পুৰি মৰো।মা আৰু জীয়াই থাকিব নোৱাৰিলে,মোক এৰি গুচি গ’লগৈ।দেউতাৰ হাতত মোৰ বাবে সময় নাই।তই বহুত ভাগ্যৱান, তোক মা দেউতাই ইমান মৰম কৰে।আৰু মই ও ভাগ্যৱান তই মোৰ ওচৰত আছ। “
সদায় হাঁহি থকা ল’ৰাটোৰ চকুত আজি নীলিমাই চকুলো দেখিছে, তাইৰ বিশ্বাস হোৱা নাই, হাঁহিৰ আঁৰতো ইমান বোৰ বেদনা লুকাই থাকিব পাৰে।
লাহে লাহে সিহঁতৰ বন্ধুত্ব ই অন্য এক সম্পৰ্কৰ ৰূপ ল’বলৈ ধৰিলে।আৰু তাৰ প্ৰভাৱ পৰিল নীলিৰ সেই কথাষাৰত “মোৰ পঢ়া শুনা মাটিত পুত খাব “।নীলিয়ে নিজকে চম্ভালিব নোৱাৰিলে।সেই কথা উপলব্ধি কৰিছে 2nd sem ৰ result দিয়া দিনা।
হিয়াই বুজাইছে,
:”হ’ব দে নীলা, paper কেইখন আকৌ দিবি ভাল হ’ব তোৰ।”
নীলিমাৰ মুখত না হাঁহি না কান্দোন, এটুপি চকুলো নাই চকুত। যি জনী ছোৱালীয়ে সৰু সৰু কথাতে কান্দি পেলাই তাই আজি কিয় নাইকন্দা??”
:”মই মা দেউতাৰ মূৰ খালো, মা দেউতাৰ সন্মান শেষ কৰিলোঁ,মই শেষ…..।
:”শুই থাক নীলি যি হ’ল,হ’ল আৰু।”
ৰাতিপুৱা হিয়াৰ বিকট্ চিঞৰ এটাই গোটেই হোষ্টেল খনকে কঁপাই তুলিলে। নীলিৰ বগা বিচনা চাদৰখনত সেন্দুৰীয়া ৰঙে আৱৰি ধৰিছে।এহাতত ব্লেড আৰু আন খন হাতত এদোঙা প্ৰায় শুকাবলৈ ধৰা তেজ। হিয়াৰ সৰ্বশৰীৰ কঁপি উঠিল।

এতিয়া তনয়ৰো মাত বোল নোহোৱা হ’ল। তাৰ মনে হাহাকাৰ কৰি বিচাৰি ফুৰিছে নীলিমা।
:”তনয়, নীলিয়ে ভুল কৰিলে।”
:”নহয় হিয়া, তাই মোৰ কাৰণেই মৰিল। মই তাইক শেষ কৰি দিলো, মায়ে মোক এৰি থৈ গুচি গ’ল। এতিয়া নীলিও……. ,মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। কাৰ বাবে জীয়াই থাকিম।”
:”তনয় হাজৰিকাৰ বাবে, নিজৰ বাবে জীয়াই থাক।তই জন্ম অকলেই হৈছিলি,জীৱন যাপনো অকলেই কৰিবলৈ শিকিব লাগিব৷। আন কাৰোবাৰ বাবে নিজকে নষ্ট কৰা বা হত্যা কৰাৰ তোৰ কোনো অধিকাৰ নাই। আকাশলৈ চা নীলি এতিয়াও আমাৰ মাজত আছে। “
আকাশলৈ চাই থকা তনয় ৰ মুখত এটি নতুন উদ্যমৰ মিচিকিয়া হাঁহি।
:”তই ঠিকেই কৈছ হিয়া, নীলিমাই হাঁহে শুকুলা ডাৱৰৰ আঁৰে আঁৰে। “

Share কৰক:

1 Comment

  1. Aoti hundur hoisa suman ??❤

Leave a Reply

Your email address will not be published. Required fields are marked *