….তৰালী ডেকা…..
নাৰী তুমি
অনন্যা তুমি
সৃষ্টি তুমি
বটবৃক্ষ তুমি
আশাৰ নতুন ৰূপ
ভবিষ্যতৰ প্ৰতিনিধি তুমি ।
তুমি ত্যাগ
তুমি বিশ্বাস
আৰু তুমি উজ্জ্বল ।
তুমিয়ে জানো গৰ্ভত সামৰি নোলোৱা সেউজীয়াবোৰ !
সেই সেউজীয়াবোৰ একলা একলাকৈ বাঢ়ে
সেই সেউজীয়াবোৰে মানুহৰ বাগিছা গঢ়ে ।
তোমাৰ জীৱনৰ ৰ’দবোৰ খৰচ হয়,
খৰচ হয় তোমাৰ জীৱনৰ শক্তিপেৰাৰ সম্পত্তি ।
তথাপিও তুমি অচল
তুমি শক্তিশালী
তুমি দেৱী
তুমি পবিত্ৰ, তুমি আৰাধ্যা ।
এই সমাজৰ হাতোৰাত বন্দী তুমি মুক্ত বিহঙ্গ
পুৰুষৰ চিন্তাত তুমি বাধ্য
দেৱী হৈয়ো তোমাৰ পৰাধীনতা
শিপা হৈয়ো তোমাৰ জড়তা ।
শিৰৰ সেন্দুৰত সন্মান যচা সমাজখন
আৰু ৰজস্ৱলাক নীতি-নিয়মৰে বন্ধা সমাজখন এখনেই ।
দেৱীৰ মন্দিৰত দেৱীৰ জানো প্ৰৱেশত বাধা আহে !
দেৱী জানো কেতিয়াবা অস্পৃশ্য হয় !
মানুহৰ সমাজ এয়া
তুমি স্ৰষ্টা এই সমাজৰ
কিন্তু স্ৰজনৰ স্বাধীনতা সদায় যে নহয় তোমাৰ ।
নাৰী, তুমি ভালে থাকা
পৃথিৱীখন তোমাৰ
তুমি পৃথিৱীখনৰ
তুমি পৰমাত্মাৰ অনবদ্য সৃষ্টি ।
তুমি জীৱনদায়িনী ।
তোৰ লিখা পঢ়ি সদায় ভালে লাগে
ভাল লাগিল