:নাৰী :

…..প্ৰাণজিৎ কলিতা…..

নাৰী…….
এটি পবিত্র শব্দ
যাৰ মাজত লুকাই আছে
উন্মাদনাৰ ভৰা অলেখ কাহিনী ।
মনত আছে নে ??
বুঢ়ী আইৰ সাধুৰ
তেজীমলা , চম্পাৱতী
চিলনী জীয়েক জনী
নাৰী নাছিলে জানো ?
কিমান অত্যাচাৰৰ বলী হৈছিল
আমাৰ দৰে দানৱ বিলাকৰ পৰা ।
ঢেঁকীত খুন্দি খুন্দি তেজীমলাক
মাৰি পেলাইছিলো ।
সৰলতাৰ সুযোগ লৈ
সাঁপৰ আহাৰ কৰিব বিচাৰিছিলো
ফুল কোমলীয়া চম্পাৱতীক ।
নিমাত , নিস্পাপ চৰাইজনীক
ৰণক্ষেত্রৰ চক্ৰবেহুত সোমাই
হত্যা কৰা নাছিলো নে ??
ভাৱক চোন !
আমি নিষ্ঠুৰতাৰ অধীন নহয়জানো ….
নাৰী দেৱী … পূজা অৰ্চনাৰ
অধিষ্ঠিত ।
কিন্তু, সময়ৰ গতিত নাৰী
বিৰ্সজনৰ সমতুল্য ।
জীযাই থাকিব সিহঁত
নদীৰ সোঁতত উটি গৈ ও
জীয়াই থাকিব ,
যেনেদৰে
তেজীমলা লতা হৈ জীয়াই আছিল ।
চম্পাৱতী সাঁপৰ পত্নী হৈ ।
আৰু চিলনীৰ জীয়েক
অত্যাচাৰৰ বলী হৈ ;
নিষ্ঠুৰ সমাজৰ এন্ধাৰবোৰ
আঁতৰাবলৈয়ে নাৰীৰ জন্ম ।
আজিও আমি নাৰীক
তেজীমলা , চম্পাৱতী
চিলনী জীয়েকৰ দৰে
ব্যৱহাৰ নকৰো নে ???
সেয়া সোধক …..
যৌতুকৰ বিনিময়ত জ্বলাই দিয়া
বোৱাৰীজনীক ;
সেয়া সোধক
নৰপিশাচৰ বলী হৈ ধৰ্ষণ হোৱা
ছোৱালী জনীক ;
সেয়া সোধক
স্বামীৰ মৰমৰ পৰা বঞ্চিত হৈ
অকলশৰে কটোৱা মহিলাজনীক ;
জীৱনৰ যন্ত্রণা কিমান ??
কিমান কষ্ট ?
অভিনয় কৰি নিজকে সুখী দেখুওৱা
এই সমাজখনক ।
মৰমবোৰ বুকুৰ পৰা আঁজৰি আনিবলৈ সহজ
কিন্তু অকণমান মৰম গুজি দিবলৈ বৰ কঠিন ।

প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *