……সীমা ভূঞা…..
আনদিনাৰ দৰে আজিও নিবেদিতা দুৱৰাই দহ বজাৰ লগে লগে কলেজলৈ বুলি সাজো হৈছে ।এনেতে কাম কৰা ল’ৰা ৰঘু আহি ক’লেহি—–বাইদেউ আপোনাক বিচাৰি এগৰাকী বয়সিয়াল মাইকী মানুহ আহিছে , নিবেদিতাই ক’লে কোননো আহিল এই সময়ত ? মই গৈ আছো ,মানুহ গৰাকীক বহিবলৈ ক গৈ যা।
ড্ৰইংৰুমত বহি থকা মানুহগৰাকীক দেখি ,নিবেদিতা আচৰিত হৈ গ’ল ! আপুনি ! তাই খংৰে ক’লে ——
কি চাবলৈ আহিছে ? মই জীয়াই আছো নে নাই ?
মানুহ গৰাকীয়ে ক’লে ——নাই নাই বোৱাৰী ,
“মই কাৰো বোৱাৰী নহয় ” কি ক’বলৈ আছে সোনকালে কওঁক , মই কলেজলৈ যাব ওলাইছো ।
মানুহ গৰাকীয়ে কান্দি কান্দি হাতযোৰ কৰি নিবেদিতাক ক’লে ——আমাক ক্ষমা কৰি দিয়া ,তোমাক কৰা অন্যায় ফলৰ শাস্তি ভগৱানে আমাক দিছে । মোৰ সকলো শেষ হৈ গ’ল ।প্ৰবাল আজি মৃত্যু পথৰ যাত্ৰী ,চিকিৎসালয়ৰ বিছনাত পৰি মৃত্যুৰ সৈতে সি যুজি আছে । বাৰে বাৰে সি তোমাৰ কথা কৈ আছে ,এবাৰ মাত্ৰ সি তোমাক চাব বিচাৰিছে, সি কৰা ভূলৰ বাবে তোমাৰ ওচৰত ক্ষমা বিচাৰি প্ৰায়শ্চিত্ত কৰিব বিচাৰিছে ।নহলে যে সি শান্তিৰে মৰিব নোৱাৰে ।মাক হৈ মই তাৰ এই কষ্ট সহ্য কৰিব পৰা নাই । সেইহে মই আজি তোমাৰ ওচৰলৈ আহিছো ।
” তুমি মাত্ৰ এবাৰ তাৰ ওচৰলৈ আহা, তেতিয়াহে সি শান্তি পাব ” এই বুলি মানুহ গৰাকী কান্দি কান্দি ওলাই গ’ল ।
মানুহগৰাকী ওলাই যোৱাৰ পিছত তাই চোফা খনতে অলশ ভাবে বহি পৰিল ,এয়া কি শুনিছে , তাই ,একো ধৰিব নোৱাৰিলে ।মাত্ৰ ভাবিলে কি বিচিত্ৰ জীৱন মানুহৰ , হয়তু মানুহে কৰা ভূলবোৰ পৰিমান এনেদৰে ভুগিব লগা হয় । নহলেনো এসময়ত দপদপাই থকা অহংকাৰী তাইৰ শাহুয়েক নিৰদা চলিহা এই মানুহজনীৰ এই অৱস্হা হয়নে ? কিমান যে তাইৰ ওপৰত ঘৰখনৰ অত্যচাৰ চলিছিল । বিয়াৰ পিছৰ পৰাই স্বামী প্ৰবাল চলিহাৰ আচল ৰূপতো দেখি তাই ভয় খাই গৈছিল। প্ৰতিনিশা সুৰাৰ ৰাগীত মতলীয়া হৈ তাইৰ ওপৰত কিমান অত্যাচাৰ কৰিছিল ।আনকি পিছলৈ সুৰাৰ লগতে নতুন নতুন নাৰীয়ে তাইৰ বেডৰুম শুৱনি কৰিছিল । সকলোবোৰ কথা শাহুয়েকক তাই কৈছিল ,কিন্তু শাহুয়েকে পুত্ৰৰ এনে কায্যৰ্ত প্ৰতিবাদ নকৰি ওলোটাই তাইকহে দোষাৰোপ কৰিছিল । ইমানখিনিৰ পিছতো তাইৰ গৰ্ভত স্হিতি লোৱা তিনিমহীয়া সন্তানটো প্ৰবালৰ অত্যাচাৰৰ বলি হৈ নষ্ট হোৱাৰ লগতে চিৰদিনৰ বাবে তাইক মাক হোৱাৰ পৰা বন্ঞ্চিত হৈছিল । ফলত প্ৰবাল আৰু তাইৰ শাহুয়েকে বাজি তিৰোতা বুলি ঘৰৰ পৰা উলিয়াই দিছিল ।
সেই চিন্তাতে তাইৰ দেউতাকৰ অকালতে মৃত্যু হ’ল ।একমাত্ৰ মাকৰ কথা চিন্তা কৰি তাই নমৰিল । বুকুত এচতা শিল বান্ধি কলেজৰ চাকৰিটোৰে মাক আৰু জীয়েক কোনোমতে জীয়াই থাকিল । কিন্তু আজি কিছুদিনৰ আগতে মাকো হঠাৎতে ঢুকাই থাকিল । তাই একেবাৰে অকলশৰীয়া হৈ গ’ল । তাই ভাবিলে —-নিয়তিয়ে আৰু তাইৰ জীৱনটোৰ লগত কিমান খেলা কৰে । ভাগ্যই দেখোন তাইৰ সকলো খিনি কাঢ়ি লৈ গ’ল ।
হঠাৎ ৰঘুৱে ক’লে —–বাইদেউ কি ভাবি আছে , কলেজলৈ নাযায় নেকি ?
ড্ৰাইভাৰ আহিলে ,
উম যাওঁ ! তাই মনতে ভাবিলে প্ৰবালক চাব যাব নে নাই ! নাই নাই তাই যাব !
গাড়ীখনত বহি তাই ড্ৰাইভাৰক হস্পিতালৰ ফালে যাব দিলে ,
হস্পিতাল পোৱাৰ পিছত তাই প্ৰবাল থকা কেবিনৰ ফালে লাহে লাহে সোমাই গ’ল। প্ৰবাল দেখি তাই আচৰিত হৈ গ’ল । তাই চিনিব পৰা নাই । মাকৰ মাতত প্ৰবালে চকু মেলি নিবেদিতাক দেখি হাতযোৰ কৰি ক’লে ,মোক ক্ষমা কৰি দিয়া ।নহলে মই মুক্তি নাপাম । তোমাক কৰা অত্যাচাৰৰ শাস্তি ভগৱানে মোক দিলে , এয়া তোমাক কৰা মোৰ পাপৰ ফল । চকুয়েদি তাৰ চকুলো বৈ আহিল ,মোক ক্ষমা কৰা নিবি , লাহ লাহে প্ৰবালৰ মাততো ক্ষীন হৈ আহিল ।এটা সময়ত হাতযোৰ কৰিয়ে প্ৰবালে চকু মুদিলে , মাকে চিঞৰ এটা মাৰি উঠিল ।ডক্তৰে আহি প্ৰবালক মৃত বুলি ঘোষনা কৰিলে ।
বহুত দিনৰ আগতে শুকাই যোৱা চকু পানী খিনি নিবেদিতাৰ দুচকুয়েদি বৈ আহিল ,তাই বাধা দিওঁ ৰাখিব নোৱাৰিলে , মনতে তাই ভগৱানক প্ৰাথৰ্না কৰিলে , প্ৰবালৰ আত্মাক শান্তি দিয়া প্ৰভু, শান্তি দিয়া ।।