….সীমা ভূঞা…..
বনকৰা ছোৱালী মাধৱী হঠাৎ ঘৰলৈ যাব খোজাত বৰুৱানী আচৰিত হ’ল । কিহৰ বাবে তাই এনেদৰে যাব ওলাইছে বুলি সোধাত , তাই বিশেষ একো উত্তৰ নিদিলে । উপাই নাপাই বৰুৱানীয়ে মাধৱীৰ মাকক মাতি আনিলে ।
মাকেও আচৰিত হৈ ইমান আৰামত থকা ঘৰখনৰ পৰা কিয় এনেদৰে যাব খুজিছে , কথাষাৰ তাইক সোধাত মাকৰ কথাৰো একো উত্তৰ নিদিলে । এনে হেন সুখত থকা ঘৰখন এৰি যাবলৈ ওলোৱাত মাকে খংতে তাইক থাপৰ দুটামানো দিলে ।বৰুৱানীয়ে মাৰ পিট কৰিবলৈ মানা কৰি তাই পাব লগা টকা পইচা খিনি হিচাব কৰি মাকৰ হাতত দিলে ।মাকে বৰুৱানীক হাতযোৰ কৰি জীয়েকৰ কথাত দাই দুখ নধৰিবলৈ কৈ বিদায় ললে । বাটত মাকে তাইক বৰুৱা ,বৰুৱানীৰ গুনৰ কথা কৈ গ’ল ,তাইৰ কানত সেইবোৰ একো কথাই সোমোৱা নাছিল ।
মাত্ৰ তাই কোনটো সাহসত মাকক ক’ব ? যি বিশ্বাসত মাকে বৰুৱাৰ ঘৰত তাইক সুখত থাকিবলৈ এৰি দিছিল ,আজি সেই ভদ্ৰ লোকৰ মুখা পিন্ধা বৰুৱাই তাইৰ জীৱনটো সব্বৰ্নাশ কৰিবলৈ ওলাইছিল ।দুখ আৰু বেজাৰত তাই চকুপানী টুকি টুকি ভাবিছিল আমাৰ নিচিনা দুখীয়া ছোৱালীৰ জীৱনৰ কোনো মূল্য নাই । সেয়েহে মাকক একো ক’ব নোৱাৰি বুকুত এচটা গধুৰ শিল বান্ধি লৈ ঘৰলৈ উভতিল ।