মৰমৰ ফুল

 …..ৰিপুল বড়ো, টংলা (ৰতনপুৰ)……

পুষ্প আৰু সংগীত ভালপোৱা ছোৱালীজনী
ফুলেৰে তৈয়াৰী কামদেৱৰ ধেনুৰ দৰে  পুষ্পজিতা তুমি,
এটি বৃক্ষৰ শ্ৰেষ্ঠ ফুলপাহ তুমি।
পুষ্প প্ৰদৰ্শনীৰ ফুলৰ সৌন্দৰ্যৰ তুমি ৰানী,
পুষ্প-বৃষ্টিত পুষ্প-পাত্ৰ্ত  সংগোপনে ৰাখিম ।
পুষ্প-পত্ৰ লিখা চিঠি
পুষ্পচাপত পুষ্পবাণত লগাই দি পঠাম তোমালৈ আজি ।
সংগীতৰ মধুৰ সুৰ তুমি
সংগীত আৰু পুষ্পৰে সজাম তোমাক আজি
পুষ্প তৈয়াৰি যদি তোমাৰ আকাৰ 
 সংগীতেৰে লেখিম তোমাৰ নাম ।
পুষ্পৰ দৰে লেহুকা যদি তুমি
কোনোবাই চিঙিব খুজিলে হাত কাতি দিম তাৰ আজি।
ফুলৰ ফুলনী যদি তুমি
তাৰে মালী মই আজি ।
সংগীত লেখো তোমাক দেখি 
সুৰ হৈ ৰৈ ৰৱা তুমি আজি ।
মোৰ মনৰ ফুলপাহ তুমি
তোমাৰ লগত কথা নপতাকৈ থাকিব নোৱাৰো আজি
তোমাৰ লগত কথোপকথন নকৰা কৈ থাকিলে
প্ৰেত হৈ থকা অৱস্থা আজি।

                               

 …..ৰিপুল বড়ো, টংলা (ৰতনপুৰ)……

Share কৰক:

1 Comment

  1. সুন্দৰ লিখনি

Leave a Reply

Your email address will not be published. Required fields are marked *