মৰহা ফুলৰ সুবাস

……✍চিমি কোঁৱৰ….

: ফুল হৈ ফুলিবা যাৰ আগত ,তেঁৱে তোমাক আদৰ দেখুৱাই ছিঙি লৈ গুচি যাব আৰু মৰহি গ’লে আৱৰ্জনাৰ লগত ডাষ্টবিনলৈ দলিয়াই পেলাব ।ফুলৰ সৌন্দৰ্য্য সদায় নাথাকে মন্দিৰা ।যিদৰে মৰহা ফুল এপাহলৈ মায়া বহুত কম মানুহৰহে থাকে ।সোঁৱৰণিৰ মালা গাঁথি যি সামৰি ৰাখে বুকুত একোপাহ নিস্তেজ ফুল …এনে মানুহ তুমি কাষত নাপাবা সহজে ।ফুল হৈ নুফুলিবা সেয়ে ।ফুল হৈ ফুলিলে দুখ পাবা …কেৱল দুখ !
মায়াই বুজাইছিল মন্দিৰাক ।
বাহিৰত চিপচিপিয়া বৰষুণ ।শুভংকৰৰ মেছেজ আহিব আহিব বুলি আজিও তাই অলসভাৱে বিছনাত পৰি বাট চাই আছে ।সন্ধিয়াই হ’বৰ হ’ল ।মায়াই হেডফোনডাল কাণত লগাই চকীখনত বহি খিৰিকীৰে বাহিৰলৈ চাই গান শুনাত ব্যস্ত ।মন্দিৰাই মায়ালৈ চালে এবাৰ ।নাই মায়া নিজৰ পৃথিৱীতে মগ্ন ।
মন্দিৰাৰ এইকেইদিন একো কামতেই মন বহা নাই ।ক্লাছৰ কেইবাটাও এচাইনমেন্ট এলাহতে কৰা হোৱা নাই তাইৰ । কেইবাদিনো ধৰি মন্দিৰাৰ লগত শুভংকৰৰ ভালকৈ কথা -বতৰা হোৱা নাই ।শুভংকৰৰ পৰা মন্দিৰালৈ আগৰ দৰে ফোন ,মেছেজ নহা হ’ল ।মন্দিৰাই ফোন কৰি খবৰ ল’লেও শুভংকৰে যেন ভালকৈ কথা পাতিব নিবিচাৰে তাইৰ লগত ।মন্দিৰাৰ এনেকুৱা অনুভৱ হৈছে শুভংকৰে যেন মন্দিৰাক বেয়া পাইছে কিবা কথাত ।কিন্তু মন্দিৰাইতো শুভংকৰে বেয়া পাবলগীয়া একোৱেই কৰা নাই । মন্দিৰাৰ মনত অজস্ৰ কথা প্ৰশ্নবোধক হৈ ওলমি ৰ’ল । মন্দিৰাই একো উমানেই কৰিব পৰা নাই শুভংকৰে তাইৰ লগত কিয় দূৰত্ব বজাই ৰাখিছে ! পূৰ্বতে সদায় খবৰ কৰাৰ দৰে সি কিয় এৰি দিছে মন্দিৰাৰ প্ৰতি মূহুৰ্তৰ খবৰ সুধিবলৈ ?শুভংকৰৰ অনুপস্থিতিত চঞ্চলা হৈ উঠা মন্দিৰাজনীও ক’ৰবাত হেৰাই গৈছে ‌।এইকেইদিন মন্দিৰাৰ সময়বোৰ নাযায় নুপুৱাই যেন লাগিছে ।অথচ কৰিবলৈ ইমানবোৰ কাম পৰি আছে ।তাই সাৰে থাকিও যেন নিদ্ৰামগ্ন !
মন্দিৰা বৰুৱা । গু:বি: ৰ ইক’নমিকচ ডিপাৰ্টমেন্টৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী এইবাৰ । মন্দিৰা অন্তৰ্মুখী ছোৱালী । ‌প্ৰয়োজনতকৈ বেছি কথা তাই নকয়।তাই নিজৰ দুনিয়াতে ব্যস্ত হৈ থাকে বেছিকৈ । অৱশ্যে ৰূমমেট মায়াৰ লগত মন্দিৰাই বহুত কথা পাতে । মন্দিৰা আৰু মায়া দুয়োজনী আৰ. চি.চি .ফ’ৰ গাৰ্লচ হোষ্টেলৰ নিৱাসী ।ডিপাৰ্টমেন্টো একে । এই ডেৰবছৰত মন্দিৰাক মায়াই যিমান বুজি পাইছে আন বহুতেই হয়তো মন্দিৰাক বুজি নাপাব ।বহুতেই হয়তো তাইক একেবাৰে কথা নোকোৱা অহংকাৰী ছোৱালী এজনী বুলিয়েই ভাৱে । অলপ দিনৰ পৰা মন্দিৰা চঞ্চল হৈ উঠিছে ।মায়াই মন কৰিছে কথাটো । একে লগৰে ফ্ৰেণ্ড হোষ্টেলৰ শুভংকৰৰ কথা ওলালে মন্দিৰাৰ গাল দুখনত গোলাপী আভা এটা বিয়পি পৰে ।দুচকুৰ পতাত যেন লাজ এখিনিয়েহে ভুমুকি মাৰেহি ! নতুনকৈ প্ৰেমত পৰা ষোড়শী ছোৱালী এজনীৰ দৰে মন্দিৰাৰ বাঢ়ি অহা চঞ্চলতাবোৰ দেখি মায়াই জোকাইছিল মন্দিৰাক। মনে মনে অলপ চিন্তিতও হৈছিল তাইৰ বাবে । মন্দিৰা ছোৱালীজনী অলপ বেলেগ । চিৰিয়াচ ।বৰ এটি ধেমালি বুজি নাপায় । বিশ্বাস ,মৰম ,সম্পৰ্কৰ মূল্য তাইৰ বাবে সকলোতকৈ বেছি । ভাল লগাটো ডাঙৰ কথা নহয় ।ডাঙৰ কথা ভাল লগাখিনি স্থায়ী কৰি ৰখাটোহে ।পাৰিবনে ..পাৰিবনে বাৰু শুভংকৰে ?
শুভংকৰ বুলিলে ইউনিভাৰ্চিটিৰ সকলোৱেই চিনি পায়। শুভংকৰ আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ‌‌।বন্ধুমহলত তাৰ এটা নাম আছে ।যোৱাবাৰ ভাৰ্চিটি উইকত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পাইছিল সি । নাটক যিমান ধুনীয়াকৈ কৰে ,বাস্তৱত তাতকৈ বেছি ধুনীয়াকৈ সি কথা ক’বলৈ জানে ।
শুভংকৰে এদিন মন্দিৰাক কৈছিল ,” তোমাক ভাল লাগে মন্দিৰা ।তোমাৰ লগত কথা পাতিলে ,ঘূৰি ফুৰিলে সময়বোৰ কেনেকৈ পাৰ হয় গমকে নাপাওঁ ।” শুভংকৰে এনেকৈ ক’লে হৃদয় ভৰি উঠে মন্দিৰাৰ । তাইৰো ভাল লাগে শুভংকৰক ।কিন্তু মুখ ফুটাই একো ক’বহে নোৱাৰে ।তাই আশা কৰে -এনেকৈয়ে থাকক সদায় শুভংকৰ তাইৰ কাষত ।ভাললগা মানুহেৰে তাইৰ এধানিমান পৃথিৱী খন ভৰি থাকক ।
এনেকৈয়ে মন্দিৰা আৰু শুভংকৰৰ বন্ধুত্ব গভীৰ হৈছিল ।কেৱল বন্ধুত্ব বুলিলে হয়তো ভুল হ’ব ।এক অনামী আকৰ্ষণত দুয়ো যেন দুয়োৰে ওচৰ চাপি গৈছিল ।কি নাম দিব পাৰি এই সম্পৰ্কৰ ? শুভংকৰক লৈ মন্দিৰাই ভৱিষ্যতৰ সপোন ৰচিছিল ।সুখে -দুখে শুভংকৰ ছাঁ হৈ ৰৈছিল তাইৰ কাষত ।নিজানত নীৰৱে যাৰ কথাই মন্দিৰাৰ বুকুত টুকুৰিয়াইছিলহি সেয়া আছিল কেৱল শুভংকৰ ।ক্লাছৰ পৰা ৰূমলৈ অহাৰ পিছত ভাত -পানী খাই অকণমান জিৰণি লয় মানে সন্ধিয়াই হয় ।সন্ধিয়া শুভংকৰৰ সৈতে মন্দিৰা প্ৰায়ে ওলাই যায় ।কেতিয়াবা যদি পাণবজাৰ ..কেতিয়াবা গণেশগুৰি ফ্লাইঅভাৰ !কেতিয়াবা শুক্লেশ্বৰ ঘাট !লংকেশ্বৰ মন্দিৰৰ চিৰিত বহে কেতিয়াবা । মায়াই এদিন খোলাখুলিকৈয়ে সুধিছিল মন্দিৰাক-
:মন্দিৰা ,আৰ .ইউ .ইন এ ৰিলেশ্বনশ্বিপ উইথ শুভংকৰ ?
: নাইতো ..!কিয় সুধিলি?
: এনেকৈ ঘূৰি ফুৰ’ যে সদায় ?
: কিয় ..বেয়া দেখিছ’ ?
:নহয় ..তই ছোৱালী জনী অলপ বেলেগ ধৰণৰ । …পিছত তোৰ কষ্ট হয় যদি ?
মায়াই ক’ম বুলি ভৱা কথাষাৰ ক’ব নোৱাৰিলে মন্দিৰাক ।মন্দিৰাক ক’লেও জানো মানি ল’ব তাই ?আচলতে কথাটো জনাৰে পৰা শুভংকৰৰ ওপৰত মায়াৰ খং উঠি আছে ।পৰশে কোৱা মতে শুভংকৰৰ গাৰ্ল ফ্ৰেণ্ড আছেই ।কটনৰ প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰী বৰ্ণালীৰ লগত শুভংকৰৰ তিনি বছৰীয়া প্ৰেমৰ সম্পৰ্ক ।তেন্তে …মন্দিৰাৰ লগত এনে অভিনয় কিয় ?
মন্দিৰাৰ আজিকালি পঢ়াৰ লগত সংযোগ কমি আহিছে ‌।শুভংকৰৰ পৃথিৱীতে তাই বিচৰণ কৰি থাকে যেন ! শুভংকৰক লগ পোৱাৰ পিছৰ পৰা মন্দিৰাৰ জীৱনলৈ আচৰিত পৰিৱৰ্তন আহিল ।আকস্মিক ভাৱে অহা পৰিৱৰ্তন খিনি মন্দিৰাৰ বাহিৰে বাকী আটাইৰে চকুত পৰিল ।
: একেইতো আছোঁ ।ক’তনো সলনি হৈছোঁ ন’ মায়া ?”
মন্দিৰাই সোধে মায়াক ।
:তই সঁচাকৈ গম নাপাৱ মন্দিৰা ?বতাহত উৰিছা তুমি মাইনা …বতাহত ! তুমি চিধা চিধি চিৰিয়াচ ছোৱালী ।যি কৰা ভাৱি চিন্তি কৰিবা দেই ।মই হ’লে বৰ এটা ঠিক দেখা নাই ।শুনামতে শুভংকৰৰ…..
সিতো বহুত টেঙৰ হয় ।দেখাতে লাগে তাক ।প্ৰেমত পৰি যাতে পঢ়া শুনা নষ্ট নহয় ..চাবা আকৌ মাইনা ‌।
: মাইনা …চতুৰ হ’লেই জানো মানুহ বেয়া হয় ? বীৰবলো বুধিয়ক আছিল ।সেইবুলি জানো বীৰবল বেয়া আছিল ? কিবা এটা ভাল লাগে শুভংকৰক ।কিয় জানো ?
: আমাৰ বয়স হৈছে মন্দিৰা ।দুই তিনিবছৰৰ পিছত আমাৰো বিয়াৰ কথা ওলাব …। শুভংকৰ আৰু তোৰ সম্পৰ্ক ঘৰত মানি ল’বনে নলয় ,সেয়াও ভাৱিব লাগিব ।আমি ছোৱালী বোৰে বিয়া হৈ বেলেগ এখন ঘৰলৈ যাব লাগে ।গতিকে আমাৰ কাক ভাল লাগিছে সেইটোতকৈ আমাক কোনে ভাল পায় সেইটোহে বেছি ইমপ’ৰটেণ্ট আমাৰ বাবে ।আৰু ..মা -দেউতাকো সুখী কৰিব লাগিব ।নালাগিব জানো ?
আৰু কি কৈছিল ৰূমমেটে ? এই মূহুৰ্তত মায়াৰ কথাকেইষাৰেই মন্দিৰাৰ কাণত বাজি আছে ।
এদিন মন্দিৰাই শুভংকৰক সুধিছিল –
: আৰ উই জাষ্ট ফ্ৰেণ্ড শুভংকৰ ?
শুভংকৰে হাঁহি কৈছিল
: অফ কৰ্চ নহয় । মে বি ম’ৰ ডেন ফ্ৰেণ্ড ।
: তেন্তে….
শুভংকৰৰ ফোন বাজিছিল ।কথাটো আধাতে ৰৈ গৈছিল । মেঘালীৰ চাহকাপ ঠাণ্ডা হৈছিল ।ৰবীনদাক চাহৰ বিলটো দি কোবাকুবিকৈ মন্দিৰাক হোষ্টেলৰ আগত থৈ গৈছিলহি সি ।
: মন্দিৰা মাইনা ..সন্ধিয়া হ’ল ।উঠা ।
: মন ভাল লগা নাই মায়া ।এনেকুৱা কিয় হয় মোৰ লগত মায়া ? কিয় হয় ?
: তুমি ব-হু-ত ভাল মন্দিৰা ‌মাইনা । ভাল হ’ব তোমাৰ । বহুত ভাল হ’ব এদিন । আজি তোমাৰ মন বেয়া লাগিছে বুজিছোঁ ।কিন্তু কি জানা ..আচলতে এয়া ভালপোৱা নাছিলেই ।It was just an attachment. জীৱনত আগুৱাই যাবলৈ হ’লে কিছুমান ফাল্টু আৱেগ বাদ দিব লাগিব বুজিলি । নহ’লে “ইম’চনেল ফুল ” বনিবি অকল বাৰে বাৰে । জীৱনটো ইমান সহজ নহয় ।এয়া হাৰি গৈছোঁ বুলি নাভাবিবি আকৌ।মনত ৰাখিবি মানুহে জিকিবলৈহে হাৰে কিন্তু।শুনি আছ’তো মোৰ কথা …এই মন্দিৰা ?
মায়াই জোৰ কৰি মন্দিৰাক হাতত ধৰি টানি উঠাই দিলে ।এই সৰো এই নসৰোকৈ থকা চকুপানী দুটোপাল মায়াৰ হাততে সৰি পৰিল ।
: অ’ই কান্দুৰী …আৰ চি.চি ফ’ৰত গংগা যমুনা বোৱাবি নেকি অ’ই তই ?এনেয়ে বাহিৰত বৰষুণ …
মায়াই জোঁকালে মন্দিৰাক ।মন্দিৰাই হাঁহিলে ।টেবুলৰ একোণত পাতি লোৱা থাপনাখনত থকা শ্ৰীকৃষ্ণৰ মূৰ্তি টোৰ ওচৰত বহুদিনতে থৈ দিয়া মৰহা বকুলৰ মালা ধাৰিলৈ মন্দিৰাৰ চকু গ’ল । মন্দিৰাৰ কাণত বাজি থাকিল ….ফুল হৈ নুফুলিবা কেতিয়াও ।ফুল হৈ ফুলিলে দুখ পাবা …কেৱল দুখ ‌!

……✍চিমি কোঁৱৰ….

……আলোচনী বিভাগৰ সম্পাদক গুৱাহাটী বিশ্ববিদ্যালয় ২০১৬-১৭……

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *