মাতৃত্বৰ স্নেহৰ পৰা বঞ্চিত নিলাক্ষীৰ কথাৰে …..ভাস্কৰ ৰাজবংশী…..
সেইদিনা ব’হাগ মাহৰ ২৪ তাৰিখ, বুদ্ধ পূৰ্ণিমা ; লকডাউন চলি থকা বাবে চলিহা এপাৰ্টমেন্টৰ আয়কৰ বিভাগৰ কৰ্মচাৰী নীল শইকীয়া আৰু তেওঁৰ গৰ্ভাৱতী (এমহীয়া ভ্ৰুণ) পত্নী নিলাক্ষী শইকীয়াই ঘৰতে আছিল । পুৱাৰে পৰা মদৰ নিচাত মাতাল হৈ থকা নীল শইকীয়াক উদ্দেশ্যি নিলাক্ষীয়ে কলে- গাঁৱত থকা হলে মা-দেউতাই আজি বুদ্ধ পূৰ্ণিমা বুলি নামঘৰত চাকি-বন্তি জ্বলাই শৰাইখন আগবঢ়ালে হয় । এতিয়া, আমি ইয়াত আছো আৰু মোৰো এনেকুৱা এটা অৱস্থাত একো কৰিব পৰা নাই । আপুনিয়েই নহ’লে শৰ্মাৰ দোকানলৈ গৈ নৈবদ্যৰ যোগাৰ খিনি কৰি লয়
নাহে কিয়, গধূলি হবৰে হ’ল । কিন্তু, নীলে নীলাক্ষীৰ কথাত একো গুৰুত্ব নিদিলে, তাকে দেখি নিলাক্ষীয়ে এইবাৰ অলপ খঙেৰে কোৱাত, নীলে বহি থকা ছোফাখনৰ পৰা একেজাপে আহি নিলাক্ষীৰ চুলিকোছাত খামুচি ধৰিলে । মদ্যপানৰ নিচাত মগ্ন হৈ নীলে নিলাক্ষীক অকথ্য ভাষাৰে গালি পাৰিলে আৰু গাত হাত তুলিবলৈয়ো উঠি পৰিল । দুখ আৰু বেজাৰত অতিষ্ঠ হৈ নিলাক্ষীয়ে নীলক ঠেলা মাৰি যাব চেষ্টা কৰাত তাই চিটিকি পৰিল আৰু সেই সুযোগতে নীলে তাইক শাৰীৰিক অত্যাচাৰ আৰম্ভ কৰিবলৈ ধৰিলে, নীলৰ অত্যাচাৰ বাঢ়ি গৈ উৰ্ধত উঠিল । কিছু সময় পিছত নিলাক্ষীয়ে পেটৰ বিষত থাকিব নোৱাৰি এটা বিকত চিঞৰ মাৰি লেবেজান হৈ মজিয়াত শুই পৰিল আৰু গোটেই কোঠাটোতে বৈ গল কেঁচা তেজৰ নৈ আৰু বিয়পি পৰিল কিছু কেঁচা মঙহৰ টুকুৰা…। সেইবোৰ দেখি ক্ৰমে নীলৰ নিচা নোহোৱা হৈ পৰিল আৰু মূৰত হাত থৈ কান্দিব ধৰিলে । নীলৰ কান্দোন শুনি এপাৰ্টমেন্টত হুৱা দুৱাৰ পৰিস্থিতিৰ সৃষ্টি হ’ল । এনেতে, এপাৰ্টমেন্টৰ নিবাসী বৰুৱাই পুলিচক ফোন কৰাত, চাইৰেন বজাই পুলিচৰ গাড়ীখন আহিল আৰু নীলক লয় গুছি গল ।
ভাস্কৰ ৰাজবংশী
গুৱাহাটী বিশ্ববিদ্যালয়