….ছন্দামিতা ঠাকুৰীয়া…
….শোনিতপুৰ….
শূন্য পদপথত অৱসাদৰ ইমান কৰুণ সুৰ
ক’ত লুকুৱাই থওঁ
নিশাহত সৰি পৰা বিবৰ্ণ গধূলিৰ হুমুনিয়াহ !
একোৱেই আৰু আগৰ দৰে হৈ থকা নাই
জহি যোৱা পেৰাত বান্ধ খাই
কোন সদাগৰৰ স’তে গুচি গৈছে আত্মোপম স্বপ্নবিলাস৷
এই চহৰত আৰু কোনো নাই
হেৰুৱাই পেলোৱাৰ ভয়ত সেয়ে
চোতালৰ কামিনী-কাঞ্চনজোপাকো গিলি থ’বলৈ মন যায় ৷
ক’ত অচেতন হৈ পৰি আছিলোঁ অ’তদিনে !
সাৰ পোৱাৰ পিছত- এটা চাংঘৰ
এটা সৰিয়হবুলীয়া সপোন৷
শান্ত নৈখনত শিলগুটি দলিয়াই অসংলগ্ন কৰি দিবলৈ সহজ৷
সহজ, শুই পৰা পৃথিৱীৰ স’তে
পুনৰ এখন বেনামী যুদ্ধৰ কুচকাৱাজ
মাজনিশা বাকি দিলোঁ,
দুপিয়লা ভগ্ন হৃদয়ৰ বিগলিত তৃষ্ণা
এঢোক এঢোককৈ এপিয়লা পি
ৰৈ থাকিলোঁ
ৰৈ থাকিলোঁ
আনপিয়লা??
খুউব সুন্দৰ কবিতা ।