….ড˚ চিত্তৰঞ্জন দাস….
লিওনাৰ্ডো দা ভিন্সিক লগ পাই হতবাক হ’লোঁ
তেৱোঁ থৰ চকুৰে চাই ক’লে
তেওঁনো কেতিয়া ক’লে মনালিছাই হাঁহিছিল বুলি
চকুৰ কোণ হালধীয়া সেই সন্তান সম্ভবা নাৰী অতি অভিনয়পটু
ঢাকি থলে অশ্ৰু
চকুৰ কাজল ওঁঠৰ কম্পন মিহলাই
ছটিয়ালে কৃত্রিম চমকনি
সেয়া কি হাঁহি
দেৱদূত এটি তেওঁকে আধাৰ কৰি
কাহানিবা আহিব নামি, ঠাই ক’ত তাৰ
আমাৰ সেই একেখনি ছবি ‘অন্তিম আহাৰ’
তোমাৰ জিঘাংসাৰ জুইয়ে দহি নিছে মোক
যীশুৰ কথাষাৰ
নক্ষত্রৰ দ্যুতি যেন আলফুল এচমকা হাঁহি
সুগন্ধি ফুলৰ দৰে নিয়ত বিনীত যি
কাৰ ওঁঠত থওঁ বুকুত বিচাৰোঁ কাৰ
মানৱতাৰ সুৱৰ্ণকান্তি সাতসৰী হাৰ