…..মনোৰঞ্জন দত্ত….
….Research Scholar….
Department of Bioengineering & Technology
…..Gauhati University….
কৃষ্ণচূড়া দেশৰ কথা…..
ছন্দময় আকাশৰ তলসৰা কথা |
; শুনিবা ???
এজাক চিঞৰ – এটোপোলা কথা (?)
পুৱালি পুৱাতে,
দিনটোৰ কামবোৰ এহাতে থৈ
ব্যস্ততাৰ চাকনৈয়াৰ অজুহাত লৈ,
এই চহৰৰ বুকুৱেদি
এখোজ – দুখোজ ??
নীৰৱ শীতল আৱেলিতে,
উশাহ সৰা -নসৰা সময়বোৰ আনহাতে থৈ
জীৱন গ্ৰাফৰ নিয়ম-মাফিক আওতাত লৈ,
চিনাকী চহৰত পাৰ হয় –
জীপাল গধূলিটো ?
সপোন খেদা দিনৰ কথা
জীৱনৰ অংকবোৰৰ কথা |
; শুনিৱা ???
এজাক হাঁহিত
শান্তদিনবোৰ সিক্ত হয়.
প্ৰখৰ ৰ’দ আকৌ স্মান হয়
প্ৰাণচ্ছোল শব্দবোৰ হেৰায় যায়…
যেন,
এই চহৰৰ বুকুৱেদি
এখোজ – দুখোজ …
সোণাৰুৰ হাঁহিত
আকৌ
কৃষ্ণচূড়া ফুলিব….
জোনাকীৰ পাতে পোহৰে
আকৌ
এজাৰ ফুল সৰিব….
ফাগুনৰ বুকুচাত.
সৰাপাতৰৰ ভাঁজে ভাঁজে
আকৌ
বসন্ত আহিব….
হেৰাই যাম আমি সকলোৱে,
সেউজীয়াৰ অলিয়ে গলিয়ে ..
যেন,
এই চহৰৰ বুকুয়েদি
এখোজ – দুখোজ | |
অতি সুন্দৰ| সৃষ্টিৰ ধাৰা অক্ষুণ্ন ৰাখা
Sure…..Dhnyobad jonalu