কথাৰ কথা

…..হিমাক্ষী বৰা……সাহিত্য সম্পাদক(২০১৭-১৮)…. গুৱাহাটী বিশ্ববিদ্যালয়…..

পাগলী জনীয়ে গোটেই ৰাতি বৰষুণৰ বন্দনা কৰি থাকিল, আৰু শেষ ৰাতি জোনৰ বিষাদত ডুব গ’ল চহৰ খন ।
যুদ্ধৰ কুজকাৱাজবোৰে প্ৰাচীন ইতিহাসৰ দৰে গোন্ধোৱা বাটটোৰ মাটিবোৰ দুফাল কৰি ফালিছিল,
বাটটোৰ বিশেষত্ব নাছিল তেনেকৈ
কেৱল ঢলপুৱাতে শালিকী দুটা জীয়াইছিলহি আৰু সৰাপাতৰ বিষন্ন আবেলি এটা হেঁপাহৰ সুহুৰি হৈ ভটিয়াইছিল বাটটোৰে

কথাখিনি ইমানতে শেষ হ’ল হয়
যদিহে চাংঘৰ এটাৰ উমাল ৰাতি এটা, শেষ ৰাতিৰ সেমেকা গাৰুটো হালধীয়া পেইন্টিং খনলৈ উজাই গ’ল হয় হঠাতে।

ৰঙবোৰো ৰঙীন নহয় সদায়, যদি পোহৰ নপৰে তাত

জুখি জুখি বাঢ়িব খোজা জোন এটাৰ যেতিয়া যৌৱনৰ স্পৰ্শৰে পূৰ্ণতা প্ৰদান কৰা হয়,
যেতিয়া খোলাৰ ভিতৰৰ জোনাকবোৰে বাহিৰৰ পৃথিৱীত মুখ থেকেচা খাই,
তেতিয়াই জোনাকবোৰক গিলি পেলাই এন্ধাৰে ।

এদিন ককা দেউতাৰ কলংপৰীয়া সাধু এটা চুলি মেলি বহি থাকে বৰপেৰা এটাৰ ভিতৰত
আইতাই অস্থিৰ এমুখেৰে পেৰাটো খোলে সন্ধিয়া
প্ৰাপ্তি অলপ মুখত সানি পাছদিনা গোঁসাই ঘৰত চাঁকি এগছি জ্বলাই
কৰবাত নামহীন বতাহে পোহৰ এমুঠি আকাশলৈকে বিয়পায়
(ককাদেউতাই তাৰ পৰা শোতোৰা হাত এখনৰ হাতত বিশ্বাস এমুঠি থাপি দিয়ে হেনো তাতেই)

সকলো মানুহৰ এদিন প্ৰেমৰ বাবেই মৃত্যু হ’ব
প্ৰেম মানেই যে যুগৰ শূন্যতা, বন্ধ বিষাদ
হৃদয়খন আলফুলে ৰখাটোৱেই ডাঙৰ সমস্যা,
চুই দিলেই যেন খহি পৰে সকলো কংক্ৰিট অহংকাৰ

ৰান্ধনী বেলিটোৱে ইবোৰ ভাবিয়ে পাতল দিন বোৰক সাবতি থাকে অহৰহ
অথচ অবোধ জোনে ভিক্ষাৰ জোলোঙা পাতে বেলিক

পোহৰৰ প্ৰাৰ্থনাৰে কৰুণ হয় সময় মুখামুখি সময়

মৰা হৃদয়ত পোহৰ অলপ পৰাৰ আগতেই অমাবস্যাৰ এন্ধাৰবোৰে স্তব্ধ কৰে কাতৰ উশাহ

এনেতে ক’ৰবাত কাঁহৰ কাঁহী এখন পৰে অসাৱধানতাত শব্দটো মাৰ নোযোৱালৈকে অসংলগ্ন ভাববোৰত মানুহপোৰা মানুহপোৰা গোন্ধাই
ৰ’দে বৰষুণে একেলগে ৰাতি জুৰাই

আপুনি মোক চৰাই হবলৈ ক’লে
মই কলো বুকুৰ আকাশখন দিয়ক
পাখিদুখন মেলি চাও, গুনগুনাও
আকাশখনে আৱৰি লওক সমস্ত শূন্যতা

আপোনালোকক কথা এটা কও
সেই পাখিকটা চৰাইজনীয়ে কথা ক’লে নতুন পৃথিৱী এখনৰ জন্ম হ’ব
ৰ’দৰ পৃথিৱী
শেষ হ’ব কটা ডেউকাৰ এলান্ধুকলীয়া ভাগৰ

Share কৰক:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *