…..ৰুণজুন বৰুৱা…..
“হোঁ এইকণ , তেনেই সৰু ফিছা ডোখৰ লৈছ’ তই।”
বকুলি বুঢ়ীয়ে ডাঙৰ বোৱাৰীয়েকৰ কাঁহীত নিজৰে ভাগৰ পেটৰ মাছ টুকুৰাৰ পৰা আধা ভাঙি দি দিয়ে।
কাঞ্চনৰ চকুহাল সেমেকি আহে ।কিন্তু তাহানিতে চকুহাল সেমেকাৰ সমান্তৰাল ভাৱে তাইৰ বুকুখন ওজন নহয় আজিকালি। বৰঞ্চ আপোন আপোন সুবাস এটাই মেৰিয়ায় লৈহি তাইক।
কাঞ্চনে খাই ভালপোৱা মটৰমাহৰ শুকান ভাঁজিখন চুবাবলৈ টান হোৱাৰ অজুহাতত, গাখীৰ বেছিকৈ খালে পেটত ধৰাৰ অজুহাতত কাঞ্চনৰ ভাগলৈ ঠেলি দিয়াটো কাঞ্চনৰ শাহুয়েকৰ এতিয়া এটা অভ্যাস বুলিব পাৰি।
প্ৰথমে কাঞ্চন আচৰিত হৈছিল,
“এই মানুহজনীয়ে মোক নিজৰ ভাগৰে খুৱাইছে?”
হয় হয় সেই মানুহজনীয়ে এই মানুহজনী।
অথচ এই মানুহজনীয়েই মাছৰ খাৰ ৰান্ধিলে ঘৰৰ সৱকে এবাটি আঞ্জা দিয়াৰ বিপৰীতে দুজনী দৰিকনা মাছ আৰু জোলৰে ডেলিভাৰী অৱস্থাটো কাঞ্চনক ভাত দিছিল এসময়ত।
কিন্তু সেই বকুলি যে এই বকুলি নহয়। এই বকুলি মমতাৰ মূৰ্ত্তি।
এতিয়া তাইয়ো অভ্যস্ত হৈ পৰিছে মৰমিয়াল বকুলি জনীৰ সৈতে।ভাগৰ মাছ টুকুৰাৰ পৰা অলপমান, কণীটো গোটা ভাজি কৰি দিলে তাৰে অকণমান , নিজৰ ভাগৰ পৰা কাঞ্চনক দিয়াটো বকুলিৰ এতিয়া ভাতৰ পাতত বহিলে নৈমিত্তিক কাম। সৰুতে কাঞ্চনক বাপেকটোৱে তেনেকৈ নিজৰ ভাগৰ খুৱাইছিল মনত পৰে তাইৰ।
সময়ৰ দুৰন্ত গতিত এতিয়া বয়সৰ হিচাপত পঞ্চাশৰ দেওনা গৰকা ডাঙৰ বোৱাৰীয়েকজনী বকুলিৰ আঁচলৰ ধন। অথচ এই কাঞ্চনকেই ভিকহুৰ জাত বুলিছিল তেওঁ।বকুলিয়ে কাঞ্চনক গালি দিয়া সময়ত বাৰম্বাৰ আজুৰি আনিছিল কাঞ্চনৰ মাকৰ ঘৰখনক ।
মাহেকীয়া দিন কেইটাত এসাঁজ ভাতেৰেই দিন নিয়াইছিল কাঞ্চনে।
“তইনো আমাৰ কি কাম ক’ৰ?”
খোজে প্ৰতি এইটো কথা শুনিছিল কাঞ্চনে বংশীৰ ঘৰলৈ অহা দিন ধৰি।
“কাম বন নকৰে তাই, দিনৰ দিনটো ৰুমটোতে সুমাই থাকে তোৰ ঘৈণীয়েৰে। “
হালৰ পৰা অহা পুতেকক কথা লগাইছিল বকুলিয়ে মিছাকৈয়ে আৰু তেওঁ আশা কৰাৰ দৰেই হালোৱা এছাৰীৰ কোববোৰে কাঞ্চনৰ দেহত স্বাক্ষৰ দিছিল। প্ৰেমত পৰি বংশীধৰৰ লগত পলাই অহাৰ উপহাৰ আছিল সেইয়া।
সময় আগুৱাইছিল কিন্তু প্ৰেমিক বংশীৰ সৈতে সপোনৰ সংসাৰখনহে আশা অনুৰূপ হৈ নুঠিছিল কাঞ্চনৰ আৰু গুৰিতেই আছিল তাইৰ শাহুয়েক বকুলি। তোৰ ঘৈণীয়েৰে মোক চাহ এটুপাল নিদিয়ে, তোৰ ঘৈণীয়েৰে আমাক আপদ বুলি ভাবে চাগৈ বুজিছ, আজি বাপেৰক জলপান দিওঁতে মিঠৈ নিদিলেই ।
কাঞ্চনৰ ভুল ধৰি লগোৱা জোযোৱা কৰিবলৈ বিষয় বস্তু শেষ নহৈছিল বকুলিৰ। এখন ভৰা ঘৰৰ আজ মৰাৰ লগতে, এগোহালি গৰু ছাগলী , এগৰাল হাঁহ ,ৰোৱা তোলা কৰিবলৈ যোৱা সকলো সামৰি নিওঁতে কাঞ্চনৰ ৰৈ যোৱা কামৰ বাবে বিচাৰ দিছিল বংশীক শাহুয়েকে । মাকৰ বাধ্য পুত্ৰই বিবেচনা কৰিবলৈ নৰৈছিল ;বংশী এটা নিষ্ঠুৰ অমানুহ হৈ পৰিছিল তেতিয়া।হাতৰ ওচৰত পোৱা ওখনটো, দাখন, ফলা খৰি ফাল, সেইয়াই হাতত লাগি আহিছিল তাৰ, তাৰ পাহুৱাল হাতৰে পিটি গুৰুলা গুৰুল কৰিছিল কাঞ্চনক, তাৰ মাক দেউতাকক অৱহেলা কৰাৰ শাস্তি দিছিলন সি তাইক, কাঞ্চন তাৰ ভালপোৱা হৈ থকা নাছিল তেতিয়ালৈ, তাই মাত্ৰ বোৱাৰী হৈ পৰিছিল তাৰ দৃষ্টিৰে। মাৰত দেডাউৰী পাৰি চিঞৰিছিল কাঞ্চনে। সৰু দেওৰেকটো উধাতু খাই আহি লেবেজান হোৱা নবৌয়েক জনীক তুলি নিছিল। নাকে মুখে বৈ পৰা তেজবোৰ গামোচা ফালি মোহাৰি দিছিল সিয়ে। পৰ্দাৰ আঁৰৰ পৰা দেউতাক নামৰ পিশাচটোৰ আয়ুস শেষ কৰি ভগৱানে লৈ যাওক বুলি এবুকু ঘৃণাৰে বংশীলৈ চাই ৰৈছিল কাঞ্চনৰ জীয়াই থকাৰ কাৰণ তাইৰ জীও জনীয়ে।অকণমানি সোণপাহি জনীয়ে আইতাকৰ বিচাৰ ভগৱানে সোনকালে কৰক বুলি চকুযোৰ মুদি অদৃশ্য জনলৈ প্ৰাৰ্থনা কৰিছিল ।
কান্দি কান্দি বিছনাত পৰি বিষত কেকাই থকা কাঞ্চনৰ ওচৰলৈ সোণপাহি যোৱা নাছিল। নহয় নহয় তাই যাবলৈ সাহস গোটাব পৰা নাছিল।সোণপাহিৰ সৰু খুড়াকে টিউচনৰ পৰা পোৱা টকাৰেই বিষৰ মলম, দৰৱ আনি হাতত তুলি দি তাইক পঠিয়াই দিছিল কাঞ্চনৰ ওচৰলৈ। অকনি অকনি আঙুলি বোৰেৰে মাকৰ পিঠিৰ ,কলাফুলৰ তেজ মৰি কলা পৰি থকা ঠাইবোৰত মলম লগাই দিছিল সোণপাহীয়ে। মাকক মাতিছিল তাই, বলা কিবা এটা খাই লবা, নাই মাকে একো কোৱা নাছিল ,কলিজাটো কঁপি গৈছিল সোণপাহিৰ! মায়ে কিয় মতা নাই? অকণমানি হাতখন মাকৰ নাকৰ আগত ৰাখিছিল তাই, বুজাইছিল নিজকে তাই ,নাই নাই মায়ে বিষতহে মাত মাতিব পৰা নাই,মা ভালে আছে।
যোৰ কৰি পানী গিলাচ আগুৱাই দি সোণপাহিয়ে মাকক দৰৱ এটা খুৱাই দি চুমা এটা আঁকি দিছিল।
“মা ,মই ডাঙৰ হলে ভাল মানুহ হ’ম আৰু সব বেয়া মানুহৰ পৰা মই তোমাক আতঁৰলৈ লৈ যাম।”
মাকক কথা দিছিল সোণপাহিয়ে।
তাইক বুকুত সাৱটি ধৰি আকৌ এসোঁতা কান্দিছিল কাঞ্চনে ,
“তোক জন্ম দিয়ে ভুল হল , তই নথকা হলে যে মই আঁতৰি গলো হয় কেতিয়াবাই ।”
সোণপাহিৰ অকণমানি কলিজাটোয়ে কি বুজিছিল জানো, তাই তেতিয়া কিন্তু মাকৰ দৰে কন্দা নাছিল। মাথোঁ কথা দিছিল মাকক
“মা মই ভাল হ’ম তুমি নাকান্দিবা।”
বাপেকৰ গল খেকাৰী শুনি তাই আঁতৰি আহিছিল মাকৰ কাষৰ পৰা।
ৰাতিপুৱা লৈ মাকৰ চকুৰ গুৰিত ডিঙিত নতুনকৈ কলা কলা দাগ দেখিবলৈ পাইছিল সোণপাহিয়ে।অলপ ডাঙৰ হৈহে তাই বুজিছিল ৰাতিৰ ভাত সাজ তাইৰ মাকে নবনাই ককাক আইতাকে বনাব লগা হোৱাৰ বাবে বাপেকে মাকক সেইয়া উপহাৰ দিছিল।
সেই বিষবোৰেই ব্যাধি ৰূপ লৈ বাহ সাজিছিল কাঞ্চনৰ দেহত ।ত্ৰিশ বছৰ বয়সতে মাজে মাজে বিষত বিছনাৰ পৰা নামিব নোৱাৰা মাকক উদ্দেশ্যি তেতিয়া সোণপাহিৰ আইতাক ককাক হালে ঘৰলৈ অহা মানুহৰ আগত কৈছিল ,”ভেকচন কৰে খুব কাঞ্চনে আজি কালি, বিষ বুলিয়ে বিছনাত পৰি থাকে, কাম কৰিবলৈ ভয়।”
অথচ ,সোণপাহি আৰু তাইৰ প্ৰেমিক স্বামী অজাতিৰ লৰাটোৱে কাঞ্চনক একেবাৰে লগত নিবলৈ আহোঁতে বুকু ভুকুৱাই কান্দিছিল বকুলি বুঢ়ীয়ে,
“নিনিবি ঐ তই মাৰক লগত, আমি কেনেকৈ থাকিম”
নাই আইতাকৰ কথাত গুৰুত্ব দিয়া নাছিল সোণপাহিয়ে, মাকৰ অত্যাৱশ্যকীয় কেইপদ খৰ হাতেৰে বান্ধিছিল তাই।
চুচুক চামাককৈ বংশীয়ে জীয়েকৰ ওচৰত ৰৈ খুব লাহেকৈ কৈছিল,
“পাহি তই মাৰক লৈ গলে মই বৰ অকলশৰীয়া হৈ পৰিম অ’…….”
তাই তেতিয়াও দেউতাকৰ কাতৰ অনুৰোধটোৰ আঁৰত এজন স্বাৰ্থপৰ পুৰুষ দেখিছিল।
নাই নাই মাকক তাই কথা দিছিল। তাই সেইয়া সম্পূৰ্ণ কৰিব,স্থিৰ কৰিছিল সোণপাহিয়ে।
কিন্তু তাই থমকি ৰৈছিল, মাকৰ কথাত
“সোণ বাপেৰক এৰি মই কেনেকৈ যাওঁ, বৰ ভালপাওঁ তেওঁক। তাতে মই নহলে চলিবও নোৱাৰিব নহয় বাপেৰ আৰু আইতাৰে।”
মই পইচা পঠাই থাকিম, ভালে থাকিবা বুলি সোণপাহি গুচি গৈছিল গিৰীয়েকৰ সৈতে।
বকুলি বুঢ়ী উঠি গৈ গোঁসাই ঘৰৰ চাকি গছ ঠিক কৰিছিল গৈ। থাকক থাকক নাতিজনী ভালে থাকক,মাথোঁ তাই মাকক লৈ নাযাওঁক, কাঞ্চনক আমৃত্যু কাষত পোৱাৰ প্ৰাৰ্থনা কৰিছিল বকুলিয়ে। কাৰণ কণাৰ লাখুটি যে কাঞ্চনহে কেৱল বকুলিয়ে ভালকৈয়ে বুজে। মহাকাশ বিজ্ঞানী হোৱা সৰু পুতেক বোৱাৰীয়েক এতিয়া শ যোজন আঁতৰত। থকাত মাজু পুতেক বোৱাৰীয়েক নথকা নহয় বকুলি বুঢ়ীৰ, কিন্তু বকুলি বুঢ়ীৰ মাজু বোৱাৰীয়েকৰ ঘৰত নাথাকে গৈ এবাৰেই সোৱাদ পাই ঠিছে বকুলিয়ে।
সোণপাহিৰ বিয়াৰ এমাহ নৌহওতেই তাইৰ ককাকে চকু মুদা বাবে মাক তাইৰ ঘৰত থকাকৈ যোৱাই নাছিল। দীঘলীয়াকৈ থাকিব যাব কাঞ্চন জীয়েকৰ ঘৰলৈ, সেয়ে বকুলিক কেইদিন মানৰ বাবে মাজু পুতেকৰ ঘৰত থৈছিল গৈ।দুদিন বুঢ়ীক ভাত তামোল যোগান ধৰি আমোৱাইছিল মাজু বোৱাৰীয়েকৰ। কাণ গধুৰ বুঢ়ীয়ে নুশুনে বুলি ডাঙৰ ডাঙৰ কৈ আলোচনা কৰি থকা পুতেক বোৱাৰীয়েকৰ কথা শুনিছিল বকুলিয়ে, পিছদিনাই মাজু পুতেকক কুতুৰিছিল বুঢ়ীয়ে মোক গাওঁত থৈ আহ গৈ বলচোন মাজু পোনা , ডাঙৰ পোনা অকলে আছে মোৰ ভাল লগা নাই। ভালেই পাইছিল সিহঁতে।
থৈ গৈছিলহি বুঢ়ীক ককায়েকৰ সৈতে, বংশীয়ে গোটাই দিয়া কঁঠাল, নেমু , চাউল ,দৈ টেকেলীটো গাড়ীত তুলি মাজু পুতেক আঁতৰি যোৱাৰ পিছতে ডাঙৰ পুতেকৰ আগত খুলি কৈছিল বকুলিয়ে কথাবোৰ।
ডাঙৰ পোনা অ’, মাজু পোনা মই মৰালৈহে বাট চাই আছে অ’….মই মৰিলেই হেনো সিহঁতৰ মাটিৰ ভাগটো বেছি কিবা বোলে ফ্লেট কিনিব। আৰু বোৱাৰীয়ে কি কৈছিল জান, মই বোলে আপদ, ৰুটি খাব নোৱাৰো যে দাঁত নথকাত জলপান কেইটা সিজাই দিবলৈ বৰ কষ্ট হয় হেনো তাইৰ।”
বুঢ়ীয়ে নীলা পাৰি থকা চাঁদৰৰ আঁচলটোৰে চকুহাল হেঁচি ধৰিছিল।
ডাঙৰ পোনাই মাকৰ পিঠিখন মোহাৰি মোহাৰি মুক হৈ বহি আছিল কিনো কব সি, তাৰ যে নিজৰে ভাষাৰ আকাল ।
বকুলিয়ে গহীনে কৈ গৈছিল, “মোক কাঞ্চনে কেতিয়াও আপদ বুলি কোৱা নাছিল ডাঙৰ পোনা , মই তাইক ভাল নাপাইছিলোঁ, খুব ঘিণ ভাব আছিল তাইলৈ, তোলৈ পলাই অহা বাবেই চাগে। সেয়ে তাইক মাৰ খুৱাই ভাল লাগিছিল মোৰ।”
ব্ৰজ পৰা মানুহ হৈ বহি থাকিছিল বংশী বহু দেৰি। বিষত লেকেচিয়াই খোজ কঢ়া, বুকুৰ বিষত ৰাতি শুব নোৱাৰা কাঞ্চনজনী তাৰ চকুৰ আগত ভাঁহি উঠিছিল তেতিয়া। ৰাতিৰ আন্ধাৰতে সি তাইক ডিঙি চেপি ধৰোঁতেই কৰবাত লাগি বুকুৰ হাড় এডাল ভাঙিছিল কাঞ্চনৰ, সোণপাহিয়ে চাকৰি পায়েই প্ৰথম মাকৰ সেই হাড়ডালৰ অপাৰেচন কৰোৱাইছিল। বংশীৰ মনত নথকা নহয় কথাবোৰ।
অলপ দিন থকাকৈ যোৱা কাঞ্চনে বকুলি বুঢ়ী ঘৰলৈ গুচি আহিল বুলি শুনাৰ পিছতে উৎপাত কৰিছিল ঘৰলৈ উভতি আহিবলৈ।জোঁৱাইটোৱে পিছদিনাই থৈ গৈছিলহি কাঞ্চনক। ব্যস্ত থকাৰ বাবে পদূলিৰ পৰাই ঘূৰিছিল সোণপাহিৰ গিৰিয়েক। ট্ৰলি বেগটো চোঁচৰাই কাঞ্চন ঘৰলৈ সুমাই অহা সময়তে বকুলি বুঢ়ী ধূনাৰ মলাতোলৈ ওলাই আহিছিল। কাঞ্চনক দেখি বুঢ়ী বাৰাণ্ডাতে বহি পৰিছিল, কাঞ্চনৰ হাতত ধৰি কান্দি উঠিছিল বকুলিয়ে। একো নোকোৱাকৈ বুজি উঠিছিল কাঞ্চনে বহু কথা,তাই মাথোঁ কৈছিল,
“সোণক বিয়া দিব পাৰিলেই সব এৰি যাম গৈ বুলি যে কওঁ, সেইয়া মই খংতহে কওঁ, আপোনাক আৰু সোণৰ দেউতাকক এৰি মইনো কলৈ যাম….”
বংশীয়ে সেমেনা সেমেনকৈ কাষতে ৰৈ আছিল তেতিয়া আৰু বকুলিয়ে ডাঙৰ বোৱাৰীয়েকক বুকুত সুমুৱাই লৈছিল ।
গোঁসাই ঘৰৰ পিৰালিতে থকা কামিনী কাঞ্চন জোপাৰ সুবাসৰ সৈতে ধূনাৰ সুবাস মিহলি হৈ অপূৰ্ব হৈ উঠিছিল সন্ধিয়াটো। আন্ধাৰৰ সৈতে মিলি গৈছিল পুৰণি বকুলি বুঢ়ী।