……ড˚ চিত্তৰঞ্জন দাস…….
জোন নোচোৱাৰ বা চাবলৈ নোপোৱাৰ যন্ত্রনাই আমাৰ মালিতাৰ
সক্ষিপ্ত সাৰ কথা
সূৰ্যৰ সোণকণাৰ সলনি
ভাল পালা তুমি
জোনাকৰ চাদৰত নিৰ্জনতাৰ খলকনি
তুমি সপোনৰ দেশৰ আদিম অধিবাসী
বস্তুৰ ব্যস্ততাত
হেৰুৱালো হয়তোবা আলফুল ভূমিৰ খোপনি
নক্ষত্রৰ আখৰ পঢ়ি গম পালো
জোন হেৰুৱাৰ কাহিনী
দুদন্তৰ শান্তিৰ জিৰণি
ৰ’দ ভাল পাই ভাল পালা জোনাকৰ উমনি
মায়াময় ৰাতিৰ কোলাত শুই থাকে বৃক্ষৰ সেউজীয়া
কাণৰ কাষত তুমিনে জোনাক সেয়া
অস্ফুট গান যেন কথা
দিন যেন ৰাতি সংগোপন সন্তৰ্পন খোজ অথচ মুকলি
উশাহৰ স’তেও যেন সম্পৰ্ক নাছিল
পৰিপূৰ্ণ শিল্পৰ ৰূপত
স্থিৰ হৈ ৰৈ আছিল
সুবাসিত ৰাতিৰ শৰীৰ
ৰেলৰ আলিৰ সমান্তৰাল সিপাৰত
স্থৱিৰ হৈ ৰৈ আছে কোন
হাতৰ অৱশত যাৰ স্বৰ্ণ নিৰ্মিত
বেটাৰীবিহীন ঘড়ী
দুয়ো একেলগে জোন চোৱা নাই
বহুদিন
বহুকাল ধৰি