……✍তৰালী ডেকা…..
আউলবোৰ যে লাগে ওলাই আহিব নোৱাৰাকৈ !দিন ৰাতি বোৰ পাৰ হয় নতুন সৃষ্টি বিচাৰি অথবা নতুন বাট বিছাৰি।কোনো সুৰক্ষিত ছাঁ ত লুকাই বটবৃক্ষ হোৱাৰ প্ৰস্তুতি চলে।সামৰণি নহয় একোতে।হেৰোৱা অস্তিত্ব বিছাৰি বনৰীয়া হয় মন।নিজক সামৰি ৰখাটো বৰ টান ।বাৰে বাৰে মনলৈ আহে কোনো প্ৰিয় ফিল্মৰ বিখ্যাত ডায়লগ অথবা মাজনিশাবোৰ পাৰ হয় কোনো ৰিলেতেবল গানৰ প্লেলিষ্টৰ মাজত।আধা হৈ থকা আশাবোৰে ৰিঙিয়ায়।এডজাস্টমেণ্ট শব্দটোত নিজক লুকাই ৰখা আজিবোৰে সোধে মনৰ বতৰা।মুখাখনত নিজক ঢাকি ৰখাৰ প্ৰচেষ্টা বোৰ বাৰে বাৰে বিফল হয়।
জীৱন জটিলনে!!!
উত্তৰবিহীন।
কিন্তু এই এডজাস্টমেণ্টবোৰ বৰ জটিল।
পাকলগা!
তাৰ মাজতে কোনো এটা চুকত নিজস্বতাই উশাহ ল’ব বাট খেপিয়ায় দায়িত্ববোধৰ পৰা আলঙে আলঙে।
শেষ হৈ নাহে হাবিয়াসবোৰ ।
খোজৰ চিনবোৰ ক’ত ৰৈ গ’ল বিচৰা নাযায় ।
কিন্তু কিছুমান নতুন খোজ অঁকাৰ আকাংক্ষাত দিন ৰাতিবোৰ ডুবি ৰয়।