….হেমন্ত ফুকন….
…..হায়দৰাবাদ বিশ্ববিদ্যালয়……
নিগৰি অহা চকুলো কিদৰে বাধা দিও?
আৱেগৰ বৈ যোৱা এখন নদী,
নদীৰ সিপাৰে সূৰ্য্যাস্তৰ হেঙূলীয়া বিষাদ।
ৰাতিবোৰ বৰ জটিল।
পাৰ নোহোৱা সময় আৰু দুখবোৰৰ শেষ নোহোৱা বিদ্বেষ।
দিনবোৰ বৰ কঠিন।
পোৱা নোপোৱাৰ, বুজা নুবুজাৰ, ধোঁৱা আৰু ধূলিৰ অৱশেষ।
এজাক বৰষুণৰ অপেক্ষা অন্তহীন।
যেন ধুৱাই লৈ যাব বেদনাৰ ধোঁৱা আৰু ধুলি।
যেন উটি যাব সকলো বিষাদৰ বিদ্বেষ।
যেন থাকি যাব মাথো এটা অপূৰ্ণ সপোন।
নীলা, ৰঙা, সেউজীয়া, হালধীয়া আৰু ৰামধেনুৰ সপোন।
নিগৰি অহা চকুলোৰ এজাক বৰষুণ।