……✍️চিমি কোঁৱৰ……
(১)
চহৰখন শূন্য
ইমান শূন্যতা
আমাৰ হজম নহয় ।
গছবোৰ মৃত …
আৰু অৰ্দ্ধমৃত
মুখাৰ আঁৰত লুকুৱাই ৰখা
হৃদয়বোৰো !!
এই অৰ্দ্ধমৃত হৃদয়েৰে কি কৰিব পাৰি ?
ইয়াৰ কৃত্ৰিম কোলাহলত
আমাৰ ঊশাহ বন্ধ হ’ব খোজে..
পৃথিৱীৰ অসুখ,হৃদয়বোৰ অসুখী
প্ৰতি দিনে ন ন ৰঙীন মুখা
মুখাৰ আঁৰত কত’ যে কাহিনী !
০০০০
(২)
আমি জীৱন ভালপোৱা মানুহ
সপোনৰ তীৰ্থত জিৰাওঁ,
সৰাপাতৰ বুকুত লিখি থোৱা বসন্তৰ ঠিকনা মেলি লওঁ …
বসন্তলৈ আৰু কিমান দূৰ ?
সংক্ৰমিত পৃথিৱীৰ এটা প্ৰান্তত ৰৈ
আকাশলৈ চাওঁ
কেলেণ্ডাৰৰ পাত লুটিয়াওঁ ..
এয়া আহাৰৰ দূপৰীয়া ।
বসন্তলৈ আৰু কিমানৰ বাট ?
০০০০
(৩)
এদিন আমি টোপনিৰ পৰা নতুনকৈ সাৰ পাম ..
বেয়া সপোন এটাৰ দৰে
এই বন্ধ্যা সময়বোৰ
পাহৰি পেলাম ।
মুখাবোৰ দলিয়াই হাঁহিবোৰ পিন্ধি ল’ম ।
চহৰৰ শেষৰখন চিটিবাছত উঠি ৰবীন্দ্ৰ ভৱনৰ পৰা উভটিম ..
বৰষুণত তিতিম ..
জালুকবাৰীত খোজকাঢ়িম ।
‘মেঘালী’ত বহিম মুখামুখিকৈ।
হোষ্টেললৈ খোজ ল’ম প্ৰতি গধুলি ।
ঊশাহত উজাই ল’ম হাচনাহানা ।
আগৰ দৰেই ।
ঠিক আগৰ দৰেই ।
মনৰ পৃথিৱীৰে … ।
০০০০
(৪)
যুদ্ধৰ শেষত
আমি আমাৰ কাষলৈ উভটিম ..
আধৰুৱা সপোনবোৰ একুৰিয়ামৰ পৰা মেলি দিম
আকাশত …!
কুঁহিপাত হৈ নতুনকৈ পোখা মেলিম ..
ফুল হৈ ফুলিম ।
যুদ্ধৰ শেষত নিজৰ কাষলৈ উভটি আহিম ।
০০০০
হে জীৱন
বিমুখ নকৰিবা
মোক ..
আমাক ..
এই পৃথিৱীক ।